Logo
image

ফলাফল যিয়েই নহওক বিৰোধী ঐক্য থাকিবই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ জুন : ‘এগ্‌জিট প’লক বিশ্বাস নকৰিব৷ শেষৰটো ভোট গণনালৈকে অপেক্ষা কৰক৷’– দলীয় নেতা কৰ্মীলৈ এই আহ৩ান জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ আজি ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈৰ গদাপানী উৰণ সেঁতুৰ সমীপৰ বাসগৃহত এক বৈঠকত মিলিত হোৱাৰ পাছত তিনিওজন নেতাই স্পষ্টভাৱে মত পোষণ কৰে যে চাৰি জুনত নিৰ্বাচনী ফলাফল যিয়েই নহওঁক লাগিলে ২০২৬লৈকে বিৰোধীৰ ঐক্য অব্যাহত থাকিব৷ এগ্‌জিট প’লক লৈ বিচলিত নহ’বলৈ নিজ নিজ দলৰ নেতা-কৰ্মীসকলক আহ্বান জনায় তিনিও নেতাই কয় যে ইভিএমৰ শেষ ভোটটো গণনা নকৰালৈকে ধৈৰ্যসহকাৰে সকলোৱে অপেক্ষা কৰক৷ বিৰোধী ঐক্যমঞ্চৰ কোনো দলৰ নেতা-কৰ্মীয়ে যাতে আধাতে ভোটিং কাউণ্টাৰৰ পৰা গুচি নাহে৷ ২০২৪১ লোকসভা নিৰ্বাচনে বিৰোধী ঐক্য মঞ্চৰ বাবে অপাৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে৷ আমি অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠী, নতুন প্ৰজন্ম আৰু শিক্ষিত সমাজৰ যথেষ্ঠ মৰম তথা ভোট পাইছোঁ৷ ২৪ মুকলি কৰা বাটেৰেই আমি ২০২৬লৈ হাতত হাত ধৰি আগুৱাই যাম৷ ইফালে, ইয়াৰ পূৰ্বে আজি শিৱসাগৰত অখিল গগৈয়ে লোকসভা নিৰ্বাচনৰ এগ্‌জিট প’লৰ সন্দৰ্ভত সাংবাদিকৰ আগত কয়– যিটো এগ্‌জিট প’ল ইয়াত৷ অসমত ১খন বা ২খন আসনহে বিৰোধী ঐক্য মঞ্চক দিব খুজিছে৷ সেই এগ্‌জিত প’ল মই শুদ্ধ বুলি ভবা নাই৷ যিহেতু ৰাইজৰ দলৰ সভাপতি হিচাপে মই নিজেই সমগ্ৰ নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যত জড়িত আছিলোঁহ্ল৷ এইটো ভুল এগ্‌জিট প’ল বুলি মোৰ অনুভৱ হয়৷ অসমত এইবাৰ ৰাইজে বিজেপি চৰকাৰৰ বিৰুদ্ধে ভোটদান কৰিছে৷ সেই বাবে আমি ভাবোঁ যে এইবাৰ আমি অসমত বিৰোধী ঐক্য মঞ্চই ৬ আসন পাম৷ বিজেপিয়েও ৬খন আসন পাব৷ আৰু ২খন আসন দুটা দলে পাব বুলি মোৰ অনুমান হয়৷ এগ্‌জিট প’লত সৰ্বভাৰতীয় পৰ্যায়তো ৩৮০খন আসন বিজেপি তথা এনডি য়ে পাব বুলি দেখুৱাইছে৷ সেইটো নহয় যেন লাগে৷ বিজেপিয়ে ২৭০ৰ পৰা ২৮০খন আসনৰ ভিতৰত পাব৷ তাতকৈ বেছি আসন পাব বুলি কেতিয়াও অনুমান নহয়৷ যিহেতু উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰত বিজেপিৰ অৱস্থা বেয়া৷ তেনেস্থলত বিজেপি তথা এনডিএয়ে কেনেকৈ ৩৮০খন আসন পাব? এইটো কেতিয়াও সম্ভৱপৰ নহয়৷ ইফালে ডিব্ৰুগড়ত দলীয় নেতা-কৰ্মীক উদ্দেশ্যি অখিল গগৈয়ে কয়– অসমৰ শিক্ষিত সমাজ, নৱ প্ৰজন্ম, চাকৰিয়াল সকলোৱে বিৰোধী ঐক্য মঞ্চক ভোট দিছে৷ এই নিৰ্বাচনে ২০২৬ হ’ব লাগিব বিধানসভা পথ মুকলি কৰি দিব৷ এইবাৰৰ যদিও কেন্দ্ৰীয় বিজেপি আহে কিন্তু আমি ২০২৬ চনত অসমত চৰকাৰ গঠন কৰিম৷ আনহাতে, ৰাইজৰ দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়– ‘এগজিট প’লৰ সমীক্ষা কিছু চৰকাৰী সমৰ্থন এজেঞ্চীৰ পৰাও আহিছে৷ গতিকে এইটো সত্য বুলি ক’ব নোৱাৰি৷ ৰাইজৰ মত লৈ এই এগজিট প’ল কৰা নাই বুলি মই ভাবোঁ৷’ আনহাতে, কৰিমগঞ্জত কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে কয়– ‘এই এগ্‌জিট প’লৰ গ্ৰহণযোগ্যতা নাই৷ কৰ্ণাটকত ২৮খন আসনৰ মাত্ৰ তিনিখনহে কংগ্ৰেছক দিছে৷ এই এগজিট প’ল গোদী মেডিয়াই প্ৰভাম্বিত কৰা এগজিট প’ল৷’ ইফালে– কালি ঘোষণা হোৱা মেগা এগ্‌জিট প’ল সম্পৰ্কত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ আজি হোজাই জিলাৰ বানাক্ৰান্তৰ বুজ ল’বলৈ আহি হাজৰিকাই কয়– এগ্‌জিট প’ল অনুযায়ী লোকসভা নিৰ্বাচনৰ যি ফলাফল ঘোষণা হৈছে সেইয়া আমাৰ বাবে উৎসাহজনক৷ এন ডি এ প্ৰায় ৪০০খন আসনৰ আশে পাশে লাভ কৰিব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১০ বছৰত যি কাম কৰিলে সেই কথাৰ প্ৰতিদান ৰাইজে নি(য়কৈ দিছে৷ অসমতো ১২টা সমষ্টিত বিজেপি মিত্ৰজোঁটে জয় লাভ কৰিব৷ মন্ত্ৰী হাজৰিকাই কংগ্ৰেছে চৰকাৰ গঠন কৰিম বুলি কোৱা সন্দৰ্ভতো কটাক্ষ কৰি কয় যে– কংগ্ৰেছে প্ৰত্যেক বাৰেই এনেদৰে কয়৷ বিগত নিৰ্বাচনসমূহৰ প্ৰত্যেকটোতে তেওঁলোকে জিকিম বুলি কৈ আছিলে৷ কংগ্ৰেছে চিন্তা কৰে আৰু আমি চৰকাৰ গঠন কৰোঁ৷ কাৰণ আমি ৰাইজৰ লগত আছো৷ সেইকাৰণে আমি নিৰ্বাচনৰ আগত ডাঙৰ ডাঙৰ কথা নকও৷ যিয়ে উচ্ছ বাক্য কৰে, যিয়ে নতুনকৈ কাপোৰ চিলাই, যিজন মুখ্যমন্ত্ৰী হম বুলি ভাবে, মন্ত্ৰী হম বুলি ভাবে সেইসকলেই পৰাজিত হয়৷ আমি বহি আছো আৰু আমি নিৰ্বাচনত জিকিম৷ লুৰিণজ্যোতি গগৈয়ে এগজিট প’ল একো নাই বুলি কোৱা সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ তেওঁ কয় যে, লুৰিণ জ্যোতি গগৈৰ সন্দৰ্ভত মই বেছিকৈ ক’বলৈ টান পাও৷ তেওঁ পূৰ্বৰ নিৰ্বাচনত পৰাজিত হৈছে৷ এইবাৰো পৰাজিত হ’ব৷ তেখেত লাগি থাকক৷ লাগি থাকিলে কেতিয়াবা হয়তো কৰৱাত সফল হ’ব৷ কিন্তু তেওঁ বেয়া সংগত পৰিলে৷ লুৰিণজ্যোতিয়ে কৈছিল যে তেওঁ কোনো, ৰাষ্ট্ৰীয় দলৰ লগত নাযাও, কিন্তু তেওঁ কংগ্ৰেছৰ লগ হৈ নিৰ্বাচন অংশগ্ৰহণ কৰিলে গতিকে মানুহে এই কথা বোৰ বেয়া পায়৷ 

[‘আমাৰ অসম’ৰ শিৱসাগৰৰ প্ৰতিবেদক, হোজাই ডবকাৰ প্ৰতিবেদকৰ সহযোগত]

ডিব্ৰুগড়ত ভূপেন-অখিল-লুৰীণৰ বৈঠক

