Logo
image

পৰ্যটনৰ উন্নয়নৰ ক্ষেত্ৰত কৰিবলগীয়া

এটা কথা অনস্বীকাৰ্য যে এখন দেশত অৰ্থনীতিত পৰ্যটন ক্ষেত্ৰৰ বিশেষ ভূমিকা আছে৷ সেইবাবে বিভিন্ন দেশত পৰ্যটনক এটা উদ্যোগ হিচাপে গণ্য কৰা হয় আৰু পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে বিভিন্ন আঁচনি লোৱা হয়৷ এইক্ষেত্ৰত ভাৰতো ব্যতিক্ৰম নহয়৷ ভাৰতৰ কেইবাখনো ৰাজ্যই বিদেশী পৰ্যটক বৃদ্ধিত বিশেষ গুৰুত্ব দিছে৷ এই ৰাজ্যসমূহৰ ভিতৰত অন্যতম হৈছে কেৰালা৷ ৰাজ্যখনৰ অৰ্থনীতিত পৰ্যটনে এক বিশেষ স্থান দখল কৰি আহিছে৷ কেৰালা চৰকাৰে শেহতীয়াকৈ পৰৱৰ্তী পাঁচ বছৰত ৰাজ্যখন ভ্ৰমণ কৰিবলগীয়া বিদেশী পৰ্যটকৰ সংখ্যা দুগুণ বৃদ্ধি কৰাৰ আঁচনি লৈছে৷ কেৱল কেৰালাই নহয়, আন কেইবাখনো ৰাজ্যত মূল পৰ্যটনস্থলীবোৰৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে বিশেষ আঁচনি লোৱা হৈছে৷ এনেধৰণৰ পদক্ষেপৰ বাবেই শেহতীয়াকৈ ভাৰতত বিদেশী পৰ্যটকৰ সংখ্যা উৎসাহজনকভাৱে বৃদ্ধি পোৱা বুলি কেন্দ্ৰীয় চৰকাৰৰ তথ্যত প্ৰকাশ৷ দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ দেশৰ উত্তৰ-পূৰ্বাঞ্চলতো যথেষ্ট সমল আছে৷ উত্তৰ-পূৰ্বাঞ্চলৰৰ ৰাজ্যকেইখনৰ ভিতৰত সবাতোকৈ গুৰুত্ব থকা ৰাজ্যখন হৈছে অসম৷ ছিকিমক বাদ দি স্থলপথেৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত যাবলৈ হ’লে অসম হৈ যাব লাগিব৷ সেয়েহে অসমৰ  পৰ্যটনস্থলবোৰৰ বিষয়ে জানিবলৈ আৰু সেইবোৰ ভ্ৰমণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে পৰ্যটকসকলে৷ অসম বুলি ক’লেই প্ৰথমে সকলোৰে মনলৈ আহে কাজিৰঙা ৰাষ্ট˜ীয় উদ্যানৰ কথা৷  এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙাত শেহতীয়াভাৱে পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে৷ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে শেহতীয়াকৈ লোৱা বিভিন্ন পদক্ষেপৰ লগতে পৰ্যটকক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত বৰ্তমান ছ’চিয়েল মিডিয়াৰ বিশেষ বৰঙণি আছে৷ কোনো এটা স্থান ভ্ৰমণ কৰাৰ পাছত বিভিন্নজনে সেই ঠাইৰ তথ্যসম্বলিত ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোড কৰিলে আন বহুজন সেই ঠাই ভ্ৰমণত আগ্ৰহী হৈ পৰে৷

কেৱল অসমেই নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ মেঘালয়, অৰুণাচল, নাগালেণ্ড, মিজোৰাম আদি ৰাজ্যতো পৰ্যটকৰ সংখ্যা শেহতীয়াকৈ বৃদ্ধি পোৱা বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে৷ নাগালেণ্ডত প্ৰতিবছৰে ডিচেম্বৰত অনুষ্ঠিত কৰা হৰ্নবিল ফেষ্টিভেল দেশী-বিদেশী পৰ্যটকৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে৷ ৰাজ্যখনৰ পৰ্যটন বিভাগৰ তথ্য অনুসৰি  ২০২৩ বৰ্ষৰ হৰ্নবিল ফেষ্টিভেলত অভিলেখসংখ্যক পৰ্যটকৰ সমাগম হৈছিল৷ ২০২২ বৰ্ষত হৰ্নবিল ফেষ্টিভেলত প্ৰায় এহাজাৰ বিদেশী পৰ্যটকৰ সমাৱেশ হোৱাৰ বিপৰীতে যোৱা বছৰ সেই সংখ্যা প্ৰায় দুগুণ বৃদ্ধি পাইছিল৷ দেশী-বিদেশী পৰ্যটকৰ সা-সুবিধাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন  পদক্ষেপ লোৱা দেখা যায়৷ নাগালেণ্ডৰ দৰে  মেঘালয় আৰু অৰুণাচল প্ৰদেশতো প্ৰতিবছৰে এনেধৰণৰ বিশেষ উৎসৱৰ আয়োজন কৰা হয় আৰু তালৈ ভালেসংখ্যক দেশী-বিদেশী পৰ্যটকৰ সমাগম ঘটে৷ যিহেতু এইসকল লোকে অসম হৈয়েই উল্লিখিত ৰাজ্যকেইখনলৈ যাব লাগে, সেয়েহে তেওঁলোকক অসম ভ্ৰমণৰ প্ৰতিও আগ্ৰহী কৰাব পাৰিলে অসমত অধিক বৃদ্ধি পাব পৰ্যটকৰ সংখ্যা৷ প্ৰধানতঃ অসমত বাৰিষা যোৱাৰ পিছৰ সময়ছোৱাহে পৰ্যটনৰ বাবে অনুকূল সময় বুলি কোৱা হয়৷ সেয়েহে নাগালেণ্ডৰ হৰ্নবিল ফেষ্টিভেল, মেঘালয়ৰ চেৰী ফেষ্টিভেলৰ দৰে অসমতো বাৰ্ষিক উৎসৱৰ আয়োজন কৰিব পাৰিলে আশানুৰূপ ফল পোৱা যাব বুলি ক’ব পাৰি৷ 

 উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ উৎসৱ-পাৰ্বণবোৰৰ বিষয়েও বাহিৰত ভালদৰে প্ৰচাৰ চলালে এই ৰাজ্যকেইখনলৈ  পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব৷ প্ৰাকৃতিক সম্পদত চহকী এই ৰাজ্যকেইখনত  দুঃসাহসিক ক্ৰীড়াৰ যোগেদিও পৰ্যটকক আকৰ্ষণ কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে৷ ছিকিম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত ইতিমধ্যে এইক্ষেত্ৰত বিভিন্ন আঁচনি লৈ সফল হোৱা দেখিবলৈ পোৱা গৈছে৷ অসমতো দুঃসাহসিক ক্ৰীড়াৰ ক্ষেত্ৰখনত যথেষ্ট সম্ভাৱনা আছে৷ সেয়েহে ক্ৰীড়া সংগঠনবোৰৰ সহযোগত  পৰ্যটন বিভাগে এই বিষয়টোতো গুৰুত্ব দিয়া উচিত৷