Logo
image

২.৫৬ লাখ ‘নোটা’ পৰিল অসমত, ইন্দোৰত ২ লক্ষাধিক

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৬ জুন : অসমৰ ১১টা সমষ্টিত বিজেপি-মিত্ৰজোঁট আৰু বাকী ৩টা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে বিজয় লাভ কৰিলেও ৰাজ্যৰ প্ৰায় আঢ়ৈ লাখ ভোটাৰে বিচাৰি নাপালে পছন্দৰ প্ৰাৰ্থী৷ এক কথাত অসমত প্ৰাৰ্থীক লৈ অসন্তুষ্ট ভোটাৰৰ সংখ্যা যেন ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে৷ পচন্দৰ প্ৰাৰ্থী নথকাত নিৰ্বাচন আয়োগে দিয়া সুবিধাৰ সুযোগ লৈ অসন্তুষ্ট ভোটাৰে ইভিএমৰ ‘নোটা’ত বুটাম টিপিছে৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ ২,৫৬,৫৮০জন ভোটাৰে এইবাৰৰ নিৰ্বাচনত পচন্দৰ প্ৰাৰ্থী বিচাৰি নাপালে৷ যাৰ বাবে তেওঁলোকে ইভিএমৰ ‘নোটা’ত ভোটদান কৰিলে৷ অসমত সৰ্বাধিক ডিব্ৰুগড় লোকসভা সমষ্টিত ৩২,২৫৫জন ভোটাৰে নোটাৰ বুটাম টিপিলে৷ অথচ এই সমষ্টিটোৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আছুৰ প্ৰাক্তন সভাপতি অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ, চাহ জনগোষ্ঠীয় নেতা মনোজ ধানোৱাৰৰ দৰে হেভিৱেট প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল৷ তথাপিও সমষ্টিটোৰ ৩২,২৫৫জন ভোটাৰে কোনো প্ৰাৰ্থীকে পচন্দ নকৰি নোটাৰ ভোট প্ৰদান কৰে৷ ইয়াৰ পাছতেই দৰং-ওদালগুৰি সমষ্টিত ২৩,২০৪টা, গুৱাহাটী সমষ্টিত ২০,২৪৯টা, ডিফু সমষ্টিত ১৬,২৫৯টা, কৰিমগঞ্জ সমষ্টিত ২,৯৪০টা, শিলচৰ সমষ্টিত ১২,৭০০টা, লখিমপুৰ সমষ্টিত ১৬,৯২১টা, ধুবুৰী সমষ্টিত ১৫,০১৫টা, নগাঁও সমষ্টিত ১১,৯৯৫টা, কোক্‌ৰাঝাৰ সমষ্টিত ১৩,৯১২টা, যোৰহাট সমষ্টিত ১৪,৫৫৫টা, বৰপেটা সমষ্টিত ১৭,১৭৭টা, শোণিতপুৰ সমষ্টিত ১৮,৭৪৮টা আৰু কাজিৰঙা সমষ্টিত ২৪,৪৩১টা ভোট নোটাত পৰিছে৷ লক্ষণীয়ভাৱে ২০১৯ চনৰ নিৰ্বাচনত অসমত সৰ্বমুঠ ৰ,৬৮,৩৫১টা ভোট নোটাত পৰিছিল৷ ২০১৯১ তুলনাত এইবাৰ নোটাত ভোটৰ সংখ্যা প্ৰায় ৯০ হাজাৰ বৃদ্ধি পালে৷ ইফালে, মধ্য প্ৰদেশৰ এটা সমষ্টিত সৰ্বাধিক ২ লাখ ভোট নোটাত পৰিছে৷ মধ্য প্ৰদেশৰ ইন্দোৰ সমষ্টিত সৰ্বমুঠ ২,১৮,৬৭৪টা ভোট নোটাত পৰে৷ ইন্দোৰ সমষ্টিৰ পৰা দেশৰ ভিতৰতে সৰ্বাধিক ১০.০৮ লাখ ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী শংকৰ লালৱানীয়ে জয়লাভ কৰে৷ সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছৰ প্ৰাৰ্থীজনে শেষমুহূৰ্তত মনোনয়ন প্ৰত্যাহাৰ কৰি বিজেপি প্ৰাৰ্থীক সমৰ্থন জনোৱাৰ ফলত কংগ্ৰেছৰ সমৰ্থকক নোটাত ভোট দিবলৈ আহ৩ান জনোৱাত সমষ্টিটোত নোটাত দ্বিতীয় সৰ্বাধিক ভোট পৰে৷ অৱশ্যে ৰাজ্য হিচাপত বিহাৰত দেশৰ ভিতৰতে সৰ্বাধিক ২.০৭ শতাংশ ভোট নোটাত পৰিছে৷