Logo
image

বানত কক্‌বকাইছে ৰাজ্যই, মৃতৰ সংখ্যা ৮লৈ বৃদ্ধি

‘আমাৰ অসম’ৰ শিলচৰ আৰু হাইলাকান্দিৰ প্ৰতিনিধি, ১ জুনঃ ৰাজ্যৰ বান পৰিস্থিতি জটিল হৈয়েই আছে৷ বানত কক্‌বকাইছে ৰাজ্যৰ বিভিন্ন ঠাইৰ লাখ লাখ লোকে৷ চৰকাৰী তথ্য মতে, শুকুৰবাৰে নিশাপৰ্যন্ত বানত মৃত্যু হৈছে আঠজন লোকৰ৷ শেহতীয়াকৈ কপিলীৰ ধলে উটুৱাই নিছে দুজন যুৱকক৷ পশ্চিম কাৰ্বি আংলঙৰ সাতগাঁৱত বৃহস্পতিবাৰে নিশা এজন যুৱকক বানে উটুৱাই নিয়ে৷ হাইলাকান্দিত নৈত উটি গৈছে এটি শিশু৷ সমনীয়াৰ সৈতে শুকুৰবাৰে পুৱা পথৰ দাঁতিত খেলি থকাৰ সময়তে প্ৰবল সোঁতে উটুৱাই নিয়ে ধ্ৰুৱজিৎ দাস নামৰ সাত বছৰীয়া শিশুটিক৷ কিছু সময় পাছতে শিশুটোৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ পাঁচগ্ৰাম কালীনগৰ ষষ্ঠ ব্লকৰ সীতাংশু দাসৰ পুত্ৰ কণমানি ধ্ৰুৱজিতৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে৷ ৰাজ্যৰ বিভিন্ন ঠাইত নৈ-উপনৈসমূহৰ পানী বৃদ্ধি পোৱাৰ লগতে কৃত্ৰিম বানৰো প্ৰকোপ চৰিছে৷ ঠায়ে ঠায়ে ভূমিস্খলন হৈছে৷ ঘৰ-বাৰী, খেতিপথাৰ আদি জলমগ্ন হৈছে৷ মানুহৰ লগতে পশুধনৰো বিলাই-বিপত্তিৰ সীমা নোহোৱা হৈছে৷ ইফালে, শুকুৰবাৰে পুৱা পুনৰ শিলচৰ-কালাইন পথৰ তাৰাপুৰ শিৱবাৰী পথৰ লগতে নদীৰ পানী আৰু মথাউৰিৰ পৰিস্থিতি পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ ভ্ৰমণৰ সময়ত তেওঁ কয় যে আগন্তুক দহদিনৰ ভিতৰত শিলচৰ-কালাইন পথৰ তাৰাপুৰ শিৱবাৰী পথৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব৷ ইয়াত গড়কাপ্টানী বিভাগে ২১০ মিটাৰ এলিভেটেড ৰোড নিৰ্মাণ কৰিব৷  পথৰ সমান্তৰালকৈ নদী বান্ধৰ সমস্যা আৰু নাথাকিব৷ এই চৰকাৰখনে বানত আক্ৰান্তৰ সমস্যা সমাধানৰ বাবে চেষ্টা চলাই আছে৷ দহদিনৰ ভিতৰত পথ নিৰ্মাণ আৰম্ভ হ’ব৷ তেওঁ কয়– প্ৰতিটো বিভাগে বানৰ সময়ত বান নিয়ন্ত্ৰণৰ বাবে দিনে-নিশাই কাম কৰি আছে৷ এতিয়ালৈ কাছাৰত কোনো ধৰণৰ মথাউৰি ভঙা নাই৷ ৰিমালৰ প্ৰভাৱত বৰাক নদীৰ পানী বিপদসীমাৰ ওপৰৰে বৈছে৷ বাঢ়নী পানী দুই -তিনিদিনৰ কমিব৷ বৰাক উপত্যকাত প্ৰৱল বৰষুণৰ দ্বাৰা প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰি মন্ত্ৰী হাজৰিকাই কয়– ১৫ দিনৰ ভিতৰত সকলো ক্ষতিগ্ৰস্ত মথাউৰি পুননিৰ্মাণ কৰা হ’ব৷ মন্ত্ৰীজনৰ সৈতে শিলচৰৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তী আৰু লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়ৰ লগতে বিভাগীয় বিষয়াসকল বান পৰিস্থিতিৰ বুজ লয়৷ ইপিনে বৰাক উপত্যকাৰ সৈতে বহিঃৰাজ্যসহ গুৱাহাটীৰে  যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে৷ একমাত্ৰ বিমান সেৱা চলিছে যদিও ভাৰা তিনিগুণ বৃদ্ধি পাইছে৷ শিলচৰ, কাছাৰ জিলাত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি৷ লাখতকৈ বেছি পোহনীয়া পশুধন ক্ষতিগ্ৰস্ত হৈছে আৰু ১৫২৩ হেক্টৰ শস্যভূমি বানত ডুব গৈছে৷ শিলচৰ অন্নপূৰ্ণা ঘাটত বৰাক নৈৰ জলপৃষ্ঠ ২১ঃ৫৪ মিটাৰ ওপৰৰে বৈ আছে৷ ইয়াত বিপদসীমা ১৯ঃ৮৩ ছেণ্টিমিটাৰ৷ জিলাখনৰ মুঠ ১৫০খন ৰাজহ গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে৷  ইয়াৰ ভিতৰত উদাৰবন্দ ৰাজহ চক্ৰৰ ২৩খন ৰাজহ গাঁও, শিলচৰৰ ৩২খন, সোণাইৰ ১৬খন, লক্ষীপুৰৰ ৪খন আৰু কাটিগড়া ৰাজহ চক্ৰৰ ৭৫খন ৰাজহ গাঁও বানত ডুব গৈছে৷ মুঠতে বানাক্ৰান্ত লোকৰ সংখ্যা ১,০২,২৪৬ জন৷  ইয়াৰে ৪৪,২৭৫জন পুৰুষ, ৪৩,৬৪৪ গৰাকী মহিলা আৰু ১৪,৩২৭ টা শিশু৷ ইতিমধ্যে জিলাখনৰ ৫১টা আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে বানাক্ৰান্তই৷ শিলচৰ আৰু কাটিগৰাত বানে ভয়াৱহ ৰূপ লৈছে৷ মন্ত্ৰী হাজৰিকাই কয়– বানত ক্ষতিগ্ৰস্তসকলে আবেদন কৰিব লাগিব৷  জিলা প্ৰশাসনৰ ৰাহাট এপৰ জৰিয়তে আবেদন কৰিব পাৰিব৷ ইফালে, জিলা পশুপালন আৰু চিকিৎসা বিভাগৰ বিষয়া জিতেন্দ্ৰ ভূঞাই কয় যে কাছাৰ জিলাত অধিক গো-ধন ক্ষতিগ্ৰস্ত হৈছে৷  তেওঁ কয়– আজিৰে পৰা গো-খাদ্য বিতৰণ কৰা হ’ব৷ প্ৰথম পৰ্যায়ত ২৫৬ কুইণ্টল পশু খাদ্য আৱণ্টন দিয়া হৈছে৷

