Logo
image

উক্তি-বক্ৰোক্তি

প্ৰধানমন্ত্ৰীয়ে এফালে ধ্যানত বহি সেই ধ্যানেৰে সূৰ্যৰ তাপ কমাই বতৰ ঠাণ্ডা কৰি দিলে৷ এয়া এক ঐতিহাসিক মুহূৰ্ত আৰু প্ৰকৃত ৰামৰাজ্যৰ পৰিৱেশ৷
– বিজেপি প্ৰাৰ্থী তথা অভিনেতা ৰবি কিষণ

মই বিজেপি চৰকাৰক কেতিয়াবাৰ পৰাই সমালোচনা কৰি আহিছোঁ৷ ২০১৩ চনৰ পৰাই মই দলটোক সমালোচনা কৰিছিলোঁ৷ তেতিয়া বহুতেই বিজেপিক সমৰ্থন কৰিছিল৷ কিন্তু তেওঁলোকৰ বেছিভাগেই এতিয়া বিজেপিক বেয়া পায়৷
– লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থী শিখা শৰ্মা

দিল্লীত ৫২.৯ ডিগ্ৰী চেলছিয়াছৰ যি তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল, সেয়া ভুল আছিল৷ যান্ত্ৰিক ত্ৰুটিৰ কাৰণেই ৩ ডিগ্ৰী বেছিকৈ তাপমাত্ৰা ৰেকৰ্ড হৈছিল৷ সেই ত্ৰুটি সংশোধন কৰা হৈছে৷ 
– কেন্দ্ৰীয় ভূ-বিজ্ঞান মন্ত্ৰী কিৰেণ ৰিজিজু

বিজেপিয়ে এইবাৰ ৪০৭খন আসন লাভ কৰিব৷ অসমত ১১খন আসনত বিজয়ী হ’ব বিজেপি৷ দেশত লাহে লাহে বিৰোধীৰ সংখ্যা কমি আহিছে৷ অৱশ্যে এয়া সুস্থ গণতন্ত্ৰৰ লক্ষণ নহয়৷
– বিজেপি নেতা শিলাদিত্য দেৱ

দলে ৩০ মে’পৰ্যন্ত যি দায়িত্ব দিছিল, সেয়া নিখুঁতভাৱে পালন কৰিছোঁ৷ ৰাজনৈতিক কথা একো নকওঁ৷ এইবাৰ পুনৰ ছবিত কাম কৰাৰ পাল৷ অন্ততঃ পেটটো চলাব লাগিব৷ 
– অভিনেতা মিথুন চক্ৰৱৰ্তী

ধনী হ’বলৈ প্ৰাৰ্থনা কৰিলেই নহ’ব৷ তাৰ বাবে কৰ্ম কৰিব লাগিব৷ সৰু থাকোঁতে ভগৱানক পকীঘৰ বিচাৰিছিলোঁ, ভগৱানে দিলে৷ বগী, ধুনীয়া ছোৱালী এজনী বিচাৰিছিলোঁ, পত্নী হিচাপে পালোঁ৷
– বিধায়ক ৰূপজ্যোতি কুৰ্মী 

ভাবিবই পৰা নাছিলোঁ, কেতিয়াবা আমেৰিকাত কোনোধৰণৰ ক্ৰিকেট খেলিবলৈ আহিম৷ এইটোৱেই প্ৰমাণ কৰে ক্ৰিকেট কিদৰে সমগ্ৰ বিশ্বত বিস্তাৰিত হৈ পৰিছে৷ হয়তো আমেৰিকাই অতি দ্ৰুতভাৱে এইবিধ খেল গ্ৰহণ কৰিব৷ এইবাৰৰ বিশ্বকাপত সেইটোৱেই প্ৰমাণ হ’ব৷ 
– ক্ৰিকেটাৰ বিৰাট কোহলি

মোৰ ব্যৰ্থতম ছবি ‘সুনয়না’৷ এইখন চাৰ্লি চেপলিনৰ ছবিৰ ৰিমেক৷ এই ছবিখন দেখাৰ পাছত বোধহয় কবৰৰ পৰা উঠি আহিছিল চাৰ্লি চেপলিন৷ 
– অভিনেতা নাচিৰুদ্দিন শ্বাহ

৪ জুনৰ কাৰণে মই আশাবাদী৷ ফলাফল ভাল হ’ব৷ এটা ভোটত হ’লেও মই জিকিম৷ 
–  গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ

গম্ভীৰে কি প্ৰশিক্ষকৰ পদৰ বাবে আৱেদন কৰিছে? মই সেই কথা নাজানো৷ আৱেদনৰ দিন শেষ হ’লেও ব’ৰ্ডে বিচাৰিলে দিন বৃদ্ধি হ’ব পাৰে৷ গম্ভীৰ যদি টীম ইণ্ডিয়াৰ প্ৰশিক্ষক হয়, তেন্তে তেওঁ ভাল প্ৰশিক্ষক হ’ব পাৰে৷ দায়িত্ব পালনৰ বাবে তেওঁ যোগ্য৷ 
– প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলী

কংগ্ৰেছৰ সৈতে আমাৰ মিত্ৰতা ভাঙিবলৈ অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ পৰা পইচা লৈছে৷ কিমান লৈছে আমি নাজানো৷ সি জানিব আৰু আল্লাই জানিব৷ 
– সাংসদ বদৰুদ্দিন আজমল