Logo
image

উচ্চ শিক্ষাত নামভৰ্তি

বৰ্তমান সমগ্ৰ দেশতে উচ্চশিক্ষা প্ৰতিষ্ঠানত নামভৰ্তিৰ সময়৷ যদিওবা দেশৰ আগশাৰী শিক্ষানুষ্ঠানবোৰত নামভতিৰ প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈছে, অসমৰ প্ৰাদেশীকৃত মহাবিদ্যালয়বোৰত আৰম্ভ হৈছে আবেদনৰ প্ৰক্ৰিয়া৷ ৰাজ্যৰ প্ৰতিখন প্ৰাদেশীকৃত মহাবিদ্যালয়ৰ অধ্যক্ষ বা ভাৰপ্ৰাপ্ত অধ্যক্ষৰ সৈতে শিক্ষা বিভাগৰ বিষয়াসকলে কেইবালানি আলোচনা অনুষ্ঠিত কৰি নীতি-নিৰ্দেশনা জাৰি কৰিছে৷ অতীজত মহাবিদ্যালয়বোৰৰ নামভৰ্তি প্ৰক্ৰিয়াটোত ৰাজ্য চৰকাৰৰ হস্তক্ষেপ সীমিত আছিল যদিও বৰ্তমান নীতি-নিয়মৰ হ’ল ব্যাপক পৰিৱৰ্তন৷ এখন মহাবিদ্যালয়ৰ দাপোণস্বৰূপ পৰিচিতি পুস্তিকা [Prospectus]খন কিনিবলৈ পুৱতি নিশাই মহাবিদ্যালয়ৰ চৌহদত খাপ পিটা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ কোলাহল আজিকালি নাইকিয়া হ’ল৷ ৰাজ্য চৰকাৰৰ স্পষ্ট নিৰ্দেশ– কোনো মহাবিদ্যালয়েই বিক্ৰী কৰিব নোৱাৰিব পৰিচিতি পুস্তিকা৷ ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে মুকলি কৰা সমৰ্থ প’ৰ্টেলত পঞ্জীয়ন কৰা ছাত্ৰ-ছাত্ৰীয়েহে আবেদন কৰিব পাৰিব মহাবিদ্যালয়ত৷ প্ৰকৃততে ৰাজ্য চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বিনামূলীয়া কৰাৰ পৰিপ্ৰেক্ষিতত বহুখিনি পৰ্যায়ৰ অন্ততহে ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব মহাবিদ্যালয়ৰ আসন৷

ৰাজ্যৰ প্ৰাদেশীকৃত মহাবিদ্যালয়বোৰত নামভৰ্তিৰ নামত যিদৰে এক ৰমৰমীয়া ব্যৱসায় চলে ইণ্টাৰনেট চেণ্টাৰসমূহত, ঠিক সেই সময়ত অৰ্থৰ সংকট কঢ়িয়াই আনে অভিভাৱকসকলৰ বাবে৷ আবেদন দাখিল কৰিবলৈ তথা বিনামূলীয়া নামভৰ্তিৰ সুবিধা প্ৰাপ্তিৰ কাৰণে প্ৰয়োজন হোৱা চক্ৰ বিষয়াৰ প্ৰমাণ পত্ৰখন বিচাৰি হাবাথুৰি খাব লাগে অভিভাৱকসকলে৷ বছৰত দুই লাখ টকাতকৈ কম আয় কৰা ব্যক্তিয়ে  প্ৰমাণ পত্ৰখন পোৱাৰ পূৰ্বে গাঁওবুঢ়া বা ৱাৰ্ড কমিছনাৰৰ ঘৰত  হোৱা অলিখিত ব্যয়ৰ কথা সকলোৰে জ্ঞাত ৷ চক্ৰ বিষয়াৰ কাৰ্যালয়ত থকা লাট মণ্ডলজনক সন্তুষ্ট কৰাৰ দায়িত্ব পালন নকৰা অভিভাৱকে কেতিয়াও নাপায় আয়ৰ প্ৰমাণ পত্ৰ৷ এনেবোৰ চৰকাৰী নিয়ম পালন কৰাত ব্যৰ্থ হোৱা অভিভাৱকৰ সন্তানে নামভৰ্তিৰ টেবুলত হাহাকাৰ কৰিব লাগে আৰু বহুক্ষেত্ৰত বঞ্চিত হয় বিনামূলীয়া নামভৰ্তিৰ সুবিধাৰ পৰা৷