হাইলাকান্দিত বানত মৃত্যু আন এটি শিশুৰ

‘আমাৰ অসম’ৰ হাইলাকান্দিৰ প্ৰতিনিধি, ১ জুনঃ হাইলাকান্দিত শুকুৰবাৰে পুনৰ কাটাখাল নৈৰ কোবাল সোঁতত উটি গৈ মৃত্যু হয় এটি ৭ বছৰীয়া শিশুৰ৷ মৃত শিশুটিৰ নাম ধ্ৰুৱজ্যোতি দাস৷ স্থানীয় কালীনগৰ ষষ্ঠ খণ্ডত সংঘটিত হৈছে এই ঘটনা৷ খবৰ অনুসৰি, শুকুৰবাৰে পুৱা শিতাংশু ৰঞ্জন দাস নামৰ এগৰাকী ব্যক্তিৰ দুই পুত্ৰ ক্ৰমে কুনাল দাস (১৩) আৰু ধ্ৰুৱজ্যোতি দাস (৭) কাটাখাল নৈৰ সোঁতত উটি যায়৷ ওচৰত থকা লোকসকলে কোনোমতে কুনালক বচাবলৈ সক্ষম হলেও ধ্ৰুৱজ্যোতি  সন্ধানহীন হৈ পৰে৷ পিছত খবৰ দিয়া হয় এছডিআৰএফক৷ এছডিআৰএফৰ জোৱানসকল ঘটনাস্থলীত উপস্থিত হৈ প্ৰায় চাৰি ঘণ্টা অভিযান চলাই অৱশেষত উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ এলেকাটোত শোকে বিৰাজ কৰিছে৷ ইপিনে, হাইলাকান্দিত মাত্ৰ দুই দিনত তিনিটাকৈ সলিল সমাধিৰ ঘটনা সংঘটিত হোৱাৰ পিছত অৱশেষত সজাগ হৈছে জিলা প্ৰশাসন৷ শুকুৰবাৰে হাইলাকান্দি জিলা দুৰ্যোগ শাখাই জনসাধাৰণক সাঁতোৰ, মাছ ধৰা, ৱাটাৰ ৰাফটিং, বানৰ পানীত গছৰ অৱশিষ্ট আৰু বাঁহ ধৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে৷ জিলাখনৰ দুৰ্যোগ শাখাই বিভিন্ন প্ৰান্তত মাইকযোগে প্ৰচাৰ চলাই জনসাধাৰণক এই বিষয়ে সতৰ্ক থাকিবলৈ আহ্বান জনাইছে৷


