Logo
image

সাৱধান! খালী পেটত লিচু নাখাব

গ্ৰীষ্মৰ সুস্বাদু ফল লিচু৷ ৰঙা ৰঙৰ এইবিধ ৰসাল ফল যিমান সুস্বাদু সিমানেই স্বাস্থ্যকৰো৷ লিচুত ভিটামিন চি, ফাইবাৰ, এণ্টি অক্সিডেণ্টৰ দৰে ভিটামিন আৰু পুষ্টিকৰ উপাদান আছে৷ চমৎকাৰ ফল হিচাপে বিবেচিত লিচু সকলো সময়তে খোৱাটো উচিত নহয়৷ নেশ্যনেল ইনষ্টিটিউট অৱ হেল্‌থৰ ৰিপ’ৰ্ট অনুসৰি লিচুত মিথিলিন চাইক্লুপ্ৰোপাইল- গ্লাইচিন নামৰ এবিধ ট’ক্সিন পোৱা যায়৷ ৰিপ’ৰ্ট অনুসৰি ১৯৯৫ চনত  বিহাৰত লিচু খোৱাৰ কাৰণে একাধিক শিশুৰ মৃত্যু হোৱা বুলি  বাতৰিত প্ৰকাশ৷  

# খালী পেটত লিচু খোৱাটো বিপজ্জনক 

লিচু কেতিয়াও খালী পেটত অধিক পৰিমাণে খোৱাটো উচিত নহয়৷ ফলবিধত থকা ট’ক্সিনৰ কাৰণে শৰীৰৰ ছুগাৰলেভেল দ্ৰুতভাৱে কমি যায়৷ তদুপৰি বমি হোৱাৰ  লগতে মৃগী ৰোগীৰ ক্ষেত্ৰত মৃত্যুৰ আশংকাও থাকে৷ লিচুত পোৱা ট’ক্সিনে এনকেফেলাইটিছ নামৰ মাৰাত্মক ৰোগ সৃষ্টি কৰে৷ 

# দিনে কেইটা লিচু খোৱা উচিত

দিনে ৬-৭ টা লিচু খোৱাটো স্বাস্থ্যৰ কাৰণে উপকাৰী৷কিন্তু আপুনি যদি কোনো ৰোগৰ ঔষধ খাইছে তেতিয়াহ’লে লিচু খোৱাৰ আগতে চিকিৎসকৰ সৈতে পৰামৰ্শ লৈহে এইবিধ ফল খাব৷ 

# লিচুৰ ক্ষতিৰ পৰা কেনেদৰে হাত সাৰিব

লিচুৰ ক্ষতিৰ পৰা হাত সৰাৰ সৰ্বোত্তম উপায় হ’ল এক নিয়ন্ত্ৰিত পৰিমাণে এইবিধ ফল খাব লাগে৷ লিচু খাওতে খেয়াল ৰাখিব লাগে যাতে ফলবিধ সম্পূৰ্ণ পকা হয়৷ ৰোজা থকা সময়ত বা খালী পেটত এইবিধ ফল নাখাব৷ 

# লিচুত বিভিন্ন ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে

লিচুৱে বহুক্ষেত্ৰত শৰীৰৰ উপকাৰো সাধে৷ লিচুত ৰসৰ পৰিমাণ অধিক৷ লিচুত কম পৰিমাণে প্ৰ’টিন আৰু কাৰ্বহাইড্ৰেট থাকে৷ লিচু এইকাৰণেই উপকাৰী যে এইবিধ ফলত ফেট নাথাকে৷ প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ যেনে– মেংগানিজ, আইৰণ, ফলিক এচিদ, কপাৰ, কেলছিয়াম, পটাছিয়াম, মেগনেছিয়াম আদি থাকে৷ লিচুত এপিকেচিন আৰু ৰুটিন নামৰ দুবিধ এণ্টি অক্সিডেণ্ট উপাদান পোৱা যায়৷ লিচুত বিভিন্ন ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে৷ এইবিধ ফলে কোষ্ঠ কাঠিন্য সমস্যা প্ৰতিৰোধ কৰে৷ লিচুৱে কেন্সাৰ প্ৰতিৰোধত সহায় কৰাৰ লগতে ছালৰ উজ্জ্বলতা বঢ়ায়৷