Logo
image

নেদাৰলেণ্ডছৰ এখন গাঁও, য’ত নাই বাট-পথ

নৌকাই যাতায়াতৰ একমাত্ৰ সম্বল

আমাৰ অসম, ১৩ মাৰ্চঃ পৃথিৱীখন যে কিমান সুন্দৰ, কিমান বিচিত্ৰ সেই বিষয়ে নিতৌ নতুন নতুন তথ্য পোহৰলৈ আহি আছে৷ এনে তথ্যই সকলোকে অবাক কৰি তোলে৷ উত্তৰ-পশ্চিম ইউৰোপৰ এখন অন্যতম চহকী দেশ হৈছে নেদাৰলেণ্ডছ৷ এই দেশখন হলেণ্ড নামেৰেও পৰিচিত৷ নেদাৰলেণ্ডছত আছে এখন বিচিত্ৰ গাঁও৷ গিয়েথুৰ্ন নামৰ এই গাঁওখন পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ গাঁওখন সঁচাকৈয়ে ছবিত দেখাৰ দৰে সুন্দৰ আৰু বিচিত্ৰ৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে এই গাঁৱত কোনো বাট-পথ নাই৷ একমাত্ৰ নৌকাৰেই এই গাঁৱত চলে যাতায়াত৷ তদুপৰি আমষ্টাৰডামৰ পৰা মাত্ৰ ৭৫ কিলোমিটাৰ আঁতৰত অৱস্থিত এই গাঁওখনত নাই কোনো যান্ত্ৰিক কোলাহল৷ যাতায়াত যোগাযোগৰ বাবে ব্যৱহাৰ কৰা নাওসমূহতো ব্যৱহাৰ কৰা নহয় ইঞ্জিন৷ নেদাৰলেণ্ডত এই গাঁওখনক যাদুকৰী গাঁও বুলিও কোৱা হয়৷ চৌদিশে ৰং-বিৰঙৰ ফুল আৰু সেউজীয়া আস্বাদনেৰে ভৰা গাঁওখনৰ বাসিন্দাসকলে সৰু সৰু জুপুৰি সাজি বাস কৰে৷ আচৰিত যে জুপুৰিসমূহো দেখিবলৈ একে৷ তথ্যমতে ১২৩০ চনত এই গাঁওখন স্থাপন হৈছিল৷ কিন্তু বিশ্ববাসীৰ নজৰলৈ আহে ১৯৫৮ চনতহে৷ প্ৰখ্যাত ছবি নিৰ্মাতা বাৰ্ট হানষ্ট্ৰাই তেওঁৰ ‘ফেনফেয়াৰ’ নামৰ ছবিখনৰ দৃশ্য গ্ৰহণ কৰাৰ সময়ত পোহৰলৈ আহে নেদাৰলেণ্ডৰ গিয়েথুৰ্ন নামৰ বিচিত্ৰ গাঁওখন৷