আনক সহায় কৰিবলৈ গৈ বানত মৃত্যু যুৱকৰ

‘আমাৰ অসম’ৰ ডিফুৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ ৰিমালৰ প্ৰভাৱ এতিয়া নাইকিয়া হৈছে৷ কিন্তু আজিও বানত আৱদ্ধ হৈ আছে বহুকেইখন গাঁও৷ বৃহস্পতিবাৰে নিশা পশ্চিম কাৰ্বি আংলং জিলাৰ সাতগাঁৱত সংঘটিত হয় এক শোকাৱহ ঘটনা৷ বানৰ কৱলত পৰা চুবুৰীয়াক উদ্ধাৰ কৰাৰ পাছত নিজৰ ঘৰৰ হাঁহকেইটাক উদ্ধাৰ কৰিবলৈ গৈ নিশা ২ বজাত বানত উটি যায় স্নাতক শ্ৰেণীৰ ছাত্ৰ ৰবীন তেৰাং৷ সাংবাদিক জয়ছিং তেৰাঙৰ পুত্ৰ ৰবীনৰ মৃতদেহ শুকুৰবাৰে দুপৰীয়া উদ্ধাৰ কৰা হয়৷ এই ঘটনাই সমগ্ৰ কাৰ্বি আংলং জিলাত শোকৰ ছাঁ পেলাইছে৷ আনহাতে, বৰ্তমান বৰষুণ নাই বাবে বানপানী কমিছে৷ তথাপি পশ্চিম কাৰ্বি আংলং জিলাৰ চেনচেংবিল, ৰেবা বালি আদি এলেকা আজিও পানীৰ তলতে আছে৷ হাফলং-শিলচৰ পথ আজি গাড়ীৰ চলাচলৰ বাবে মুকলি কৰি দিয়া হৈছে৷ এই পথ মুকলি কৰিছে পৰিষদৰ কাৰ্যবাহী সদস্য অমেন্দু হোজায়ে৷ বিগত ছদিন পথটো বন্ধ হৈ থকাত ট্ৰাকচালক আৰু বাছযাত্ৰীৰ দুৰৱস্থাই চৰম সীমা পাইছে৷ এইকেইদিন ওচৰৰ গাৱঁৰ ৰাইজে তেওঁলোকক খোৱা-বোৱা যোগান  ধৰি আছে৷ উত্তৰ কাছাৰ পাহাৰ স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অমেন্দু হোজায়ে নিজৰ উদ্যোগত পথটো মুকলি কৰাৰ বাবে কালিৰ পৰা কাম কৰি শুকুৰবাৰে বিয়লি মুকলি কৰে৷

