Logo
image

অহংকাৰৰ পতন ঘটিল, এইবাৰ বিজেপিৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে ৰাইজে ৰায় দিলেঃ অখিল গগৈ

শিৱসাগৰৰ পৰা মনোজ কুমাৰ গগৈ, ৫ জুনঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বুধবাৰে বিয়লি শিৱসাগৰ নগৰৰ গোহাঁইচুকত অৱস্থিত বাসভৱনত সংবাদ মেলত আহ্বান কৰে। সংবাদ মেলত অখিল গগৈয়ে কয়, "২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনত সাম্প্ৰদায়িকতাৰ পৰাজয় হৈছে‌। ফেচীবাদৰ পৰাজয় হৈছে। মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰৰ পতন ঘটিছে। এইটোৱেই হ'ল ২০২৪ চনৰ নিৰ্বাচনৰ ডাঙৰ সফলতা আৰু ইতিবাচক খবৰ। এই নিৰ্বাচনত সাম্প্ৰদায়িকতাৰ এজোপা বিশাল গছ উভালি পৰিল। ধৰ্মীয় উন্মাদনাৰে আচ্ছন্ন কৰি ৰখা বিশাল নেতিবাচক শক্তিৰ পতন হ'ল। তেওঁলোকে অহংকাৰেৰে কৈছিল যে ৪০০ আসন পাব। কিন্তু ২৪০ খন আসনতে তেওঁলোক সীমাবদ্ধ হ'ল। এতিয়া কোনেও অকলে চৰকাৰ গঠন কৰিব নোৱাৰে। মোদীৰ একাধিপত্য, মোদীৰ অহংকাৰ আছিল, তেওঁ এক দেশ, এক শাসন ব্যৱস্থালৈ লৈ যাবলৈ বিচাৰিছিল। সংবিধান বদলি কৰিবলৈ বিচাৰিছিল। কিন্তু নিৰ্বাচনৰ ফলাফলে সেইবোৰ ৰখাই দিলে। মোদীয়ে এতিয়া সংবিধান সলনি কৰিম বুলিও ক'ব নোৱাৰে। এতিয়া আন আন সহযোগী দলসমূহৰ কথামতে চলিবলৈ বাধ্য হ'ব। হয়তো এনেকুৱা হ'ব পাৰে। নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী নহ'বও পাৰে। ক্ষমতা, দম্ভ, অহংকাৰ, টকা-পইচা, নিৰ্বাচন আয়োগ, ইডি, চিবিআই, পুলিচ আদি সকলো বিলাক শক্তি প্ৰয়োগ কৰাৰ পাছতো জনতাই বিজেপিক এটা নিৰ্দিষ্ট ঠাইত ৰাখি থ'লে। আমি চৰকাৰ গঠন কৰাৰ পৰ্যায়লৈ নগ'লো। কিন্তু চৰকাৰক নিয়ন্ত্ৰণ কৰিব পৰা পৰ্যায়ত ৰাখিলো।"


তেওঁ আৰু কয় যে অসম জাতীয় পৰিষদ, বাওঁ দল, আপ, তৃণমূলক লগত লৈ ২০২৪ চনৰ শিক্ষাৰ পৰা ২০২৬ চনৰ নিৰ্বাচনত অহংকাৰী বিজেপি চৰকাৰ তথা সাম্প্ৰদায়িকতাক পৰাভূত কৰিব লাগিব। এইবাৰ আমি বিৰোধী ঐক্য মঞ্চই বদৰুদ্দিন আজমলক, এ আই ইউ ডি এফ দল তথা সাম্প্ৰদায়িক শক্তিক এই ৰাজনীতি ক্ষেত্ৰৰ পৰা চিৰকাললৈ বিদায় দিলোঁ। শৰাইঘাটৰ শেষ ৰণত বিজেপি জিকিলে নে বিৰোধী ঐক্য মঞ্চ জিকিল? মুখ্যমন্ত্ৰীয়ে এই কথাটো ক'ব লাগে।