Logo
image

মাছৰ অকটা গোন্ধ এইদৰে আঁতৰাওক

খাদ্যগুণেৰে ভৰপুৰ মাছ প্ৰায়ভাগৰেই প্ৰিয়৷ মাছভেদে ৰান্ধনিয়ে ব্যঞ্জনো প্ৰস্তুত কৰে বিধে বিধে৷ পিছে মাছ যিমানেই সোৱাদযুক্ত নহওক কিয়, কেঁচা মাছৰ গোন্ধে সকলোকে বিৰক্ত কৰে৷ বিশেষকৈ মাছ কটা-বছা কৰাৰ পাছত চাবোনেৰে হাত ধুলেও ইয়াৰ গোন্ধ হাতত লাগি থাকে৷ কেঁচা মাছৰ এই গোন্ধ অস্বস্তিদায়ক৷ তদুপৰি মাছ খোৱাৰ পাছতো ইয়াৰ গোন্ধ হাতত লাগি থাকে৷ এয়াও অতি বিৰক্তিকৰ৷ পিছে মাছ কটা-বছা বা খোৱাৰ পাছত হাতত লাগি থকা গোন্ধ আঁতৰোৱাৰ ঘৰুৱা উপায়ো নথকা নহয়৷ উল্লেখ কৰা হ’ল হাতৰ পৰা  মাছৰ গোন্ধ আঁতৰোৱাৰ কেইটামান উপায়– 

# পাতি নেমু : পাতি নেমুৰ এটা নিজস্ব গোন্ধ থাকে৷ লগতে থাকে এচিড৷ মাছ কটা-বছা কৰা বা খোৱাৰ পাছত এটুকুৰা পাতি নেমু দুয়োখন হাতৰ তলুৱাত ভালদৰে ঘঁহক৷ কিছুসময়ৰ পাছত ভালদৰে ধুই লওক৷ দেখিব হাতৰ পৰা মাছৰ কেঁচা গোন্ধ নাইকিয়া হৈছে৷

# বেকিং ছডা : এটা বটলত কিছুপৰিমাণে পানী লৈ বেকিং ছডাৰ সৈতে মিশ্ৰণ তৈয়াৰ কৰি লওঁক৷ বেকিং ছডা যিকোনো বস্তু ভালদৰে পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়৷ মাছ কটা-বছা কৰা বা খোৱাৰ পাছত যদি হাতত গোন্ধ লাগি থাকে তেন্তে এই মিশ্ৰণেৰে ভালদৰে  হাতখন ধুই লওক৷ গোন্ধ সহজে আঁতৰিব৷

# টুথ পাউদাৰ : টুথ পাউদাৰ বা পেষ্ট সকলোৱে ব্যৱহাৰ কৰে৷ ইয়াত থকা উপাদানে বেক্টেৰিয়া ধবংস কৰাৰ লগতে মুখৰ দুৰ্গন্ধ সহজে নাইকিয়া কৰে৷ হাতত মাছৰ গোন্ধ লাগি থাকিলে অকণমান টুথপেষ্ট বা টুথ পাউদাৰ দুহাতত ভালদৰে ঘঁহি লওক৷ ইয়াৰ পাছত কুহুমীয়া পানীৰে ধোৱক৷ দেখিব মাছৰ গোন্ধ নাইকিয়া হৈছে৷ 

# নাৰিকল তেল : নাৰিকল তেলেৰেও হাতৰ পৰা মাছৰ গোন্ধ আঁতৰাব পৰা যায়৷ ইয়াৰ বাবে চাবোনেৰে দুহাত ভালদৰে ধুই সামান্য পৰিমাণৰ নাৰিকল তেল দুয়োখন তলুৱাত লগাই ল’লেই হ’ল৷

# টমেটো কেচআপ : মাছৰ গোন্ধ আঁতৰোৱাৰ বাবে টমেটো কেচআপো ব্যৱহাৰ কৰিব পৰা যায়৷ শুনাত এয়া আচহুৱা যেন লাগিলেও এই পদ্ধতি এবাৰ ব্যৱহাৰ কৰি চাওক৷ টমেটো কেচআপত  নেমুৰ ৰস থাকে৷ ফলত সামান্য পৰিমাণৰ টমেটো কেচআপ হাতৰ তলুৱাত লৈ ভালদৰে ধুই লওক৷ দেখিব মাছৰ অস্বস্তিকৰ গোন্ধ নাইকিয়া হৈছে৷