যমুনামুখত বানত আৱদ্ধ বহু পৰিয়াল

‘আমাৰ অসম’ৰ মোৰাঝাৰৰ প্ৰতিবেদকঃ বিগত দুদিন ধৰি অপৰিৱৰ্তিত হৈ আছে যমুনামুখৰ বান পৰিস্থিতি৷ যোৱা নিশা বানত ডুব যায় সৰুপথাৰ-যমুনামুখ পথটো৷ যাৰ ফলত যোগাযোগ বিচ্ছিন্ন হৈ একপ্ৰকাৰ দ্বীপলৈ পৰ্যৱসিত হৈছে যমুনামুখ নগৰসহ দাঁতিকাষৰীয়া অঞ্চলসমূহ৷ উল্লেখ্য, কপিলীৰ বিধবংসী বানে প্ৰতি মুহূৰ্ততেই প্লাৱিত কৰিছে যমুনামুখৰ ন ন অঞ্চল৷ নতুনকৈ বানত বুৰিছে যমুনামুখৰ দহৰ পৰা বাৰখন গাঁও৷ পানীৰ সোত আৰু অধিক বৃদ্ধি পোৱাত সৰুপথাৰ-যমুনামুখ পথত এবুকু পৰ্যন্ত পানী বৈছে৷ বিগত দুদিন ধৰি হোজাই ৰাজহ চক্ৰ এলেকাৰ শ’লমাৰী, হায়ং গাঁও, হায়ংবস্থি বাৰফুঠি, বালিৰাম পথাৰ, নাওবঙা, কেন্দুগুৰি, পশ্চিম যোগীজান অঞ্চল ভয়াৱহভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ পিছত ডবকা ৰাজহ চক্ৰৰ নতুনকৈ পানীত ডুব যোৱা অঞ্চলবোৰ হৈছে বিন্নাকান্দি, বেদৌআটী, পাতিদয়া, পঠীয়াপাম, ডেকেৰুৱা, নগাইয়াপাম, চাৰলক, বগুৰীসহ বিস্তীৰ্ণ অঞ্চল৷ অৱশেষত এছডিআৰএফে যমুনামুখৰ দুৰ্গম অঞ্চলবোৰত অভিযান চলাই আৱদ্ধ হৈ থকা শ শ পৰিয়ালক উদ্ধাৰ কৰে৷ হোজাইৰ এছ পি সৌৰভ গুপ্তাই নিজে যমুনামুখত উপস্থিত থাকি উদ্ধাৰ অভিযানৰ তদাৰক কৰে৷

যমুনামুখত আশ্ৰয় শিবিৰত খাদ্যসংকট

‘আমাৰ অসম’ৰ ডবকাৰ প্ৰতিবেদকঃ কপিলী, নিখাৰি, যমুনা নৈৰ সংহাৰী বানে তাণ্ডৱ চলাইছে হোজাই জিলাত৷ জিলাখনৰ শতাধিক গাঁও ইতিমধ্যে পানীৰ তলত ডুব গৈছে৷ লক্ষাধিক লোক আক্ৰান্ত হৈছে৷ ৩০ মে’লৈ ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকাৰীয়ে প্ৰস্তুত কৰা তথ্য অনুসৰি লংকা ৰাজহ চক্ৰৰ ৫খন গাঁও, ডবকা ৰাজহ চক্ৰৰ ৭খন গাঁও আৰু হোজাই ৰাজহ চক্ৰৰ ১৬খন গাঁও প্লাৱিত হৈছে৷ বানত মুঠ ২২,০৫৮জন লোক আক্ৰান্ত হৈছে৷ ৩০ মে’লৈকে জিলাখনত মুঠ ৯ টা শিবিৰ পতা হৈছে৷ শিবিৰত ১৯,৬৪৬ গৰাকী লোকে আশ্ৰয় লৈছে৷ হোজাইত ইতিমধ্যে বানত সৰু-বৰ ৯৪৪টা পশুধন আক্ৰান্ত হৈছে৷ চৰকাৰীভাৱে স্থাপন কৰা শিবিৰত ২১৮ কুইণ্টল চাউল, ৪০ঃ২৮ কুইণ্টল দাইল, ১০ঃ১৬ কুইণ্টল নিমখ আৰু ১০১৬ঃ৬ লিটাৰ মিঠাতেল বিতৰণ কৰা হৈছে৷ বানে সংহাৰী ৰূপ লোৱাত বন্যাৰ্তৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ ডবকা ৰাজহ চক্ৰৰ যমুনামুখ, নগঞাপাম, ডেকেৰুৱা, কমাৰগাঁও, কাঠকটীয়া ভকতগাঁও, চাংজুৰাই, পটিয়াপাম, বালিৰাম, বিন্নাকান্দি, জংগলব্লক, ডেকেৰুৱা, চাৰ্লক আদি গাঁওবোৰ সম্পূৰ্ণ ৰূপে বানত ডুব গৈছে৷ যমুনামুখ প্ৰাথমিক চিকিৎসালয়, আৰক্ষী থানাকে ধৰি স্কুল-কলেজবোৰ পানীত ডুব গৈছে৷ সম্প্ৰতি ডেকেৰুৱা অঞ্চলত ৰাইজে শিবিৰ পাতি আশ্ৰয় লৈছে যদিও শিবিৰবোৰত দিয়া হোৱা নাই সাহায্য৷ ফলত ডেকেৰুৱা আশ্ৰয় শিবিৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