Logo
image

কাজিৰঙাত পৰ্যটক বৃদ্ধি, উপাৰ্জনো বাঢ়িছে

‘আমাৰ অসম’ৰ কাজিৰঙাৰ প্ৰতিবেদক, ৩১ মে’: বিশ্বৰ সৰ্বাধিক এটা খৰ্গ থকা গঁড়ৰ বাসস্থান তথা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল ২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে আজি দৰ্শনাৰ্থীৰ বাবে অন্ত পৰিব৷ বহু ঘটনা-পৰিঘটনাৰ মাজেৰে ২০২৩-২৪ পৰ্যটন বৰ্ষ কাইলৈ সমাপন ঘটিব যদিও এই পৰ্যটন বৰ্ষত কেইবাটাও গুৰুত্বপূৰ্ণ তথা উল্লেখনীয় কাৰ্য সমাপন হয়৷ পহিলা মে’ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত পৰ্যটকৰ সুবিধাৰ্থে থকা এলিফেণ্ট ছাফাৰী বন্ধ হোৱাৰ পিছত জীপ ছাফাৰী চলি আছিল যদিও কাইলৈ ২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে অন্তিম দিন হৈ পৰিব৷ কাৰণ আগন্তুক পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষই উদ্যান মুকলি কৰাৰ নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত পৰ্যটকৰ বাবে উদ্যানৰ দ্বাৰ বন্ধ থাকিব৷ এইবাৰ পৰ্যটন বৰ্ষত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপ্ৰধান দ্ৰৌপদী মুৰ্মুৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰাটো এক উল্লেখযোগ্য ঘটনা আছিল৷ আনহাতে, বিখ্যাত ফুটবলাৰ বাইচুং ভূটীয়াই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভ দৰ্শন কৰা ঘটনাইও সুকীয়া মাত্ৰা প্ৰদান কৰিছিল ৰাষ্ট্ৰীয় উদ্যানখনক৷ ইফালে, ৰাষ্ট্ৰীয় উদ্যানখনত গঁড়, হাতী, বাঘ, দুষ্প্ৰাপ্য দ’ল হৰিণা, সৰ্বাধিক এছিয়ান ম’হৰ উপৰিও জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ মনোমোহা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি দেশ-বিদেশৰ পৰ্যটকে যি ধৰণে আনন্দ উপভোগ কৰিছিল ঠিক তাৰ বিপৰীতে গঁড়ে মাজে-মধ্যে পৰ্যটকৰ জীপছী গাড়ীলৈ আক্ৰমণাত্মক ৰুপ ধাৰণ কৰিও আন এক আমোদ দিছিল৷ ইফালে চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভত মাটি গাহৰি আৰু দীঘলনেজীয়া নিগনিৰ আৱিষ্কাৰে ৰাষ্ট্ৰীয় উদ্যানখনক আন এক মাত্ৰা প্ৰদান কৰিছে৷ উল্লেখ্য এইবাৰৰ পৰ্যটন বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনলৈ পৰ্যটকৰ আগমনে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হয়৷ বিভাগীয় তথ্যৰ পৰা জানিব পৰা মতে, ১৯ বছৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ আহিছিল মাত্ৰ ১৮,৩৮২ গৰাকী পৰ্যটক কিন্তু ২০২৩-২৪ পৰ্যটন বৰ্ষত মুঠ ৩,২৭,৪৯২ গৰাকী পৰ্যটকে উদ্যান দৰ্শন কৰে৷ ইয়াৰে ৩,১৩,৫৭৪ গৰাকী দেশী আৰু ১৩,৯১৯ গৰাকী বিদেশী পৰ্যটকে উদ্যান দৰ্শন কৰাত কতৃৰ্পক্ষই মুঠ ৮,৮১,৮৪,১৬১ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয় বুলি তথ্যৰ পৰা জানিব পৰা গৈছে৷ উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভৰ কাজিৰঙা পূব অসম বন সংমণ্ডলে ৩,২০,৯৬১ গৰাকী পৰ্যটকৰ পৰা ৮,৬৯,৪৮,৩৫১ টকা, নগাঁও বন সংমণ্ডলে ৩,৪৮৪ গৰাকী পৰ্যটকৰ পৰা ৬২,৪০০ টকা আৰু বিশ্বনাথ বন সংমণ্ডলে ৩,০৮৪ গৰাকী পৰ্যটকৰ পৰা ১৬,১১,৮১০ টকা ৰাজহ সংগ্ৰহ কৰিছে৷ উল্লেখ্য, ২০২২-২৩ পৰ্যটন বৰ্ষত ৩,১৪,৭৯৬ গৰাকী পৰ্যটকৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষই ৮,৩৩,৮৫,৮৪৩ টকাৰ ৰাজহ সংগ্ৰহ কৰিছিল যদিও এইবাৰ পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি বিগত পৰ্যটন বৰ্ষৰ তুলনাত ১২,৬৯৭ গৰাকী অতিৰিক্ত পৰ্যটকৰ পৰা অতিৰিক্তভাৱে ৪৭,৯৮,৬৭৮ টকাৰ ৰাজহ সংগ্ৰহ কৰি উদ্যান কতৃৰ্পক্ষই অভিলেখ সৃষ্টি কৰিছে৷ গুৰুত্বপূৰ্ণ কথা যে চলিত পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষই ইংলেপথাৰ পাৰিপাশ্বিৰ্ক উন্নয়ন সমিতিৰ সহযোগত কাৰ্বি পাহাৰ আৰু সেউজ চাহ বাগিছাত চাইক্লিং, পানবাৰী আৰু বুঢ়াপাহাৰৰ চিৰাঙত ট্ৰেকিং তথা জনগোষ্ঠীয় খাদ্য আদিৰ ব্যৱস্থা কৰাত পৰ্যটকে এই ব্যৱস্থা গ্ৰহণ কৰি আনন্দিত হৈ পৰিছিল৷ ইয়াৰ উপৰিও ব্ৰহ্মপুত্ৰত নৌকা বিহাৰ, ৰিভাৰ ডলফিন দৰ্শন পৰ্যটকৰ বাবে আন এক আমোদজনক ব্যৱস্থা কৰাত পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি পাইছিল বুলি উদ্যান কতৃৰ্পক্ষই মত প্ৰকাশ কৰে৷