Logo
image

ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা পাত ক্ৰয় কৰিবই লাগিব, বণিক গোষ্ঠীক সকীয়নি

‘আমাৰ অসম’ৰ মাহমৰাৰ প্ৰতিবেদক, ৪ জুন : বটলিফ টি মেনুফেকছাৰিং এছ’চিয়েছনে পহিলা জুনৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কৰ দ্বাৰা উৎপাদিত কেঁচা চাহপাত ক্ৰয় নকৰা আৰু বটলিফ ফেক্টৰীৰ উৎপাদনকাৰ্য বন্ধ ৰখাৰ প্ৰতিবাদত আজিৰেপৰা সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই এলানি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে৷ উজনি অসমৰ বিভিন্ন জিলা সদৰৰ লগতে চৰাইদেউ জিলাৰ সদৰ সোণাৰিতো আজি ৬শতাধিক ক্ষুদ্ৰ চাহ খেতিয়কে দুঘণ্টীয়া অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ সোণাৰি নগৰৰ লাচিত উদ্যানৰ সন্মুখত গ্ৰহণ কৰা কৰা কাৰ্যসূচীত প্ৰতিবাদকাৰী ক্ষুদ্ৰ চাহ খেতিয়কসকলে বিভিন্ন প্ৰতিবাদী শ্ল’গান লিপিবদ্ধ বেনাৰ, ফেষ্টুন, প্লে-কাৰ্ডলৈ অৱস্থান ধৰ্মঘট পালন কৰে৷ অৱস্থান ধৰ্মঘটত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ পূব আৰু পশ্চিম অভয়পুৰ, মাহমৰা, সাপেখাতী, বৰহাট, বৰাছালী, শিলাকুটি,  চেপন, লংপতীয়া, বিমলাপুৰ, নামতোলা আদি আঞ্চলিক সমিতিৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদৰ বিষয়ববীয়া-সদস্যই অংশগ্ৰহণ কৰে৷ অৱস্থান ধৰ্মঘটস্থলীতে প্ৰতিবাদকাৰী ক্ষুদ্ৰ চাহ খেতিয়কসকলে বিভিন্ন শ¡’গান দি পৰিৱেশ উত্তাল কৰি তোলে৷ উল্লেখ্য, ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদস্থলীতেই এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি ৰাজ্যৰ আৰ্থ-সামাজিক দিশত প্ৰভূত অৰিহণা আগবঢ়োৱাৰ লগতে স্বাৱলম্বনৰ ক্ষেত্ৰত ক্ষুদ্ৰপৰ্যায়ৰ চাহ খেতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বুলি বক্তাসকলে উল্লেখ কৰি এইক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ দাবী কৰে৷ প্ৰচুৰ সম্ভাৱনাময় ক্ষুদ্ৰ চাহ খেতিয়কৰ এই উদ্যোগটো পৰিকল্পিতভাৱে ধবংস কৰাৰ চক্ৰান্ততে পুঁজিপতি চাহ বণিক গোষ্ঠীয়ে অতি কৌশলেৰে বটলিফ টি ফেক্টৰীক ব্যৱহাৰ কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি ক্ষুদ্ৰ চাহখেতিয়কসকলে কয় যে, ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা সংগ্ৰহ কৰা কেঁচা চাহপাতত কোনো নিষিদ্ধ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা নহয়৷ সেইবাবে ইয়াৰ পৰা প্ৰস্তুত কৰা ‘মেড-টি’ত ৰাসায়নিক দ্ৰব্যৰ অৱশিষ্ট ওলাব নোৱাৰে৷ তৎস্বত্ত্বেও বটলিফ টি মেনুফেকছাৰিং এছ’চিয়েছনে ‘মেড-টি’ত ৰাসায়নিক দ্ৰব্যৰ অৱশিষ্ট থকা বুলি আৰু চাহ নীলাম কেন্দ্ৰত ৫০ শতাংশ ‘মেড-টি’ আৰু ‘টি-ৱেষ্ট’ ১০০শতাংশ বিক্ৰী কৰাৰ বাবে ভাৰতীয় চাহ ব’ৰ্ডে দিয়া