Logo
image

দেশবাসীক ধন্যবাদ মোদীৰ, ক্ষুণ্ণ বিৰোধী

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩ জুন: শনিবাৰে এগজিট প’লৰ ভৱিষ্যদ্বাণী বিজেপিৰ পক্ষে নিশ্চিত হোৱাৰ লগে লগেই দেশবাসীক ধন্যবাদ জনাইছিল প্ৰধানমন্ত্ৰী মোদীয়ে৷ দেশৰ সকলো সমীক্ষাকাৰী সংস্থা আৰু ৰাষ্ট্ৰীয় টেলিভিছনে শনিবাৰে সন্ধ্যা যেতিয়া মোদী চৰকাৰৰ হেটট্ৰিকৰ ভৱিষ্যদ্বাণী কৰিছিল, তেতিয়াই ‘এক্স হেণ্ডল’ হাতত তুলি লৈছিল তৃপ্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ কেতিয়াবা কদাচিৎহে এগজিট প’লৰ সমীক্ষা ভুল হয়৷ প্ৰায়েই মিলি যায় এই ভৱিষ্যদ্বাণী৷ সেয়ে এগজিট প’লত বিজেপি নেতৃত্বাধীন এন ডি এ বিজয়ী হোৱাৰ ভৱিষ্যদ্বাণী কৰাৰ লগে লগে মোদীয়ে এক্স হেণ্ডলত দেশবাসীক উদ্দেশ্যি লিখিলে– ‘ভাৰতে ভোটদান কৰিলে৷ যি এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিলে, তেওঁলোকলৈ আন্তৰিক ধন্যবাদ৷ দেশৰ নাৰীশক্তি, যুৱশক্তিক ধন্যবাদ৷ তেওঁলোকৰ ব্যাপক অংশগ্ৰহণ উৎসাহৰ চিন৷ বিৰোধীয়ে ভোটাৰক আকৰ্ষিত কৰাৰ ব্যৰ্থ হ’ল৷ মই আত্মবিশ্বাসেৰে সৈতে ক’ব পাৰোঁ, দেশৰ ভোটাৰে এনডিএক শাসনৰ গাদীত বহুৱাবলৈ ব্যাপক হাৰত ভোটদান কৰিছে৷ তেওঁলোকে আমাৰ ট্ৰেক-ৰেকৰ্ড আৰু কাম কৰাৰ ধৰণ চায়েই আস্থা প্ৰকাশ কৰিছে৷ আমাৰ চৰকাৰে দৰিদ্ৰ, প্ৰান্তিক আৰু দলিতসকলৰ জীৱনৰ মান উন্নীত কৰিছে৷ বিৰোধী ইণ্ডি এলায়েন্স দুৰ্নীতিগ্ৰস্ত, সাম্প্ৰদায়িক আৰু জাত-পাতত বিশ্বাসী৷ সেই জোঁট সীমিতসংখ্যক পৰিয়ালৰ দ্বাৰা পৰিচালিত৷ সেয়ে দেশৰ ভোটাৰে তেওঁলোকক অগ্ৰাহ্য কৰিছে৷’ 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এগজিট প’লৰ সমীক্ষাত উল্লসিত হ’লেও বিৰোধী দল কংগ্ৰেছ, আপ আৰু তৃণমূল কংগ্ৰেছে সেই সমীক্ষা অগ্ৰাহ্য কৰিছে৷ কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে এগজিট প’ল সম্পূৰ্ণ ভুল ভৱিষ্যদ্বাণী বুলি মন্তব্য কৰিছে৷ ৰাহুল গান্ধীৰ দাবী, বিৰোধী জোঁট ‘ইণ্ডিয়া’ই ২৯৫ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব৷ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ মতেও বিৰোধী জোঁটে ২৯৫ খন আসন লাভ কৰিব৷ আনহাতে, মমতা বেনাৰ্জীয়ে এগজিট প’লৰ সমীক্ষা সম্পূৰ্ণ নাকচ কৰি কয়– ‘এইবোৰ ভেগ, ফেক৷ তেনেই মিথ্যাচাৰ৷ চৰকাৰ সমৰ্থিত কেতবোৰ সংস্থাই এই ভুল সমীক্ষা উলিয়াইছে৷ আমি ঘূৰি ফুৰিছোঁ, আমিহে জানো প্ৰকৃত পৰিস্থিতি৷ অন্ততঃ পশ্চিমবংগত এগজিট প’ল শুদ্ধ নহয়৷ তেওঁলোকে বিজেপিয়ে যিমান আসন লাভ কৰিব বুলি কৈছে, তৃণমূলে তাৰ তিনিগুণ আসন বংগত পাব৷’ মমতাই অৱশ্যে তৃণমূল কংগ্ৰেছে কিমান আসন পাব সেই সংখ্যা উল্লেখ নকৰিলে৷ আনহাতে, আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে কয়– ‘সকলো এগজিট প’ল ভুৱা৷ এটা এগজিট প’লে ৰাজস্থানত বিজেপিক ৩৩ খন আসন দিছে, অথচ ৰাজস্থানত আছে ২৫ খন আসন৷ কিয় তেওঁলোকে ফলাফল প্ৰকাশৰ তিনিদিন পূৰ্বে এগজিট প’ল প্ৰকাশ কৰিছে? তাৰ কেতবোৰ সুবিধা আছে, য’ৰ এটা সুবিধা হৈছে ইভিএমত ফলাফল সলনি৷ এগজিট প’লত পূৰ্বে তেনে একোটা সংখ্যা কৈ থ’লে ইভিএম ইফাল-সিফাল কৰাত সুবিধা হয়৷’ 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে সাতখন বৈঠক কৰে৷ তেওঁ নতুন চৰকাৰ গঠন কৰিলে প্ৰথমে কি কি কাম কৰিব সেয়া ইয়াৰে এখন বৈঠকত চূড়ান্ত কৰে৷ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠন হ’বলগীয়া নতুন চৰকাৰৰ প্ৰথম এশ দিনৰ কাম-কাজো দেওবাৰে বৈঠকত চূড়ান্ত কৰে মোদীয়ে৷