Logo
image

নিয়মীয়াকৈ ভাত কেৰেলা খাওঁক

থলুৱাভাৱে উৎপাদিত গ্ৰীষ্মকালীন পাচলি হিচাপে ভাত কেৰেলা সকলোৰে বাবে চিনাকি নাম৷ ভাত কেৰেলা এবিধ নিৰোগী পাচলি৷ গাত ক্ষুদ্ৰ ক্ষুদ্ৰ কাঁইট থকা প্ৰায় গোলাকাৰ আকৃতিৰ এই পাচলিবিধ বহুতৰে বাবে প্ৰিয়৷ পিটিকা, ভাজি বা তৰকাৰী হিচাপেও খাব পাৰি ভাতকেৰেলা৷ ইয়াক সিজায়ো খাব পাৰি৷ ভাতকেৰেলাৰ বিভিন্ন গুণৰ বাবে ই মানুহৰ মাজত অতি জনপ্ৰিয়৷ অসমৰ বজাৰত সহজে উপলব্ধ ভাত কেৰেলা৷ তদুপৰি গাঁওসমূহত ঘৰে-ঘৰে ভাত কেৰেলাৰ খেতি কৰা হয় অথবা খোৱাৰ জোখেৰে উপলব্ধ হয়৷ স্বাস্থ্য গুণাগুণৰ বাবেও ভাত কেৰেলাক বিশেষ শাৰীত ৰখা হয়৷ ভাত কেৰেলা মুলৰ ৰস অশ্বৰ্ৰোগৰ বাবে ব্যৱহাৰ কৰা হয়৷  ভাত কেৰেলাত বিলাহিতকৈ বেছি পৰিমাণে লাইকোডিন থাকে৷ গাজৰতকৈ বিছগুণ অধিক বিটা কেৰোটিন আৰু কমলা বা নেমুতকৈ চল্লিছ গুণ অধিক ভিটামিন থাকে৷

# ভাত কেৰেলা কৰ্কট ৰোগৰ প্ৰতিৰোধক৷ এইবিধ পাচলিত  এনে এক উপাদান থাকে যি কৰ্কট ৰোগ প্ৰতিৰোধত সহায় কৰে৷ বিশেষকৈ কৰ্কটৰ কোষ বিভাজন হ্ৰাস কৰে ভাত কেৰেলাই৷ সহজ অৰ্থত কবলৈ গ’লে  কৰ্কট ৰোগ বিয়পাত বাধা দিয়ে ভাত কেৰেলাই৷ 

# ভাত কেৰেলাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থকাৰ লগতে আইৰণ, ফলিক এচিড আৰু প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে৷ এইবিধ পাচলিয়ে এনিমিয়া ৰোধ কৰাত বিশেষভাৱে সহায় কৰে৷

# আলুৰ দৰে এইবিধ পাচলিত থকা অত্যধিক পৰিমাণৰ কাৰ্বহাইড্ৰেটে ৰোগীৰ তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰে৷ যাৰ বাবে-ভাত কেৰেলা ডায়বেটিছ ৰোগীসকলৰ বাবে এক উৎকৃষ্ট পাচলি হিচাপে বিবেচিত হৈছে৷ 

# ভাত কেৰেলা কম কেলৰি আৰু বেছি ফাইবাৰ যুক্ত এবিধ খাদ্য৷ যিয়ে ইনচুলিন নিঃসৰণত সহায় কৰে৷ ই কিছু পৰিমাণে ডায়বেটিছ নিয়ন্ত্ৰণ কৰে৷ কলেষ্টৰেল নিৰাময়ৰ ক্ষেত্ৰত ভাত কেৰেলাই বিশেষভাৱে সহায় কৰে৷

# ভাত কেৰেলাৰ আছে বিবিধ ঔষধি গুণ৷ এই পুষ্টিগুণসমৃদ্ধ খাদ্য খাই নিৰোগী আৰু বলৱান হৈ থাকিব পাৰি৷ ভিটামিন চি থকাৰ বাবে শৰীৰত অতিৰিক্ত মেদ জমা হোৱাত বাধা দিয়ে ভাত কেৰেলাই৷ চৰ্দি আৰু পানীলগা জ্বৰ ৰোধ কৰাতো ভাতকেৰেলাই সহায় কৰে৷ পানীলগা জ্বৰ হৈ ভোক নোহোৱা হ’লে-ভাত কেৰেলা ভাতত দি তেল আৰু নিমখেৰে পিটিকি খালেও শৰীৰলৈ শক্তি আহে৷