Logo
image

শিৰনত নকৰোঁ! জে’ললৈ বুলি সাজু হ’ল কেজৰিৱাল

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১ জুন’ : বিজেপিৰ ওচৰত শিৰনত নকৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷ তাকে প্ৰতিপন্ন কৰি উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশত অহা দেওবাৰে তিহাৰ কাৰাগাৰত আত্মসমৰ্পণ কৰিব কেজৰিৱালে৷ লোকসভা নিৰ্বাচনৰ প্ৰক্ৰিয়াত অংশ লোৱাৰ সুযোগ দি উচ্ছতম ন্যায়ালয়ে কেজৰিৱালক প্ৰদান কৰা অন্তৰ্ৱৰ্তীকালীন জামিনৰ ম্যাদ কাইলৈ শনিবাৰে শেষ হ’ব৷ তেওঁ এসপ্তাহ জামিনৰ ম্যাদ বৃদ্ধি কৰিবলৈ উচ্ছতম ন্যায়ালয়ত আবেদন জনালেও সৰ্বোচ্ছ আদালতে সেই আবেদন গ্ৰহণ নকৰিলে৷ ফলত যোৱা ১০ মে’ত প্ৰদান কৰা অন্তৰ্ৱৰ্তীকালীন ২১ দিনৰ জামিনৰ ম্যাদ ৰ জুনত শেষ হ’লে কেজৰিৱালে পু¸নৰ তিহাৰ কাৰাগাৰত আত্মসমৰ্পণ কৰাৰ গত্যন্তৰ নাথাকিব৷ স্মৰ্তব্য, যোৱা ১১ মাৰ্চত ইডিয়ে অৰবিন্দ কেজৰিৱালক দিল্লীৰ আবকাৰী নীতি দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল৷ দুবাৰকৈ জিম্মাত ৰাখি ইডিয়ে জেৰা কৰাৰ পাছত কেজৰিৱালক কাৰাবন্দী কৰি ৰখা হৈছিল তিহাৰ কাৰাগাৰত৷ পিএমএল এ অৰ্থাৎ আৰ্থিক কেলেংকাৰি [প্ৰতিৰোধ] আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা কেজৰিৱালৰ জামিন সুদূৰ পৰাহত৷ এতিয়াও মুখ্যমন্ত্ৰীৰ দায়িত্বৰ পৰা পদত্যাগ নকৰা কেজৰিৱালক ইতিপূৰ্বে ক্ষমতালোভী বুলি সৰ্বোচ্ছ আদালতে ভৎৰ্সনাও কৰিছে৷

আত্মসমৰ্পণৰ বাবে দুটা নিশা বাকী থকা অৱস্থাত শুকুৰবাৰে কেজৰিৱালে কয় যে, কোনো হেঁচাৰ সন্মুখত তেওঁ শিৰনত নকৰে৷ এখন সংবাদ মেলত তেওঁ কয়– ‘এইবাৰ মোক কিমান দিন বন্দী কৰি ৰাখে নাজানো৷ ইয়াৰ কোনো নি(য়তা নাই৷ দেশক স্বৈৰাচাৰী নেতাৰ শাসনৰ পৰা মুক্ত কৰাৰ বাবে মই যুঁজত নামিছো, যুদ্ধ অব্যাহত আছে৷ তেওঁলোকে মোক, আমাৰ দলক ধবংস কৰাৰ বাবে অহৰ্নিশে চেষ্টা চলাই আছে৷ কাৰাগাৰতো মোক তেওঁলোকে ঔষধ বন্ধ কৰি, ইনছুলিন বন্ধ কৰি অত্যাচাৰ চলাইছে৷ কিন্তু মই সেই হেঁচাৰ ওচৰত নতি স্বীকাৰ নকৰো৷’ তেওঁ পুনৰ কয়– ‘তেওঁলোকে কিয় মোক এনে কৰিছে নাজানো৷ কাৰাগাৰলৈ যাওঁতে মোৰ ওজন আছিল ৭০ কেজি৷ এতিয়া ওজন ৬৪ কেজি৷ চিকিৎসকৰ মতে এয়া গুৰুতৰ ৰোগৰ লক্ষণ৷ তাৰ পৰীক্ষা কৰা বাকী থাকিল৷ ২ জুনত মই বিয়লি ৩ বজাত কাৰাগাৰত আত্মসমৰ্পণ কৰিম৷ কিন্তু কাৰাগাৰৰ বাহিৰতে থাকো বা ভিতৰতে থাকো, দিল্লীৰ উন্নয়নৰ কাম কৰি যাম৷’

উল্লেখ্য, কেজৰিৱালে এইবাৰ স্থায়ী জামিন বিচাৰি ৰাউছ এভিনিউ আদালতত আবেদন জনাইছে৷ সেই আদালতত আবকাৰী নীতি দুৰ্নীতিৰ গোচৰ বিচাৰাধীন হৈ আছে৷ শুকুৰবাৰে তেওঁ দিল্লীবাসীক নিজৰ বৃদ্ধ পিতৃ-মাতৃৰ খবৰ ৰাখিবলৈ অনুৰোধ জনায়