Logo
image

ভোট শেষ হোৱাৰ লগে লগে টোলগেটৰ মাচুল বৃদ্ধি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩ জুন : নিত্য-বাৱহাৰ্য খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰে সৰ্বসাধাৰণ জনতাক জ্বলা-কলা খুওৱাৰ সময়তে বিজেপি চৰকাৰে এইবাৰ টোলগেটৰ মাচুল বৃদ্ধিৰে পুনৰ মাধমাৰ শোধালে ৰাজ্যবাসীক৷ সুৰা আৰু আৰু গাখীৰৰ মূল্যবৃদ্ধিৰ পাছত আজিৰ পৰা ৰাজ্যত বৃদ্ধি পাব টোলগেটৰ মাচুল৷ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া অন্ত পৰাৰ পাছতেই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰাজ্যৰ ৯খন টোলগেটত মাচুল বৃদ্ধি কৰিছে৷ আজিৰ পৰা যান-বাহনৰ গৰাকীয়ে  টোলগেট পাৰ হওঁতে প্ৰতিটো যাত্ৰাতে ন্যুনতম ৫ টকাৰ পৰা ৩৫টকা পৰ্যন্ত অতিৰিক্ত মাচুল পৰিশোধ কৰিব লাগিব৷ উল্লেখ্য, নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ফাৰ্মা কোম্পানীসমূহৰ পৰা ইলেক্টৰেল বণ্ডৰ জৰিয়তে কোটি কোটি টকাৰ চান্দা লৈ ঔষধৰ মূল্য বৃদ্ধিত অনুমোদন জনাইছিল কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে৷ আনকি নিৰ্বাচনী পুঁজিৰ বাবেই নিৰ্বাচন চলি থকাৰ মাজতো আলু-পিঁয়াজকে ধৰি সকলো ধৰণৰ খাদ্য-সামগ্ৰীকে ধৰি নিৰ্মাণ সামগ্ৰীৰো অভাৱনীয় মূল্য বৃদ্ধি পাইছিল৷ ইফালে মূল্য বৃদ্ধিৰ পৰা জনতাক সকাহ দিয়াৰ পৰিৱৰ্তে অধিক ৰাজহৰ স্বাৰ্থত বিজেপি চৰকাৰে সুৰাৰ দাম বৃদ্ধি কৰিছিল৷ লক্ষণীয়ভাৱে পহিলা এপ্ৰিলৰ কাৰ্যকৰী হোৱাকৈ টোলগেটৰ মাচুল বৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে প্ৰস্তাৱ দিছিল যদিও নিৰ্বাচনত প্ৰভাৱ পৰাৰ আশংকাত বিজেপি চৰকাৰে তাক অনুমোদন জনোৱা নাছিল৷ এতিয়া শনিবাৰে দেশৰ সাধাৰণ নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটদান সম্পন্ন হোৱাৰ পিছ মুহূৰ্ততে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অসমৰ ৯খন টোলগেটতে ৫ শতাংশকৈ মাচুল বৃদ্ধিৰ জাননী জাৰি কৰিছে৷ সোমবাৰৰ পৰা ৰাজ্যৰ জ্ঝখন টোলগেটতে নতুন নিৰিখ কাৰ্যকৰী হ’ব৷ টোলগেটৰ নতুন নিৰিখ অনুসৰি গুৱাহাটীৰ সমীপৱৰ্তী ‘নাজিৰাখাটৰ’ টোলগেট পাৰ হওঁতে পূৰ্বতে লঘু ব্যক্তিগত বাহনে ১৩৫ টকা দিব লগা হৈছিল যদিও এতিয়াৰে পৰা তেওঁলোকে ১৪০ টকা দিব লাগিব৷ লঘু বাণিজ্যিক বাহনে পূৰ্বতে ২১৫ টকা দিব লগা হৈছিল; কিন্তু এতিয়াৰে পৰা ২২০ টকা দিব লাগিব৷ বাছ আৰু ট্ৰাকৰ পূৰ্ব নিৰিখ ৪৫৫ টকা আছিল যদিও এতিয়া ভৰিব লাগিব ৪৬৫ টকা৷ আনহাতে ‘মদনপুৰ’ টোলগেটৰ নতুন নিৰিখ অনুসৰি পূৰ্বতে লঘু ব্যক্তিগত বাহনে দিব লগা হৈছিল ১৩০ টকা৷ এতিয়াৰে পৰা তেওঁলোকে দিব লাগিব ১৩৫ টকা৷ একেদৰে সামগ্ৰী পৰিবাহী বাহন-মিনিবাছে দিব লাগিব ২১৫ টকা, বাছ আৰু ট্ৰাকৰ পূৰ্ব নিৰিখৰ বিপৰীতে এতিয়াৰে পৰা দিব লাগিব ৪৫০ টকা৷ ‘ৰহা’ টোলগেটত লঘু ব্যক্তিগত বাহনে পূৰ্বতে ১১৫ টকা দিব লগা হৈছিল যদিও এতিয়াৰে পৰা তেওঁলোকে দিব লাগিব ১২০ টকা৷ বাণিজ্যিক বাহনৰ পূৰ্বৰ মাচুল ১৮৫ টকাৰ বিপৰীতে বৰ্তমান ১৯০ টকা লগতে বাছ আৰু ট্ৰাকে পূৰ্বতে দিব লগা হৈছিল ৩৯০ টকা বৰ্তমান ৪০০ টকাকৈ দিব লাগিব৷ মিকিৰাতি টোলগেটত লঘু ব্যক্তিগত বাহনে বৰ্তমান ৯৫ টকাকৈ দিব লাগিব৷ বাণিজ্যিক বাহনৰ পূৰ্বতে আছিল ১৫০ টকা আৰু এতিয়া দিব লাগিব ১৫৫ টকা লগতে বাছ আৰু ট্ৰাকে পূৰ্বতে দিব লগা হৈছিল ৩২০ টকা আৰু এতিয়া দিব লাগিব ৩২৫ টকা৷ ইয়াৰ লগতে, ২ AXLES যুক্ত বাছ–ট্ৰাকে পূৰ্বতে ৪৫৫ টকা দিব লাগিছিল য’ত এতিয়াৰে পৰা ৪৬৫ টকা দিব লাগিব আৰু দিনটোৰ ভিতৰত অহা-যোৱা কৰা এই ২ AXLES বাহনে পূৰ্বতে ৬৮০ টকাৰ পৰিৱৰ্তে এতিয়াৰে পৰা ৭০০ টকা দিব লাগিব৷ ৪ AXLES যুক্ত গধুৰ বাহনে টোলগেট এবাৰ পাৰ হ’বলৈ পূৰ্বতে ৭১০ টকা দিছিল আৰু এতিয়াৰ পৰা ৭৩০ টকা দিব লগা হ’ব৷ ইয়াৰোপৰি, ৪ AXLES বাহনে পূৰ্বতে দিনটোত অহা-যোৱা কৰোঁতে দিব লাগিছিল ১০৭০ টকাৰ পৰিৱৰ্তে এতিয়াৰ পৰা ১০৯৫ টকা পৰিশোধ কৰিব লাগিব৷ ৭ AXLES যুক্ত বা তাতকৈ গধুৰ বাহনে পূৰ্বতে এবাৰ টোলগেট পৰা কৰোঁতে ৮৯০ টকা দিব লাগিছিল, কিন্তু কাইলৈৰ পৰা ৮৯৫ টকা পৰিশোধ কৰিব লাগিব৷ তদুপৰি, ৭ AXLES যুক্ত তথা গধুৰ বাহনে দিনটোত অহা-যোৱাৰ বাবদ আগতে ১৩০০ টকা দিব লগা হৈছিল আৰু কাইলৈৰ পৰা এই মূল্য বৃদ্ধি হৈ ১৩৩৫ টকা পৰিশোধ কৰিব লাগিব৷ লক্ষণীয় বিষয়টো হৈছে এই চাৰিখন টোলগেটৰ উপৰি গলীয়া, পাটগাঁও, দাহালপাৰা, মান্দেৰদিছা আৰু বালাচেৰা টোলগেটৰো মাচুল বৃদ্ধি কৰিছে ৰাষ্ট˜ীয়  ঘাইপথ প্ৰাধিকৰণে৷ আনহাতে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই ৰাজ্যত মুঠ ২৭খন টোলগেট কাৰ্যক্ষম কৰাৰ বাবেও সাজু হৈছে বিজেপি চৰকাৰ৷ শীঘ্ৰে তেজপুৰ কলিয়াভোমোৰ দলং, দেৰগাঁৱৰ ৰঙামাটি, বগীবিল, বিশ্বনাথ আৰু পথালিপাহাৰৰ টোলগেটৰ পৰা মাচুল সংগ্ৰহৰ প্ৰস্তুতি চলাইছে চৰকাৰে৷ তদুপৰি নতুনতৈ জাঁজী, মৰাণ আৰু মেলেঙত টোলগেট নিৰ্মাণৰ কাম আৰম্ভ কৰিব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে৷