Logo
image

অসমত বিজেপি জোঁটৰ ১১, কংগ্ৰেছৰ দুখন আসনৰ সম্ভাৱনা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ জুনঃ দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্বৰ সামৰণি পৰাৰ পাছতে আৰম্ভ হৈছে এগ্‌জিট প’ল৷ ৰাজ্যৰ ১৪টা সংসদীয় সমষ্টিৰ ভিতৰত প্ৰায়বোৰ সমীক্ষাকাৰী সংস্থা বা প্ৰতিষ্ঠানে বিজেপি মিত্ৰজোঁটক দিছে ১১খন আসন৷ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটক দিছে ২খন আসন৷ ‘চি’ ভোটাৰৰ সমীক্ষা অনুসৰি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ১০-১২খন আৰু কংগ্ৰেছ নেতৃত্বাধীন ‘ইণ্ডিয়া’ মিত্ৰজোঁটে লাভ কৰিব ২-৪ন আসন৷ চি এন বিৰ সমীক্ষা মতে বিজেপি মিত্ৰজোঁটে ১০-১৩খন, ইণ্ডিয়া মিত্ৰজোঁটে ২-৫খন আৰু অন্যান্যই লাভ কৰিব ০-১খন আসন৷ ‘নিউজ এ’ৰ মতে বিজেপি মিত্ৰজোঁটে ১২খন, কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে এখন আসন লাভ কৰিব৷

‘নিউজ এ’ৰ সমীক্ষা অনুসৰি ইউডিএফেও লাভ কৰিব এখন আসন৷ ‘জন কী বাট’ৰ সমীক্ষা মতে বিজেপি মিত্ৰজোঁটে ১১খন, ইণ্ডিয়া মিত্ৰজোঁটে দুখন আৰু অন্যান্যই এখন আসন লাভ কৰিব৷ ‘চানক্য’ৰ এগ্‌জিট প’ল মতে বিজেপিয়ে ১২খন, ইণ্ডিয়া মিত্ৰজোঁটে এখন আৰু অন্যান্যই এখন আসন লাভ কৰিব৷ ‘টাইম্‌ছ নাও নৱভাৰত’ৰ সমীক্ষা মতে বিজেপি মিত্ৰজোঁটে ১২খন কংগ্ৰেছে এখন আৰু অন্যান্যই এখন আসন পাব৷ ‘ইণ্ডিয়া টিভি’ৰ সমীক্ষা মতে বিজেপি মিত্ৰজোঁটে ১১খন, ইণ্ডিয়া মিত্ৰজোঁটে এখন, ইউডিএফে এখন আৰু অন্যান্যই এখন আসন পাব৷ ‘চি এন এ’’ৰ সমীক্ষা মতে অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৯-১০খন, ইণ্ডিয়াই ১-২খন, ইউডিএফে এখন আৰু অন্যান্যই ১-২খন আসন পাব৷ ‘ইণ্ডিয়া টাইম্‌ছ’ৰ সমীক্ষা অনুসৰি বিজেপি মিত্ৰজোঁটে ১২খন, কংগ্ৰেছে এখন, ইউডিএফে এখন আসন পাব৷ ‘নিউ মানী কণ্ট্ৰ’ল’ৰ সমীক্ষা মতে বিজেপি মিত্ৰজোঁটে ১০-১৩খন, ইণ্ডিয়া মিত্ৰজোঁটে ২-৫খন আসন লাভ কৰিব৷ ‘এি’ছ মাই ইণ্ডিয়া’ৰ মতে অসমত বিজেপিয়ে পাব ৯-১১খন আসন৷ ইয়াৰ বিপৰীতে ইণ্ডিয়া মিত্ৰজোঁটে লাভ কৰিব ২-৪খন আসন৷