Logo
image

কোটি কোটি টকাৰ চাহপাত পৰিত্যক্ত হোৱাৰ আশংকা, আন্দোলনৰ ভাবুকি

‘আমাৰ অসম’ৰ মাহমৰাৰ প্ৰতিবেদক, ২ জুনঃ আছাম বটলিফ টি মেনুফেকছাৰ্ছ এছ’চিয়েছনে (এ বি এল টি এম এ) শনিবাৰৰ পৰা কেঁচা চাহপাত ক্ৰয় নকৰাৰ ফলত ৰাজ্যখনৰ দুই লক্ষাধিক চাহ খেতিয়কৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ উল্লেখ্য, ৰপ্তানিকৃত চাহপাতত নিষিদ্ধ ৰাসায়নিক দ্ৰব্যৰ অৱশিষ্ট লাভ কৰাৰ পাছতেই ভাৰতীয় টি ব’ৰ্ড আৰু ফুড ছেফটি এণ্ড চিকিউৰিটী অথৰিটী ইণ্ডিয়াই (এফ এছ এছ এ আই) ৰাসায়নিক দ্ৰব্যৰ অৱশিষ্ট নথকা মেড-টি তাৎক্ষণিকভাৱে প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল৷ তদুপৰি, বটলিফ ফেক্টৰীত উৎপাদিত ‘মেড-টি’ ৫০ শতাংশ আৰু ১০০ শতাংশ ‘টি ৱেষ্ট’ বিক্ৰী কৰিবলৈ নিৰ্দেশনা দিয়ে৷ ভাৰতীয় চাহ ব’ৰ্ড আৰু এফ এছ এছ এ আইৰ এনে নিৰ্দেশনাৰ পাছতেই বটলিফ টি মেনুফেকছাৰ্ছ এছ’চিয়েছনে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি বিগত ১ আৰু ২ এপ্ৰিলত কেঁচা চাহপাত ক্ৰয় নকৰি ফেক্টৰীসমূহ বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ অৱশ্যে লোকসভা নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত গ্ৰহণ কৰা এই সিদ্ধান্তই ৰাজ্যত বিৰূপ আৰু অগ্নিগৰ্ভা পৰিস্থিতি উদ্ভৱ কৰাৰ সম্ভাৱনা থকাত সাময়িকভাৱে এই সিদ্ধান্ত বাতিল কৰিছিল বটলিফ এছ’চিয়েছনে৷ কিন্তু ভাৰতীয় চাহ ব’ৰ্ড আৰু এফ এছ এছ এ আইএ পূৰ্বৰ নিষেধাজ্ঞা বাহাল ৰখাৰ বাবে পুনৰ বটলিফ টি মেনুফেকছাৰ্ছ এছ’চিয়েছনে ১ জুনৰ পৰা কেঁচা চাহপাত ক্ৰয় নকৰাৰ সিধান্ত কৰে৷ আনহাতেদি, এই সমগ্ৰ বিষয়টো আলোচনা কৰিবৰ বাবে বিগত ২৯মে’ত অসম চৰকাৰৰ মুখ্য সচিবৰ সভাপতিত্বত তেওঁৰ সভাকক্ষত অসমৰ বিভিন্ন মালিক গোষ্ঠীৰ ABLTMA, NETA, BCP আৰু সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা, ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদ, বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ উপস্থিতিত লগতে অসমৰ উদ্যোগ বিভাগ, ভাৰতীয় চাহ ব’ৰ্ড আৰু লগতে গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ বিষয়াৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈছিল৷ উক্ত সভাত ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচাপাত ক্ৰয় কৰা-নকৰা সম্পৰ্কত কোনো সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নহ’ল৷ বিশেষকৈ বটলিফ ফেক্টৰী এছ’চিয়েছনৰ আঁকোৰগোঁজ নীতিৰ বাবেই সহমতত উপনীত হ’ব পৰাৰ ক্ষেত্ৰত জটিলতা অহা বুলি অভিযোগ উত্থাপিত হৈছে৷ আনহাতে, বটলিফ ফেক্টৰীৰ এই আঁকোৰগোঁজ নীতি আৰু ভাৰতীয় চাহ ব’ৰ্ডৰ সোপাঢিলা নীতিত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা আৰু ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ৩জুনৰ পৰা গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে৷ সেই অনুসৰি ৩জুনত অসমৰ বিভিন্ন জিলাৰ ভাৰতীয় চাহ ব’ৰ্ডৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট আৰু ৫জুনৰ পৰা অনিৰ্দিষ্ট কাললৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ কেঁচা চাহপাত ক্ৰয় নকৰাৰ ফলত কোটি কোটি টকাৰ চাহপাত নষ্ট হোৱাৰ আশংকা প্ৰবল হৈ পৰিছে৷

