Logo
image

শিক্ষক হৈ সামাজিক মাধ্যমত জুৱাৰ প্ৰচাৰঃ জাননীৰ নিদিলে উত্তৰ, লাবুমণিক আমচঙক নিলম্বন

'আমাৰ অসম'ৰ মৰিগাঁৱৰ প্ৰতিনধি, ১ জুনঃ অনলাইন জুৱাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অভিযোগত অৱশেষত নিলম্বন হ'ল মৰিগাঁৱৰ শিক্ষক তথা ইউটিউবাৰ লাবুমণি আমচং। মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিভাগে শনিবাৰে বিয়লি নিলম্বিত কৰে লাবুমণি আমচঙক।


শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিৰে জড়িত হৈও লাবুমণিয়ে সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল অনলাইন জুৱাৰ। আছাম জেট নামেৰে ফেচবুক পেজ আৰু ইউটিউব চেনেল খুলি অনলাইন জুৱা এপৰ প্ৰচাৰ চলাইছিল শিক্ষক লাবুমণিয়ে৷ শিক্ষকগৰাকীৰ এই কাণ্ডক লৈ সবৰ্ত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ উল্লেখ্য যে শুকুৰবাৰে শিক্ষক আমচঙলৈ মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিভাগে জাৰি কৰিছিল কাৰণ দৰ্শোৱাৰ জাননী। শনিবাৰৰ সন্ধিয়া ৫ বজাৰ ভিতৰত জাননীৰ উত্তৰ দিবলৈ কোৱা হৈছিল। কিন্তু শিক্ষা বিভাগৰ পৰা প্ৰেৰণ কৰা কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ প্ৰদান নকৰাত অৱশেষত চাকৰিৰ পৰা নিলম্বন কৰা হয় আছাম জেট খ্যাত ইউটিউবাৰ তথা চৰকাৰী বিদ্যালয়ৰ শিক্ষক লাবুমণিক৷