Logo
image

বিদ্যুৎ মাচুল বৃদ্ধি, লোডশ্বেডিং

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ মে’: অনিয়মীয়া বিদ্যুৎ যোগান তথা অভাবনীয়ভাৱে বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত বৃহস্পতিবাৰে ৰাজ্যজুৰি বিক্ষোভ প্ৰদৰ্শন কৰে ছাত্ৰ সন্থাই৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে জিলাই জিলাই বিদ্যুৎ বিভাগৰ কাৰ্যালয়, উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাৰ হাজাৰ হাজাৰ কৰ্মীয়ে৷ হাতে হাতে প্লেকাৰ্ড, ফেষ্টুন লৈ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে ৰাজ্যৰ আকাশ বতাহ৷ উল্লেখ্য, সাগৰীয় ঘূৰ্ণি  শক্তি বিভাগৰ বিৰুদ্ধে ৰিমালৰ প্ৰভাৱত বিধবস্ত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন অঞ্চলত লোডশ্বেডিং কৰা হৈছে৷ বহু ঠাইত দুই তিনিদিন ধৰি ব্যাহত হৈ আছে বিদ্যুৎ সংযোগ৷ ফলত অবৰ্ণনীয় সমস্যাৰ সন্মুখীন হৈছে ৰাজ্যবাসী৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ৩ান মৰ্মে বিদ্যুতৰ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত বৃহস্পতিবাৰে পল্টনবজাৰস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিবাদী কাৰ্যসূচীৰ অংশৰূপে ছাত্ৰ সন্থাৰ নেতা-কৰ্মীয়ে শক্তিমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে৷ প্ৰতিকৃতি দাহ কাৰ্যত আৰক্ষী বাহিনীয়ে বাধা আৰোপ কৰাৰ তৎসত্বেও সন্থাৰ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ বিদ্যুৎ যোগানৰ বিভাগীয় কতৃৰ্পক্ষই উপস্থিত হৈ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ অসুবিধাৰ সমাধানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য জীতেন দাস, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উপদেষ্টা অলকেশ নাথ, উপদেষ্টা সমীৰণ কলিতাৰ লগতে বিভিন্ন আঞ্চলিক কমিটীৰ বিষয়বীয়া, সদস্য, বিভিন্ন মহাবিদ্যালয়-বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰে৷ এই সমস্যা যদি অতি সোনকালে সমাধানৰ পথ নলয় তেন্তে সন্থাৰ ফালৰ পৰা আৰু অধিক তীব্ৰতৰ প্ৰতিবাদ হ’ব বুলি সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি কমল মহন্ত আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল ডেকাই প্ৰতিবাদস্থলীতে ঘোষণা কৰে৷

শালবাৰীত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাৰ প্ৰতিকৃতি দাহ

‘আমাৰ অসম’ৰ আনন্দ বজাৰৰ প্ৰতিবেদক : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে শালবাৰী কেন্দ্ৰীয় ছাত্ৰ সন্থা, মানাহ আঞ্চলিক ছাত্ৰ সন্থা আৰু গাতি আঞ্চলিক ছাত্ৰ সন্থাই আজি শালবাৰী মহকুমা সদৰৰ তিনিআলি চ’কত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাৰ প্ৰতিকৃতি দাহ কৰি অসম শক্তি বিতৰণ নিগম লিমিটেড তথা শক্তি বিভাগৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে ৰাজ্যত বিদ্যুতৰ মাছুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত শালবাৰী মহকুমা সদৰত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাৰ প্ৰতিকৃতি দাহ কৰে৷ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদকাৰীয়ে মন্ত্ৰীগৰাকীৰ লগতে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা, অসম চৰকাৰ, বিজেপি দলৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি, চৰকাৰ বিৰোধী শ্লোগান সম্বলিত প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ দিনৰ এঘাৰ বজাৰ পৰা অনুষ্ঠিত এঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচীত বাগ্‌সা জিলা ছাত্ৰ সন্থাৰ সভাপতি জুবিন দাসে ভাষণ দি অসম চৰকাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাক  চোকা সমালোচনা কৰে৷

