Logo
image

অদ্ভূত শক্তিধৰ যুৱক অনায়াসে দাঙে ম’হ-ঘোঁৰা

আমাৰ অসম, ১৩ মাৰ্চঃ ইউক্ৰেইনৰ এজন ৪১ বছৰীয়া যুৱক৷ নাম তেওঁৰ ডিমিট্ৰ খালাডোজি৷ এই যুৱকৰ দেহত আছে অফুৰন্ত শক্তি৷ ঠিক যেন মহাকাব্য মহাভাৰতৰ ভীম৷ স্থানীয় বাসিন্দাসকলে ডিমিট্ৰক ভীম বুলিয়েই সম্বোধন কৰে৷ এখন চাৰ্কাছত কাম কৰা এই যুৱকজনে এহাতেৰে ১৫০ কিলোগ্ৰামতকৈও অধিক ওজন অনায়াসে দাঙিব পাৰে৷ শেহতীয়াকৈ এটা পূৰ্ণবয়স্ক ঘোঁৰা কাৰো সহায় নোলোৱাকৈ যুৱকজনে নিজৰ কান্ধত তুলি লোৱা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ ইয়াৰ পূৰ্বে পূৰ্ণবয়স্ক মহ এটা অনায়াসে দাঙি ধৰি নিজৰ শক্তিৰ পৰিচয় দিছে৷ তদুপৰি ডিমিট্ৰই ইতিমধ্যেই গীনিজ বুক অব ৱল্ডৰ্ ৰেকৰ্ডত নিজৰ নাম অন্তভুৰ্ক্ত কৰিবলৈ সক্ষম হৈছে৷