Logo
image

এগজিট প'লক লৈ সন্তুষ্ট নহয় বিৰোধীঃ ফলাফলৰ পূৰ্বে ভূপেন-অখিল-লুৰীণৰ বৈঠক

'আমাৰ অসম'ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ২ জুনঃ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে ডিব্ৰুগড়ত গোপন আলোচনাত মিলিত হ'ল বিৰোধী দলৰ তিনি সভাপতি। লোকসভা নিৰ্বাচনৰ ফলাফললৈ মাজত মাত্ৰ এটা দিন বাকী থকাৰ মুহূৰ্তত দেওবাৰে অসম জাতীয় পৰিষদৰ সভাপতি তথা বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ ডিব্ৰুগড়ৰ বাসগৃহত আলোচনাত বহিল কংগ্ৰেছ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। 

লুৰীণজ্যোতি গগৈৰ গদাপাণি উৰণীয়া সেঁতুৰ সমীপৰ বাসগৃহত হোৱা গোপন বৈঠকৰ পূৰ্বে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা গজিট পু'লক লৈ অসন্তোষ প্ৰকাশ কৰিছে বিৰোধী দলৰ তিনি সভাপতিয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই গজিট পু'ল কেতিয়াও সঠিক পু'ল হোৱা নাই বুলি উল্লেখ কৰি কয় যে ডিব্ৰুগড়ৰ ব্যৱধান কিমান হ'ব আমি নকওঁ, কিন্তু ডিব্ৰুগড় আৰু যোৰহাটত জয় হোৱাটো নিশ্চিত। গজিট পু'লক লৈ কোনো ধাৰণা কৰিব নোৱাৰি। আমাক ৰাইজে মৰম কৰিছে। আমি জিকাটো বিচাৰিছে ৰাইজে। আমি আসন বেছিকৈ পাম। গজিট পু'লক লৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ যি মত, সেয়া কি কাৰণে দিছে সকলোৱে জানে। মই ভাবোঁ যে গজিট পু'লে যি সমীক্ষা দি আছে হয়তু শাসিত চৰকাৰৰ পক্ষ হৈছে। বিজেপিক সমৰ্থন কৰা বাবে এই কাম কৰিছে। আনহাতে বিৰোধী ঐক্য মঞ্চৰ পৰা প্ৰকাশ হোৱা গজিট পু'ল একেবাৰে শুদ্ধ নহয় বুলি ক'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। 

ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ৬ টা সমষ্টিতে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী জিকাৰ সম্ভাৱনা থকা বুলি দাবী কৰে। এই প্ৰসংগত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় যে আমি ৬টা সমষ্টিত জিকাৰ সম্ভাৱনা আছে। ধুবুৰী, যোৰহাট, ডিব্ৰুগড়, গুৱাহাটী কৰিমগঞ্জত আমি জয় হোৱাৰ সম্ভাৱনা আছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে সকলো এইবাৰ ওলাই আহি ভোট দিছে। শেষৰটো ভোট গণনা লৈকে দলীয় কৰ্মী তথা কাউন্টিং এজেণ্টসকলক অপেক্ষা কৰিবলৈ অনুৰোধ জনাইছে বিধায়ক অখিল গগৈয়ে। গজিট পু'লক লৈ অখিল গগৈয়ে কয় যে গজিট পু'লৰ সমীক্ষা কিছু চৰকাৰী সমৰ্থন এজেঞ্চীৰ পৰা আহিছে। গতিকে এইটো সত্য বুলি ক'ব নোৱাৰি। চৰকাৰী পক্ষৰ হৈ শাসক দলৰ মনোবল বৃদ্ধি আৰু বিৰোধীৰ মনোবল ভাঙিবলৈ এই চেষ্টা কৰা বুলি মন্তব্য কৰে বিধায়ক গগৈয়ে। একেদৰে অসমৰ শিক্ষিত সমাজ, নৱপ্ৰজন্ম, চাকৰিয়াল সকলোৱে বিৰোধী ঐক্য মঞ্চক ভোট দিয়া বুলি উল্লেখ কৰি এই নিৰ্বাচনে ২০২৬ চনত হ'বলগীয়া বিধানসভা নিৰ্বাচনত চৰকাৰ গঠনৰ পথ মুকলি কৰি দিব বুলি উল্লেখ কৰে। তদুপৰি এইবাৰ যদিও কেন্দ্ৰত বিজেপি আহে কিন্তু ২০২৬ চনত অসমত বিৰোধী ঐক্য মঞ্চই চৰকাৰ গঠন কৰিব বুলি দাবী কৰে অখিল গগৈয়ে। 

আনহাতে অসম জাতীয় পৰিষদৰ সভাপতি তথা ডিব্ৰুগড় সংসদীয় সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে কয় যে গজিট পু'লৰ সমীক্ষা কিছু চৰকাৰী সমৰ্থন তথা এজেঞ্চীৰ পৰা আহিছে। গতিকে এইটো সত্য বুলি কব নোৱাৰি। ৰাইজৰ মত লৈ এই গজিট পু'ল কৰা নাই বুলি মই ভাবোঁ। মোৰ সমষ্টিত আমি জিকিম। এইটো আমাৰ আত্মবিশ্বাস। তেওঁলোকে ভাবিব পৰাই নাই যে বিজেপিৰ কেনেকৈ খহনীয়া হৈছে। আমি দলীয় কৰ্মীসকলক কৈছোঁ, গজিট পু'লৰ জৰিয়তে আমাক ভাঙি পেলাব ধৰিছে। ৪ জুনৰ ফলাফলত আমাৰ জয় হ'ব আৰু আমি জিকম। এইটো আমাৰ আত্মবিশ্বাস। গতিকে দলীয় কৰ্মীসকল ভাগি পৰিব নালাগে।