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক : নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে ডিব্ৰুগড়ত গোপন আলোচনাত মিলিত হ’ল বিৰোধী দলৰ তিনি সভাপতি৷ লোকসভা নিৰ্বাচনৰ ফলাফললৈ মাজত মাত্ৰ এটা দিন বাকী থকাৰ মুহূৰ্তত আজি অসম জাতীয় পৰিষদৰ সভাপতি তথা বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ ডিব্ৰুগড়ৰ বাসগৃহত আলোচনাত বহিল কংগ্ৰেছ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ৷ লুৰীণজ্যোতি গগৈৰ গদাপাণি উৰণীয়া সেতুৰ সমীপৰ বাসগৃহত হোৱা গোপন বৈঠকৰ পূৰ্বে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা এগজিট প’লক অসন্তুষ্টি প্ৰকাশ কৰিছে বিৰোধী দলৰ তিনি সভাপতিয়ে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এগজিট প’লক এডজেক্ট প’ল হোৱা নাই বুলি উল্লেখ কৰি কয়, আমি ডিব্ৰুগড়ৰ ব্যৱধান কিমান হ’ব নকওঁ, কিন্তু ডিব্ৰুগড় আৰু যোৰহাটত জয় হোৱাটো নিশ্চিত৷ এগজিট প’লক লৈ কোনো ধাৰণা কৰিব নোৱাৰি৷ আমাক ৰাইজে মৰম কৰিছে৷ আমি জিকাটো বিচাৰিছে ৰাইজে৷ আমি আসন বেছিকৈ পাম৷ এগজিট প’লক লৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ যি মত তাক লৈ মই কওঁ কোন, কাৰ মালিক সকলোৱে জানে৷ মই ভাবোঁ যে এগজিট প’লে যি সমীক্ষা দি আছে হয়টো শাসিত চৰকাৰৰ পক্ষ হৈছে৷ বিজেপিক সমৰ্থন কৰা বাবে এই কাম কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰিছে৷ আনহাতে বিৰোধী ঐক্য মঞ্চৰ পৰা কালি প্ৰকাশ হোৱা এগজিট প’ল একেবাৰে শুদ্ধ নহয় বুলি ক’লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ আনহাতে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ছটা সমষ্টিতে বিৰোধী ঐক্য মঞ্চই জিকাৰ সম্ভাৱনা থকা বুলি দাবী কৰে৷ এই প্ৰসংগত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় যে, আমি ছটা সমষ্টিত জিকাৰ সম্ভাৱনা আছে৷ ধুবুৰী, যোৰহাট, ডিব্ৰুগড়, গুৱাহাটী কৰিমগঞ্জত আমি জয় হোৱাৰ সম্ভাৱনা আছে৷ বিজেপি চৰকাৰৰ বিৰুদ্ধে সকলো এইবাৰ ওলাই আহি ভোট দিছে৷ শেষৰটো ভোট গণনা লৈকে দলীয় কৰ্মী তথা কাউণ্টিং এজেণ্টসকৰক অপেক্ষা কৰিবলৈ অনুৰোধ জনাইছে বিধায়ক অখিল গগৈয়ে৷ এগজিট প’লক লৈ অখিল গগৈয়ে কয়, এগজিট প’লৰ সমীক্ষা কিছু চৰকাৰী সমৰ্থন এজেঞ্চী পৰা আহিছে৷ গতিকে এইটো সত্য বুলি ক’ব নোৱাৰি৷ চৰকাৰী পক্ষৰ হৈ শাসক দলৰ মনোবল বৃদ্ধি আৰু বিৰোধীৰ মনোবল ভাঙিবলৈ এই চেষ্টা কৰা বুলি মন্তব্য কৰিছে৷ একেদৰে অসমৰ শিক্ষিত সমাজ, নৱ প্ৰজন্ম, চাকৰিয়াল সকলোৱে বিৰোধী ঐক্য মঞ্চক ভোট দিয়া বুলি উল্লেখ কৰি এই নিৰ্বাচনে ২০২৬ চনত হ’বলগীয়া বিধানসভা নিৰ্বাচনত চৰকাৰ গঠনৰ পথ মুকলি কৰি দিব বুলি উল্লেখ কৰে৷ তদুপৰি এইবাৰ যদিও কেন্দ্ৰীয় বিজেপি আহে কিন্তু আমি ২০২৬ চনত অসমত বিৰোধী ঐক্য মঞ্চই চৰকাৰ গঠন বুলি দাবী কৰে অখিল গগৈয়ে৷ আনহাতে অসম জাতীয় পৰিষদৰ সভাপতি তথা ডিব্ৰুগড় সংসদীয় সমষ্টিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে কয় যে, এগজিট প’লৰ সমীক্ষা কিছু চৰকাৰী সমৰ্থন তথা এজেঞ্চীৰ পৰা আহিছে৷ গতিকে এইটো সত্য বুলি ক’ব নোৱাৰি৷ ৰাইজৰ মত লৈ এই এগজিট প’ল কৰা নাই বুলি মই ভাবোঁ৷ মোৰ সমষ্টিত আমি জিকিম৷ এইটো আমাৰ আত্মবিশ্বাস৷ তেওঁলোকে ভাবিব পৰাই নাই যে বিজেপি কেনেকৈ খহনীয়া হৈছে৷ আমি দলীয় কৰ্মীসকলক কৈছোঁ এগজিট প’লৰ জৰিয়তে আমাক ভাঙি পেলাব ধৰিছে৷ চাৰি তাৰিখৰ ফলাফল আমাৰ জয় হ’ব আৰু আমি জিকম৷ এইটো আমাৰ আত্মবিশ্বাস৷ গতিকে দলীয় কৰ্মীসকল ভাগি পৰিব নালাগে৷

এয়া একপক্ষীয় সমীক্ষা: খাম্ফা

‘আমাৰ অসম’ৰ কোক্‌ৰাঝাৰৰ বিশেষ প্ৰতিনিধি:  দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ দিনটোত বিভিন্ন সমীক্ষা সংস্থা বিশেষকৈ নিউজ চেনেলসমূহে কোকৰাঝাৰ লোকসভা সমষ্টিত ইউপিপিএল প্ৰাৰ্থীৰ জয় নিশ্চিত কৰা নিৰ্বাচনী সমীক্ষাক লৈ বিপিএফ দলৰ প্ৰাৰ্থী তথা বিপিএফ দলৰ উপ-সভাপতি খাম্ফা বৰগয়াৰীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ তেওঁ আজি কোকৰাঝাৰ সংবাদ মাধ্যমৰ আগত যি নিৰ্বাচনী সমীক্ষা প্ৰকাশ কৰিছে তাত ইউপিপিএল দলক অধিক গুৰুত্ব আৰোপ কৰা হৈছে বুলি অভিযোগ উত্থাপিত কৰি এই নিৰ্বাচনী সমীক্ষাটো নিশ্চিতভাৱে ভুল বুলি দাবী কৰে৷ তেওঁ কয় যে ৰাইজৰ লগত কোনো আলোচনা নকৰি ভিতৰত কি হৈছে তাৰ কোনো অনুসন্ধান নকৰাকৈ ইউপিপিএলক গুৰুত্ব আৰোপ কৰি বিপিএফ দলক মানসিকভাৱে দুৰ্বল কৰিবলৈহে এই নিৰ্বাচনী সমীক্ষা কৰা হৈছে বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে৷ তেওঁ ৰাইজে বিপিএফ দলক আদৰি লোৱাই নহয় বিপিএফ দলক ভোট দিছে৷ গতিকে মই নিশ্চিত যে মই জয়ী হম৷ বহু বেছি ব্যৱধানত নহ’লেও ৭০-৮০ হাজাৰ ভোটৰ ব্যৱধানত মই জিকিম বুলি বৰগয়াৰীয়ে স্পষ্ট কৰি দিয়ে৷ তেওঁ ৯৯ শতাংশ গুৱাহাটীৰ টিভি মিডিয়াই ইউ পি পি এলক জয়ী হ’ব বুলি সমীক্ষা দিয়া বিষয়টো সহজভাৱে ল’ব নোৱাৰি কাৰণ নিজৰ নিজৰ দলৰ মানুহে নিজৰ দলৰ তথা প্ৰাৰ্থীৰ সমৰ্থনতে কৈছে গতিকে আমি এই সমীক্ষা গ্ৰহণ কৰিব নোৱাৰো৷ তেওঁ ৰাইজক নিৰ্বাচনী সমীক্ষাৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে বা বিপিএফ দল হাৰিব বা বিপিএফ দলৰ প্ৰাৰ্থী হাৰিব বুলি দলৰ কৰ্মী-নেতা সদস্য বা ৰাইজে দুৰ্বল হ’ব নালাগে৷ তেওঁ সংবাদ মাধ্যমৰ আগত বড়ো ভোট ৬০%, সংখ্যালঘু ভোট ৭০% বঙালী ৰাজবংশী অসমীয়া হিন্দী ভাষীকে ধৰি সকলো জাতি জনগোষ্ঠীয়ে বিপিএফক ভোট দিছে গতিকে বিপিএফ কেতিয়াও পৰাজিত নহয় বুলি উল্লেখ কৰে৷ তেওঁ কয়– সমীক্ষাক লৈ ৰাইজে দুৰ্বল হ’ব নেলাগে, আমিয়েই জিকিম, এয়া ৪ জুনত প্ৰমাণিত হ’ব৷ যদিওবা এগজিট প’লত কোকৰাঝাৰ আসনখন ইউপিপিএলক দিয়া হৈছে কিন্তু তৎপত্বেও কোকৰাঝাৰত বিপিএফ দলেই জয়ী হ’ব তেওঁ কেন্দ্ৰত যি চৰকাৰেই গঠন নহওক কিয় আমি আদৰণি জনাম বুলি জানিবলৈ দিয়ে৷