Logo
image

সামাজিক মাধ্যমত জুৱাৰ এপ প্ৰচাৰঃ 'আছাম জেট' খ্যাত চৰকাৰী শিক্ষক তথা ইউটিউবাৰ লাবুমণিলৈ দৰ্শোৱাৰ জাননী

'আমাৰ অসম'ৰ মৰিগাঁৱৰ প্ৰতিনিধি, ৩১ মে': সামাজিক মাধ্যমত জুৱা খেলৰ প্ৰচাৰ কৰি সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা 'আছাম জেট' খ্যাত মৰিগাঁৱৰ ইউটিউবাৰ তথা আঁহতগুৰিৰ এখন চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষক লাবুমণি আমচঙলৈ মৰিগাঁও জিলা শিক্ষা বিভাগে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে। বিভাগীয়ভাৱে এই জাননী লাবুমণিলৈ প্ৰেৰণ কৰা হৈছে বুলি মৰিগাঁও জিলা প্ৰশাসনৰ এক উচ্চস্তৰীয় সূত্ৰই সদৰি কৰিছে।আছাম জেট নামৰ ফেচবুক পেজ আৰু ইউটিউব চেনেল খুলি জুৱা এপৰ প্ৰচাৰ চলোৱাৰ অভিযোগ শিক্ষক তথা ইউটিউবাৰ লাবুমণিৰ বিৰুদ্ধে৷


এই কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰত সঠিক তথা গ্ৰহণযোগ্যতা নাথাকিলে লাবুমণিৰ ওপৰত নিলম্বনৰ দৰে কঠোৰ শাস্তি গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। উল্লেখ্য যে বীৰাংগনা পাপৰি কলিতাৰ ওপৰত বিভাগীয়ভাৱে কঠোৰ শাস্তি গ্ৰহণ কৰাৰ পাছত মৰিগাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক লাবুমণিৰ আমচঙৰ বিৰুদ্ধেও কঠোৰ শাস্তি গ্ৰহণ কৰাৰ পোষকতা কৰিছে সচেতন মহলে। সামাজিক মাধ্যমত ইতিমধ্যে এক তীব্ৰ গণমতৰ সৃষ্টি হোৱাৰ লগতে সকলোবোৰ প্ৰমাণ থকাৰ পাছতো লাবুমণিৰ ওপৰত কিয় কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে বিভিন্ন মহলে। ইউটিউবত জুৱাৰ অবাধ প্ৰচাৰ কৰিও বুকু ফিন্দাই থকা ইউটিউবাৰ তথা শিক্ষক লাবুমণিয়ে কাৰন দৰ্শোৱাৰ জাননীৰ উত্তৰ কিদৰে দিয়ে সেয়াহে লক্ষণীয় হ'ব৷