Logo
image

দিল্লীত ‘ইণ্ডিয়া’ৰ বৈঠক, অনুপস্থিত মমতা-উদ্ধৱ

'আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৬ জুন : বিৰোধীৰ দুই শক্তিশালী নেতা-নেত্ৰী ক্ৰমে উদ্ধৱ থাকৰে আৰু মমতা বেনাৰ্জীৰ অনুপস্থিতিত বুধবাৰে ‘ইণ্ডিয়া’ জোঁটৰ বৈঠক অনুষ্ঠিত হয়৷ কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ দিল্লীৰ বাসভৱনত বুধবাৰে সন্ধিয়া অনুষ্ঠিত বৈঠকত খৰ্গেই দাবী কৰে, এই লোকসভা নিৰ্বাচনৰ ফলাফল নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে দেশৰ জনতাৰ পৰিষ্কাৰ ৰায়৷ তেওঁ এই গণৰায় মোদী আৰু বিজেপিৰ বিৰুদ্ধে যোৱা বুলিও দাবী কৰে৷ তেওঁ বিজেপিৰ বিৰুদ্ধে ‘ইণ্ডিয়া’ জোঁটৰ সকলো দলে সংঘৱদ্ধভাৱে সাহসেৰে যুঁজ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ বিৰোধীৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত কি আৰু কেনে সম্ভাৱনা আছে সেই সন্দৰ্ভত আলোচনা হোৱাৰ কথা থাকিলেও তেনে বিষয়ত মুকলি আলোচনা নোহোৱা বুলিয়েই প্ৰকাশ৷

বিৰোধী জোঁট ‘ইণ্ডিয়া’ই মুঠতে ২৩৪খন আসন লাভ কৰিলে৷ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ পৰা সেই সংখ্যা ৩৮খন আসন দূৰৈত৷ সেয়ে আপাত দৃষ্টিত ‘ইণ্ডিয়া’ৰ চৰকাৰ গঠনৰ সম্ভাৱনা নাই৷ কিন্তু খৰ্গেই অসাম্প্ৰদায়িক আৰু একে মনোবৃত্তিৰ দলক ‘ইণ্ডিয়া’ জোঁটলৈ আমন্ত্ৰণ জনাইছে৷ ‘ইণ্ডিয়া’ জোঁটৰ কংগ্ৰেছে সৰ্বাধিক ৯৯খন আসন আৰু সহযোগী দল সমাজবাদী পাৰ্টীয়ে ৩৭খন, তৃণমূল কংগ্ৰেছে ২৯খন, ডিএমকেই ২২খন, শিৱসেনাই [উদ্ধৱ] ৯খন, এনচিপিয়ে ৮খন, আৰডেজিয়ে ৪খন, চিপিএমে ৪খন, জেএমএমে ৩খন, আইইউএমএলে ৩খন, আপে ৩খন, ভিচিকে, চিপিআই, চিপিআই [এমএল] [এল], জেকেএনচিয়ে প্ৰত্যেকেই ২খনকৈ, বিএডিভিপি, এমডিএমকে, আৰএছপি, কেচি আৰু আৰএলটিপি দলে গাইপতি এখনকৈ আসন লাভ কৰে৷

‘ইণ্ডিয়া’ জোঁটৰ এই অতি গুৰুত্বপূৰ্ণ বৈঠকত উদ্ধৱ থাকৰে আৰু মমতা বেনাৰ্জীৰ অনুপস্থিতিয়ে তীব্ৰ চৰ্চা লাভ কৰিছে৷ উদ্ধৱ থাকৰে পুনৰ এনডিএলৈ যাব বুলি চলি থকা চৰ্চাত তেওঁৰ অনুপস্থিতিয়ে ইন্ধন যোগাইছে৷ আনহাতে, ফলাফলৰ পাছত একেলগে বৈঠকত মিলিত হ’ব বুলি আগতীয়া প্ৰতিশ্ৰুতি দিয়া মমতা বেনাৰ্জীৰ অনুপস্থিতিও ৰহস্যজনক৷ ‘ইণ্ডিয়া’ গঠনৰ তৃতীয়খন বৈঠকৰ পৰাই মমতা বেনাৰ্জীৰ এৰা-ধৰা মনোবৃত্তিয়ে জোঁটক দুৰ্বল কৰি পেলোৱা বুলিও দেশৰ ৰাজনীতিত চৰ্চাৰ বিষয় হৈ পৰিছে৷ অৱশ্যে উদ্ধৱ থাকৰেৰ প্ৰতিনিধি হিচাপে সঞ্জয় ৰাউট আৰু মমতাৰ প্ৰতিনিধিৰূপে অভিষেক বেনাৰ্জী বৈঠকত উপস্থিত আছিল৷ আনহাতে, মল্লিকাৰ্জুন খৰ্গেৰ উপৰি ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, কে চি বেনুগোপাল, শাৰদ পাৱাৰ, সুপ্ৰিয়া ছুলে, এম কে ষ্টেলিন, অখিলেশ যাদৱ, তেজস্বী যাদৱ, সীতাৰাম য়েছুৰী, ডি ৰাজা, কল্পনা ছোৰেণ, চেম্পাই ছোৰেণ, সঞ্জয় সিং, ৰাঘৱ ছাড্ডাকে ধৰি ৩৩জন নেতা বৈঠকত উপস্থিত থাকে৷