নিৰ্দেশনাটোৰ দোহাই দি এক জুনৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা চাহপাত ক্ৰয় নকৰা আৰু ফেক্টৰী বন্ধ ৰখাৰ দৰে কাৰ্য বটলিফ এছ’চিয়েছনৰ একপক্ষীয় সিধান্ত৷ এয়া অগণতান্ত্ৰিক আৰু গ্ৰহণযোগ্য নহয়৷ ইয়াক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই কোনো কাৰণতে মানি নলয় বুলি উনুকিয়াই আজিৰ ভিতৰত যদি কোনো বটলিফ টি ফেক্টৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচা চাহপাত ক্ৰয় নকৰে, তেন্তে সেই ফেক্টৰীত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই নিজাববীয়াকৈ তলা ওলোমাই দিব৷ ইমানেই নহয়, সংশি¡ষ্ট বটলিফ টি ফেক্টৰীৰ অনুজ্ঞা-পত্ৰ বাতিল কৰিবলৈকো স্থানীয় জিলা প্ৰশাসন আৰু ভাৰতীয় চাহ ব’ৰ্ডৰ ওচৰত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই লিখিত অভিযোগ দাখিল কৰিবলৈ বাধ্য হ’ব বুলি স্পষ্ট কৰি দিয়ে৷ বটলিফ টি ফেক্টৰী স্থাপনৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা বায়’-মেট্ৰিক’ কাৰ্ড প্ৰতিজন ক্ষুদ্ৰ চাহ খেতিয়কে যোগান ধৰিছিল অথচ সেই বটলিফ টি ফেক্টৰীয়েই এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত ক্ৰয় নকৰাৰ লগতে ফেক্টৰী বন্ধ ৰাখি প্ৰত্যক্ষভাৱে ক্ষুদ্ৰ চাহ খেতিয়কক ৰাম-টাঙোন শোধোৱাতো সমৰ্থনযোগ্য নহয় বুলি ক্ষোভ প্ৰকাশ কৰে৷ প্ৰতিবাদী সভাত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ নৱজোতি ভূঞা, সহকাৰী সম্পাদক জগত সন্দিকৈ, চৰাইদেউ জিলা সমিতিৰ সভাপতি-সম্পাদক দীলিপ গগৈ আৰু গজেন গগৈ, অসম ক্ষুদ্ৰ চাহ খেতিয়ক উন্নয়ন সমবায় সমিতি লিমিটেডৰ সম্পাদক দেৱজোতি ভূঞা, ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদৰ নাৰায়ণ লাহন আদিয়ে বক্তব্য প্ৰদান কৰে৷  প্ৰতিবাদী সভাত অসমৰ সম্ভাৱনাময় চাহ উদোগত দেশৰ বহু উদ্যোগপতি আৰু বণিক গোষ্ঠীয়ে বৃহৎ পৰিমাণৰ ধন ইতিমধ্যে বিনিয়োগ কৰা বুলি উনুকিয়াই ক্ষুদ্ৰ চাহ খেতিয়কসকলে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, ৰাজ্যৰ দুই লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ মাটি আৰু চাহ ব্যৱসায়টো কুক্ষিগত কৰাৰ স্বাৰ্থতে বটলিফ ফেক্টৰী বন্ধ আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত ক্ৰয় নকৰাৰ দৰে পদক্ষেপটো পৰীক্ষামূলকভাৱে গ্ৰহণ কৰিছে৷ এইক্ষেত্ৰত ভাৰতীয় চাহ ব’ৰ্ডৰ একাংশ শীৰ্ষ বিষয়া-আমোলাৰ লগতে চাহ নিলাম কেন্দ্ৰত অতি সক্ৰিয় হৈ থকা গৰিষ্ঠসংখ্যক ব্ৰকাৰে  আগভাগ লোৱা বুলি কয়৷ উল্লেখ্য, দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত চৰাইদেউ জিলা প্ৰশাসনৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্তদফীয়া এক দাবী স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হয়৷ প্তদফীয়া দাবী স্মাৰক-পত্ৰত উল্লেখ কৰা অনুসৰি ক্ষুদ্ৰ চাহ খেতিয়কৰ দ্বাৰা উৎপাদিত গুণগত মানৰ কেঁচা চাহপাত বটলিফ টি ফেক্টৰীয়ে উচিত মূল্যৰ বিনিময়ত কিনিব লাগিব, ১০০শতাংশ ‘মেড-টি’ চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে বিক্ৰীৰ ব্যৱস্থা হ’ব লাগিব আৰু এইক্ষেত্ৰত স্বচ্ছতা প্ৰদৰ্শন হ’ব লাগিব, ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা উপ-কৰ হিচাপে ইতিমধ্যে সংগৃহীত ধন ক্ষুদ্ৰ চাহ খেতিয়কৰ ফেক্টৰী প্ৰতিষ্ঠাৰ বাবে মোকলাই দিয়া, চৰকাৰী নিৰ্দেশনা মানি নচলা বটলিফ টি ফেক্টৰীৰ ওপৰত প্ৰশাসনিক পদক্ষেপ গ্ৰহণ কৰা আৰু চুবুৰীয়া ৰাজ্য ক্ৰমে অৰুণাচল আৰু নাগালেণ্ডৰ পৰা অহা নিম্নমানৰ কেঁচা চাহপাতৰ আমদানি বন্ধ কৰাৰ লগতে এন অ’ চি বলৱৎ কৰাৰ দাবী সন্নিবিষ্ট কৰিছে৷ ইফালে, বটলিফ টি মেনুফেকছাৰিং এছ’চিয়েছনে পহিলা জুনৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচা চাহপাত ক্ৰয় নকৰা সিধান্ত গ্ৰহণ কৰিছিল যদিও ইয়াৰ মাজতেই উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ কিছুসংখ্যক বটলিফ ফেক্টৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচা চাহপাত গ্ৰহণ কৰিছিল৷ অৱশ্যে, যোৰহাট আৰু গোলাঘাট জিলাত নিয়মীয়াকৈ চাহপাত বটলিফ ফেক্টৰীয়ে লৈ আছিল৷ আনহাতে, আজিও উল্লিখিত জিলাকেইখনৰ বহুসংখ্যক বটলিফ ফেক্টৰীয়ে কেঁচা চাহপাত ক্ৰয় কৰা বুলি জানিব পৰা গৈছে৷ অথচ বটলিফ টি মেনুফেকছাৰিং এছ’চিয়েছনে পূৰ্বে গ্ৰহণ কৰা সিধান্ত আনুষ্ঠানিকভাৱে এতিয়াও বাতিল কৰা নাই৷ কাৰ্যতঃ বটলিফ টি এছ’চিয়েছনৰ ভিতৰতেই বহুসংখ্যক ফেক্টৰীয়ে তেওঁলোকৰ সিধান্তৰ বিৰোধিতা কৰি চাহপাত ক্ৰয় কৰি আছে৷ তেওঁলোকৰ স্পষ্ট মত যে, ক্ষুদ্ৰ চাহ খেতিয়কক পণবন্দী কৰি কেঁচা চাহপাত ক্ৰয় নকৰাৰ লগতে ফেক্টৰী নচলোৱাতো যুক্তিসংগত নহয়৷ চাহ উৎপাদনৰ এই সময়তো ‘ছেকেণ্ড ফ্লাছ’ৰ সময়৷ গুণগত মানৰ কেঁচা চাহপাত এই সময়ত সংগ্ৰহ কৰি গুণগত মানৰ ‘মেড-টি’ প্ৰস্তুত নকৰিলে অসমৰ চাহৰ ব্যৱসায়িক অৱস্থা অধিক নিম্নগামী হোৱাৰ সম্ভাৱনা আছে৷ গতিকে ক্ষুদ্ৰ চাহ খেতিয়কৰ লগতে অসমৰ চাহ উদ্যোগৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই কেঁচা চাহপাত গ্ৰহণ কৰা হৈছে৷ আনহাতে, নীলাম কেন্দ্ৰত ১০০শতাংশ ডাষ্ট-টি, ৫০ শতাংশ মেড-টি  বিক্ৰী কৰা বা নকৰা আদি বিষয়বোৰ ৰাজ্য চৰকাৰ, ভাৰতীয় টি ব’ৰ্ডৰ মাজত আলাপ-আলোচনাৰ মাধ্যমত সমাধান কৰিব পৰা যাব৷ কিন্তু বাঢ়ি অহা কেঁচা চাহপাতবোৰ সময়ত ফেক্টৰীয়ে ল’ব লাগিবই, ইয়াৰ কোনো বিকল্প নাই৷ নহ’লে চাহৰ বজাৰখন অধিক বেয়াৰ দিশে গতি কৰিব বুলি কেঁচাপাত সংগ্ৰহ কৰি থকা একাংশ বটলিফ ফেক্টৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