Logo
image

মুখ্যমন্ত্ৰী দিল্লীলৈ সংগী অতুল-প্ৰমোদ

আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ৬ জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালৰ চৰকাৰ গঠনৰ সাক্ষী হ’বলৈ বুধবাৰে নতুন দিল্লীলৈ উৰা মাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ মুখ্যমন্ত্ৰীৰ সৈতে দিল্লী চফৰৰ সংগী হয় অগপ সভাপতি অতুল বৰা আৰু ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো৷ ৮ জুনত মোদী ৩.০ই শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে৷ ইয়াৰ পূৰ্বে আজি প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এন ডি এৰ গুৰুত্বপূৰ্ণ বৈঠক৷ সংসদৰ মজিয়ালৈ প্ৰথমবাৰৰ বাবে প্ৰতিনিধি প্ৰেৰণ কৰিবলৈ সক্ষম হোৱা ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে আজি প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত এন ডি এৰ বৈঠকত অংশ গ্ৰহণ কৰে৷ আনহাতে এক দশকৰ মূৰত লোকসভাত প্ৰতিনিধি প্ৰেৰণ কৰা অগপৰ সভাপতি অতুল বৰায়ো উক্ত বৈঠকত অংশ গ্ৰহণ কৰে৷ বিয়লিৰ ভাগত অনুষ্ঠিত উক্ত বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত দুয়ো দলৰ নেতাই লোকসভা নিৰ্বাচনত লাভ কৰা সফলতাৰ বাবে উতফুল্লতা ব্যক্ত কৰে৷ দহ বছৰ পিছত লোকসভালৈ প্ৰতিনিধি প্ৰেৰণ কৰিবলৈ পাই উৎফুল্লিত অগপ সভাপতিজনে অসমৰ ৰাইজৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত কৃতজ্ঞতা ব্যক্ত কৰে৷ মোদীৰ নেতৃত্বত বিজেপিয়ে একক ভাবে সংখ্যাগৰিষ্ঠতা নাপালেও নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে তৃতীয় বাৰৰ বাবে এন ডি এ চৰকাৰ গঠন কৰা হব বুলি বৰাই স্পষ্ট কৰি দিয়ে৷ তেওঁ কয় যে এইবাৰ আমাৰ লক্ষ্য আছিল অগপৰ এজন প্ৰতিনিধি যাতে লোকসভাত প্ৰতিনিধিত্ব কৰিব পাৰে৷ বৰপেটা সমষ্টিত ফণীভূষণ চৌধুৰীৰ জয়লাভেৰে আজি আমি এই লক্ষ্যত উপনীত হব পাৰিছো৷ এক দশকৰ মূৰত এই সুযোগ লাভ কৰাৰ বাবে আমি যথেষ্ট আনন্দিত তথা অসমৰ ৰাইজৰ ওচৰত কৃতজ্ঞ থাকিম বুলি বৰাই সাংবাদিকৰ আগত ব্যক্ত কৰে৷ আনহাতে ইউ পি পি এলৰ সভাপতি তথা বি টি এ ডিৰ মুৰব্বী প্ৰমোদ বড়োৱে কয়– ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বৰ বাবেই তেওঁৰ দলটোয়ে আজি এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷’ সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত বড়োৱে কয়– চৰকাৰ গঠনৰ বাবে এন ডি এ সম্পূৰ্ণৰূপে ঐক্যবদ্ধ৷ ইণ্ডিয়া জোঁটে হাজাৰ চেষ্টা কৰিলেও চৰকাৰ গঠন কৰিব নোৱাৰে বুলিও তেওঁ মন্তব্য কৰে৷ আনহাতে কেৱল লোকসভা বুলি নহয়, প্ৰথমবাৰৰ বাবে সংসদত প্ৰতিনিধিত্ব কৰিবলৈ যোৱা জয়ন্ত বছুমতাৰীয়ে সদনৰ মজিয়াত বড়োলেণ্ডৰ সমস্যা উত্থাপন কৰাৰ লগতে সমস্যা সমাধানৰ বাবেও চেষ্টা কৰিব বুলি বড়াই মন্তব্য কৰে৷

এয়া আমাৰ ক্ৰমবৰ্ধিত গ্ৰহণযোগ্যতা: ভৱেশ কলিতা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ: সদ্যঘোষিত লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি তথা এনডিএৰ ঐতিহাসিক সফলতাৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই প্ৰতিজন দলীয় কাৰ্যকৰ্তাৰ লগতে অসমবাসীক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰে৷ আজি দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি ৰাজ্যিক সভাপতি গৰাকীয়ে কয়, বিগত প্ৰায় তিনিমাহ ধৰি দলৰ ৰাজ্যিক বিষয়ববীয়া, জিলা বিষয়ববীয়া, বুথ তথা শক্তিকেন্দ্ৰ প্ৰমুখ, পৃষ্ঠাপ্ৰমুখ পৰ্যায়লৈকে প্ৰতিজন কাৰ্যকৰ্তাই ভাৰতীয় জনতা পাৰ্টিৰ এই বিজয়ৰ মূল হোতা, তেওঁলোকলৈ মোৰ সশদ্ধ প্ৰণাম৷ কলিতাই কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে তৃতীয়বাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে, এই চেগতে নৰেন্দ্ৰ মোদীসহিতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন বিজয়ী প্ৰাৰ্থীলৈকে পুনৰাই আন্তৰিক অভিনন্দন জনাইছোঁ৷ অসমতো মুখ্যমন্ত্ৰী ৬০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি তথা এন ডি এৰ মিত্ৰজোঁটে প্ৰথমবাৰৰ বাবে ১১খন আসন লাভ কৰিবলৈ সক্ষম হোৱাই নহয়, ৯৪টা বিধানসভা সমষ্টিতেই বিৰোধীতকৈ অধিক ভোট লাভ কৰিছে৷ এই সফলতাই অনাগত দিনত দলটোৰ বাবে অত্যন্ত ইতিবাচক বতৰা কঢ়িয়াই আনিছে বুলিও কলিতাই লগতে মন্তব্য প্ৰকাশ কৰে৷