Logo
image

নহৰু কেনেকৈ খালে আশ্চৰ্যকৰ উপকাৰ পাব

আমাৰ অসম বিশেষঃ গাখীৰৰ পুষ্টিগুণৰ বিষয়ে সকলোৱে জানে৷ সকলো বয়সৰ লোকৰ বাবে গাখীৰ উপকাৰী৷ গাখীৰে শৰীৰত শক্তি বঢ়ায়৷ ইপিনে নহৰুত এণ্টিবেক্টেৰিয়েল উপাদান থাকে৷ কেঁচা নহৰুৱে উচ্ছ ৰক্তচাপ কমোৱাত সাংঘাতিকভাৱে সহায় কৰে৷ সেয়ে গাখীৰৰ সৈতে নহৰু মিহলাই খালে বিভিন্ন উপকাৰ পোৱা যায়৷

উপকাৰিতাসমূহঃ

[১] গাখীৰ আৰু নহৰুৰ মিশ্ৰণ গ্ৰহণ কৰিলে দেহৰ পৰা বিষাক্ত পদাৰ্থ ওলাই যায়৷ তদুপৰি শ্বাসতন্ত্ৰ ভালে থাকে৷ নিশা শোৱাৰ পূৰ্বে গাখীৰৰ সৈতে নহৰু মিহলাই খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী৷

[২] হাপানী, কাঁহ আৰু নিউমনিয়াৰ সমস্যা থাকিলে গাখীৰৰ সৈতে নহৰু মিহলাই খাওক৷

[৩] কলেষ্টেৰ’ল কমাবলৈ গাখীৰ আৰু নহৰুৰ মিশ্ৰণ খাব পাৰে৷

[৪] নহৰু আৰু গাখীৰৰ মিশ্ৰণে জণ্ডিছ ৰোগৰ ক্ষেত্ৰত উপকাৰ কৰে৷

[৫] বাত বিষ বা গাঁঠিৰ বিষৰ পৰা সকাহ পাবলৈ গাখীৰৰ সৈতে নহৰু মিহলাই খাব পাৰে৷

[৬] অনিদ্ৰাৰ সমস্যাৰ ক্ষেত্ৰতো গাখীৰ আৰু নহৰুৰ মিশ্ৰণে সহায় কৰে৷ নিশা বিছনালৈ যোৱাৰ পূৰ্বে এগিলাচ গাখীৰৰ সৈতে নহৰু মিহলাই খাওক৷