Logo
image

মুখ্যমন্ত্ৰীয়ে আখ্যা দিয়া নায়ক হ'বলৈ গ'লে কাইলৈকে জিৰ' হ'ব লাগিবঃ ৰকিবুল হুছেইন

'আমাৰ অসম'ৰ চামগুৰিৰ প্ৰতিবেদক, ৬ জুনঃ "যদি ধুবুৰীত দহ লাখৰো অধিক ভোটত বিজয়ী হোৱাটো সাম্প্ৰদায়িকতাৰ উত্থান তেনেহ'লে যোৰহাটত কংগ্ৰেছ বিজয়ী হোৱাটো কিহৰ উত্থান? অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ মানুহক বেয়া বেয়া কথাবোৰ কৈ সমাজখন ভাগ ভাগ কৰিছে। আমি চিন্তা কৰোঁ সমাজখনৰ মিলনৰ কথা, সকলো জাতি জনগোষ্ঠীক লগত লৈ সমাজখন আগুৱাই নিয়াৰ, ৰাজ্যখনক আগুৱাই নিয়াৰ৷ তাৰ বিপৰীতে তেওঁ চিন্তা কৰে মিলন ভংগৰ কথা।"এই মন্তব্য ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বাধিক ভোটত জয়লাভ কৰা ধুবুৰী লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনৰ।

পাঁচ বাৰকৈ চামগুৰি সমষ্টিৰ বিধায়ক ৰূপে বিজয়ী হোৱা ৰকিবুল হুছেইনে চামগুৰিত উপস্থিত হৈ বৃহস্পতিবাৰে একালৰ সতীৰ্থ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে। চামগুৰি বিধানসভা সমষ্টিৰ বাজিয়াগাঁও ব্লক কংগ্ৰেছ কাৰ্যালয়ত উপস্থিত হৈ সাংসদ হুছেইনে কয়, "আজি মুখ্যমন্ত্ৰী হতাশ হৈছে। ডিব্ৰুগড়ত বিজেপিৰ জয়ক লৈ যিমান আনন্দিত হৈছে, ধুবুৰীত বদৰুদ্দিনৰ পৰাজয়ত তাতোতকৈ বেছি দুঃখিত আৰু হতাশ হৈছে। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ধুবুৰীৰ কোন চাৰিটা বিধানসভা সমষ্টিক জয়ী কৰালে তাক স্পষ্ট কৰক। গৌৰৱ গগৈ জয়যুক্ত হোৱা বিধানসভা সমষ্টিত কোন মানুহ আছে তাক স্পষ্ট কৰক। আজি সোঁতৰ বিপৰীতে গৈ ৰকিবুল হুছেইন জয়ী হৈছে। তেওঁ সোঁত যিফালে বয় সেই ফালে ঢাল খায়। তেওঁ সোঁতৰ বিপৰীতে গৈ জয়ী হৈ দেখুওৱাক। আজি তেওঁ মোক ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বাধিক ভোটত জয়ী হোৱাৰ বাবে নায়ক সজাব খুজিছে। তেওঁৰ নায়ক মই হ'ব নাযাওঁ। তেওঁৰ নায়ক হ'বলৈ গ'লে কাইলৈকে ম‌ই জিৰ' হৈ যাম।"


চামগুৰিৰ কংগ্ৰেছ নেতা-কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত সভাখনত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে লগতে কয়, "মুখ্যমন্ত্ৰীগৰাকীয়ে মূল্যবৃদ্ধিৰ কথা একো নকয়। আজিৰ দিনটোতে একমাত্ৰ অসমত পেট্ৰ'ল-ডিজেল, গাখীৰ, মিঠাতেল, আলু, পিঁয়াজৰ দাম বাঢ়িছে। এই সম্পৰ্কত তেওঁ নিমাত। দুখীয়া ৰাইজৰ আজি চলিব নোৱাৰা অৱস্থা। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে চৰম হতাশাত ভুগি সাম্প্ৰদায়িকতাৰ কথা বতৰাবোৰ কৈ ৰাইজক মূল কথাৰ পৰা আঁতৰাই ৰাখিছে। আমি তেওঁৰ জালত নপৰোঁ। এদিন দেখিব আমি পতা জালত তেওঁ পৰিব। টেটু চেপি মানুহক শাসন কৰিছে। ৰঙা চকু দেখুৱাই সকলোকে দমন কৰিব বিচাৰে। তেওঁৰ ভিতৰুৱা অৱস্থাই এতিয়া থৰক-বৰক। বহু কষ্ট কৰি যি সকলে বিজেপিক ঠন ধৰালে সেই সকলকে কি অৱস্থা কৰিছে? তেওঁ বিজেপি ধ্বংস কৰাৰ দায়িত্ব লৈছে। যিমান বোকাত নামিব সিমানেই লুতুৰি-পুতুৰি হ'ব। ৰাইজে তেওঁক কিয় বেয়া পাইছে সেই কথা অনুধাৱন কৰি ৰাইজক ক্ষমা খোজক। ৰাইজে উগ্ৰ মিঠা আৰু উগ্ৰ তিতা দুয়োটাকে বাদ দিছে। তেওঁ সাম্প্ৰদায়িকতাৰ কথা বতৰা বাদ দি মূল্যবোধৰ ৰাজনীতি কৰক।" 

চামগুৰি ব্লক কংগ্ৰেছৰ সভাপতি প্ৰদীপ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা, তানজিল হুছেইন, আব্দুল মালেক আদি কংগ্ৰেছৰ নেতাসকল উপস্থিত থাকে। ইপিনে এইবাৰ চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব নেকি বুলি সাংসদ হুছেইনক সাংবাদিকে সোধা প্ৰশ্নৰ পৰা আঁতৰি আগতে পঞ্চায়ত নিৰ্বাচন আছে তাৰ চিন্তাহে কৰা হৈছে বুলি মন্তব্য কৰে। চামগুৰিৰ বাজিয়াগাঁৱৰ সভাৰ পাছতে সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত লাওখোৱা ব্লক কংগ্ৰেছৰ উদ্যোগত লৰিৰমুখত আন এক সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।