২০২৪ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল হৈছে অতিকৈ উন্নতমানৰ৷ ২৪২৭৯৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ দেওনা পাৰ কৰিলে যদিও ৩১১১৪ গৰাকী ছাত্ৰ-ছাত্ৰী ফেইল হয় পৰীক্ষাত৷ উত্তীৰ্ণৰ হাৰ ৮৮.৬৪ হোৱা হেতুকে উচ্ছশিক্ষাত নামভৰ্তি কৰিবলৈ যোৱা সফল ছাত্ৰ-ছাত্ৰীসকলৰ একাংশৰ বাবে হয়তো আসনৰ অভাৱ হ’ব ঘৰৰ ওচৰৰ মহাবিদ্যালয়খনত৷ বহুতো মেধাৱী ছাত্ৰ-ছাত্ৰীৰ কাৰণে নাথাকিব বিচৰা বিষয়টোৰ আসন৷ সত্যটো হৈছে, ছাত্ৰ-ছাত্ৰীৰ সন্মুখত আহি পৰা এনেবোৰ সমস্যাৰ উত্তৰ নাথাকে মহাবিদ্যালয়ৰ কতৃৰ্পক্ষৰ ওচৰত৷ নামভৰ্তি কৰাৰ পাছত প্ৰয়োজন হোৱা এটা আবাসৰ সন্ধান কৰা ছাত্ৰ-ছাত্ৰীসকলৰ অভাৱ পূৰণ কৰিব নোৱাৰে মহাবিদ্যালয় কতৃৰ্পক্ষই৷ দুহাজাৰ বা তিনি হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা এখন মহাবিদ্যালয়ত ছাত্ৰী নিবাসৰ সংখ্যা গড়ে এটা আৰু আবাসৰ বিচনাৰ সংখ্যা গড়ে এশখন৷ অসমৰ বহুতো মহাবিদ্যালয়ত নাই ছাত্ৰাবাস৷ এনেবোৰ কাৰণতেই বহুতো ছাত্ৰ-ছাত্ৰীয়ে আশ্ৰয় ল’ব লাগে ব্যক্তিগত পেয়িং গেষ্ট বা ছাত্ৰাবাসত৷ ব্যক্তিগত খণ্ডত থকা পেয়িং গেষ্টত এখন বিচনাৰ লগতে নিম্নমানৰ খাদ্যৰ বাবদ মাহেকত গড়ে ভাড়া পাঁচৰ পৰা দহ হাজাৰ টকা৷

অসমত এনেবোৰ কাৰণতেই উচ্চশিক্ষাৰ পৰা বঞ্চিত হয় সৰহসংখ্যক ছাত্ৰ-ছাত্ৰী৷ ২০২০ বৰ্ষত অসমত উচ্চশিক্ষাত নামভৰ্তিৰ হাৰ আছিল মাথোঁ ১৭.৫ শতাংশ৷ ঘৰৰ ওচৰত মহাবিদ্যালয়ৰ অভাৱ, পৰিয়ালৰ আৰ্থিক আনাতন আদি কাৰণত উচ্ছশিক্ষাৰ পৰা বঞ্চিত হোৱা ছাত্ৰ-ছাত্ৰীৰ কথা চিন্তা কোনে কৰিব? ক্ৰমবৰ্ধমান শিক্ষিত নিবনুৱাৰ সংখ্যা দেখি আজি বহুতো ছাত্ৰ-ছাত্ৰীয়ে স্নাতক শিক্ষাৰ পৰিৱৰ্তে ঔদ্যোগীক প্ৰশিক্ষণ প্ৰতিষ্ঠানলৈ দক্ষতা বৃদ্ধিৰ  জ্ঞান ল’বলৈ ঢাপলি মেলা দেখিবলৈ পোৱা গৈছে৷ অসমৰ প্ৰাদেশীকৃত মহাবিদ্যালয়বোৰত বিশ্ববিদ্যালয় অনুদান আয়োগৰ অৰ্থ সাহায্যত খোলা দক্ষতা বৃদ্ধিৰ বহুতো বিষয়ৰ প্ৰয়োজনীয়তা আৰু নিয়োগত পোৱা ফলাফলৰ বিশ্লেষণৰ প্ৰয়োজনীয়তা আছে৷ নাকৰ গ্ৰেডত পিছত দৌৰা তথা উচ্চ গ্ৰেড পোৱা মহাবিদ্যালয়বোৰৰ অৱদান স্নাতক ডিগ্ৰীধাৰী সৃষ্টিৰ কাৰখানা হোৱাৰ পৰিৱৰ্তে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সৃষ্টিৰ অৱদান স্থলী হোৱাটো কামনা কৰিছো৷