বটলিফ ফেক্টৰী বন্ধৰ বিৰোধিতাৰে অজাপৰ জিলা আয়ুক্তলৈ স্মাৰক-পত্ৰ

‘আমাৰ অসম’ৰ মাহমৰাৰ প্ৰতিবেদকঃ শনিবাৰৰ পৰা ৰাজ্যখনতে বটলিফ ফেক্টৰীৰ মালিক পক্ষই ফেক্টৰীসমূহ অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰা কাৰ্যক বিৰোধিতা কৰি অসম জাতীয় পৰিষদ চৰাইদেউ জিলা সমিতিয়ে চৰাইদেউ জিলা আয়ুক্তক স্মাৰক-পত্ৰ প্ৰদান কৰে৷ স্মাৰক-পত্ৰখনত উল্লেখ কৰা অনুসৰি বিজেপিশাসিত চৰকাৰখনে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ এনে বিপৰ্যয়ৰ সময়ত হাত সাবটি বহি থকা পৰিলক্ষিত হৈছে৷ অসমীয়া চাহ খেতিয়কসকলক এনে এক পৰিস্থিতিলৈ যাব লগা হোৱাৰ পৰিৱেশ ৰচনা কৰাৰ ক্ষেত্ৰত শাসনাধিষ্ঠিত চৰকাৰখনে জগৰীয়া বুলি উল্লেখ কৰি জাতি, ভেটি, মাটি ৰক্ষা কৰা সংকল্পৰে শাসনৰ গাদী দখল কৰা চৰকাৰখনে অসমীয়া খেতিয়কৰ চৰম বিপৰ্যয়ৰ সময়ত চকু মুদা কুলি হৈ বহি থকা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷  চৰকাৰ আৰু বটলিফ ফেক্টৰীসমূহৰ মাজত বুজাবুজিৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰি বটলিফ ফেক্টৰীসমূহে গ্ৰহণ কৰা তেওঁলোকৰ সিদ্ধান্ত বাতিল কৰি বিষয়টো স্থায়ী সমাধান কৰিবলৈ চৰকাৰক আহ৩ান জনায়৷ অন্যাথা সংগঠনটোৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি উল্লেখ কৰে৷

চৰকাৰৰ চৰম অৱহেলাৰ বাবেই চাহ খেতিয়কৰ দুৰ্দশা

‘আমাৰ অসম’ৰ জিনজিয়াৰ প্ৰতিবেদকঃ প্ৰায় দুমাহমানৰ আগতে টি ব’ৰ্ড অৱ ইণ্ডিয়া আৰু এফ এছ এছ এ আই এ যৌথভাৱে বটলিফ ফেক্টৰীসমূহৰ ওপৰত যি নিৰ্দেশনা জাৰি কৰি ৰসায়নবিমুক্ত চাহপাত উৎপাদন কৰা নিৰ্দেশনা দিছিল যাৰ পৰিপ্ৰেক্ষিতত অসমৰ বটলিফ টি ফেক্টৰী এছ’চিয়েশ্যনে শনিবাৰৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচাপাত নোলোৱাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে এইক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশ্বনাথ জিলা জাতীয় কংগ্ৰেছে৷ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে, বটলিফ টি ফেক্টৰী এছ’চিয়েশ্যনে চৰকাৰ তথা চাহ ব’ৰ্ডৰ পৰা যি এছঅ’পি ৩১মে’ৰ আগে আগে দাবী কৰিছিল, এই দাবীৰ ন্যায্যতা আছে কাৰণ বটলিফ টি ফেক্টৰীসমূহে কেঁচাপাত লোৱাৰ আগে আগে সেই পাতখিনি ৰসায়নমুক্ত হয় নে নহয় তাৰ পৰীক্ষা কৰাৰ ব্যৱস্থা তেওঁলোকৰ হাতত নাই৷ বৰাই কয়, বিশ্বনাথ জিলাত এক গৰিষ্ঠসংখ্যক চাহ খেতিয়ক আছে, এইক্ষেত্ৰত চৰকাৰ তথা চাহ ব’ৰ্ডে যদি এক সুস্থ চাহ নীতি তথা এছঅ’পি লৈ নাহে তেন্তে এই ক্ষুদ্ৰ চাহ খেতিয়কৰ দিনতে মৰণ হ’ব৷ অকল ক্ষুদ্ৰ চাহ খেতিয়কৰ জীৱন-জীৱিকা শেষ হৈ যাব এনে নহয়, বটলিফ টি ফেক্টৰীসমূহ বন্ধ হৈ যাব কাৰণ বটলিফ ফেক্টৰীসমূহ জীয়াই আছে একমাত্ৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাতসমূহ লৈ৷ বটলিফ টি ফেক্টৰীসমূহে প্ৰায় ৫২শতাংশ কেঁচাপাত ক্ষুদ্ৰ খেতিয়কসকলৰ পৰা লৈ তেওঁলোকৰ কলঘৰসমূহ চলায় আছে৷ এইক্ষেত্ৰত চৰকাৰে ইমানদিনে এক সুস্থনীতি নোলোৱাৰ বাবে চৰকাৰ তথা টি ব’ৰ্ডক ধিক্কাৰ দি অতি সোনকালে সংশ্লিষ্ট ক্ষুদ্ৰ চাহ খেতিয়ক তথা মালিকসকলৰ লগত এক আলোচনা কৰি তেওঁ এই সংকট দূৰ কৰাৰ দাবী জনাইছে৷