শক্তি বিভাগৰ বিৰুদ্ধে নগাঁও-কলিয়াবৰত আছুৰ প্ৰতিবাদ

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ : নিয়মীয়াকৈ ৰাইজক বিদ্যুৎ যোগানত ৰাজ্য চৰকাৰ আৰু শক্তি বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ তুলি আজি নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে৷ নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত সন্থাৰ সদস্যসকলে শক্তিমন্ত্ৰী মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, শক্তি বিভাগ হায় হায়, বিজেপি নেতৃত্বাধীন অসম চৰকাৰ গ’বেক আদি বিভিন্ন ধবনি দি পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰীসকলে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাৰ পুত্তলিকা দাহ কৰে৷ সন্থাৰ নেতৃত্বই কয় যে ৰাইজক নিয়মিতভাৱে বিদ্যুৎ যোগানত শক্তি বিভাগ চূড়ান্ত ব্যৰ্থ হৈছে৷ ২৪ ঘণ্টাই বিদু্যৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰে দিনটোত আঠ-ন ঘণ্টাও বিদ্যুৎ ভালকৈ যোগান ধৰিব নোৱাৰে৷ বৰষুণ দিলে দীৰ্ঘসময় ব্যাহত হৈ পৰে বিদ্যুতৰ যোগান৷ সন্থাই চৰকাৰক শীঘ্ৰে বিদু্যতৰ যোগান নিয়মীয়া কৰি ৰখাৰ দাবী জনায়৷ ইপিনে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই ‘স্মাৰ্ট মিটাৰ লগালেই নহ’ব, শক্তি বিভাগো স্মাৰ্ট হ’ব লাগিব’ –এই শ্লোগানেৰে কুঁৱৰীটোলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷

নলবাৰীত শক্তি বিভাগৰ জুমুঠি দাহ আছুৰ

‘আমাৰ অসম’ৰ নলবাৰীৰ বিশেষ প্ৰতিনিধি : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত আঞ্চলিক ছাত্ৰ সন্থাসমূহে আজি নিজ নিজ অঞ্চলত বিদ্যুতৰ মাছুল বৃদ্ধিৰ লগতে অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত শক্তি বিভাগৰ জুমুঠি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ নলবাৰী চহৰ, চামতা, বৰভাগ, খাটিকুছি, টিহু, বৰমা, ধমধমাকে ধৰি জিলাখনৰ বিভিন্ন স্থানত ছাত্ৰ সন্থাৰ নেতা-কৰ্মীসকলে শক্তি বিভাগৰ জুমুঠি দাহ কৰি প্ৰতিবাদ জনায়৷ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতা-কৰ্মীসকলে হাতে হাতে বেনাৰ, ফেষ্টুন, আছুৰ পতাকা লৈ মুখ্যমন্ত্ৰী হায় হায়, শক্তিমন্ত্ৰী হায় হায়, শক্তি বিভাগ হায় হায়, বিদু্যত মাছুল বৃদ্ধি ৰোধ কৰক, নিয়মীয়াকৈ বিদু্যৎ যোগান ধৰক, ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰা হ’ব বুলি কোৱা অসম চৰকাৰ হায় হায়, বিদ্যুৎ মাছুল ৰোধ কৰিব লাগিবই, বিজেপি চৰকাৰ হুচিয়াৰ, শক্তিমন্ত্ৰী মূৰ্দাবাদ, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ আদি বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে৷

ৰহাত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাৰ পুত্তলিকা দাহ

‘আমাৰ অসম’ৰ ৰহাৰ প্ৰতিবেদক : বিদ্যুতৰ মাছুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ সেৱাৰ বিৰুদ্ধে ৰহা আঞ্চলিক ছাত্ৰ সন্থাই আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ ছাত্ৰ সন্থাৰ সদস্যসকলে ৰহা বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত দুপৰীয়া সমৱেত হৈ বিদ্যুৎ বিভাগ হায় হায়, বিজেপি চৰকাৰ গ’ বেক, বিদু্যৎ যোগান নিয়মীয়া কৰক, বিদ্যুৎ মাছুল হ্ৰাস কৰক, আদি বিভিন্ন শ্ল’গানৰে পৰিৱেশ উত্তাল কৰি তোলে৷  লগতে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাৰ পুত্তলিকাও দাহ কৰে৷

সৰভোগত শক্তি বিভাগৰ প্ৰতিকৃতি দাহ আছুৰ

‘আমাৰ অসম’ৰ সৰভোগৰ প্ৰতিবেদক : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি সমগ্ৰ অসমৰ লগতে সৰভোগতো বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাই শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ অনিয়মীয়া বিদ্যুৎ যোগান আৰু অধিক হাৰত হোৱা বিদ্যুৎ মাছুল বৃদ্ধিৰ বাবে শ্বহীদ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা হয়৷ লগতে বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাই মূল্যবৃদ্ধিৰ বিৰুদ্ধেও আজি সৰৱ হোৱা দেখা যায়৷