Logo
image

পুনৰ ৰাজেন গোঁহাইৰ বিস্ফোৰণঃ মুখ্যমন্ত্ৰীক সমালোচনা, গৌৰৱক প্ৰশংসা

'আমাৰ অসম'ৰ নগাঁৱৰ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুনঃ মানুহক তুচ্ছ-তাচ্ছিল্য কৰাৰ যিটো সংস্কৃতি আগতে কংগ্ৰেছত আছিল সেইটো এতিয়া বিজেপিলৈ আহিল। বিজেপিত বিনয়ী- নম্ৰতাৰ যিটো সংস্কৃতি আছিল, সেইটো গৌৰৱ গগৈ বা কংগ্ৰেছৰ নেতাই গ্ৰহণ কৰিলে। গতিকে কংগ্ৰেছ প্ৰাৰ্থীক যোৰহাটৰ দৰে সমষ্টিত মানুহে আদৰি লৈছে। অসমৰ বিজেপিয়ে আত্মমন্থন কৰিব লাগে। নিজৰ ভুল স্বীকাৰ কৰি শুধৰণি কৰিব লাগে। অহংকাৰী হৈ লাভ নহ'ব। অহংকাৰ দুৰ্যোধনৰো আছিল। নিজৰ অহংকাৰৰ বাবেই দুৰ্যোধন শেষ হৈ গ'ল। অসমৰ মুখ্যমন্ত্ৰীৰ দৰে নেতাসকল বিজেপিৰ ঘাই শিপা নহ । তেওঁলোক চুলি শিপাহে। তেওঁলোক ঘাই শিপা হ'বই নোৱাৰে। ঘাই শিপা যেতিয়া লৰি যাব তেতিয়া দলৰ বিপৰ্যয় আহিব।"- এই বিস্ফোৰণ চাৰিবাৰৰ বিজেপি সাংসদ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইৰ৷

শেহতীয়া লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ বিজেপি বিধায়ক মৃণাল শইকীয়াৰ পিছতেই দলৰ ৰাজ্যিক বিষয়ববীয়া তথা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নগাঁৱত বিস্ফোৰক মন্তব্য প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইৰ। বৃহস্পতিবাৰে নগাঁৱত সংবাদ মাধ্যমৰ আগত ৰাজেন গোহাঁইয়ে কয় যে বিধায়ক মৃণাল শইকীয়াৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যই দুখ দিছে। লগতে বিধায়ক মৃণাল শইকীয়াই যোৰহাটৰ নিৰ্বাচন সম্পৰ্কত কৰা মন্তব্যৰ আঁত ধৰি গোহাঁয়ে কয়, "কিছুমান মানুহে ভাবে তেওঁলোকৰ গ্ৰহণযোগ্যতা আছে। মুখ্যমন্ত্ৰীয়ে ভাবিছিল তেওঁলোকৰ শক্তি আছে আৰু সেই শক্তিৰে যোৰহাটৰ বিজেপি প্ৰাৰ্থীজনক জিকাই আনিব। কিন্তু সেই কেইজনৰ যে জনমানসত ভাৱমূৰ্তি বেয়া সেই কথা উপলব্ধিয়েই নকৰিলে। নেতা-মন্ত্ৰীসকলৰ মুখ থাকিল বুলিয়ে যি কোনো কথা ক'ব নালাগে । কিছুমান মানুহে ভাবে তেওঁলোকৰ গ্ৰহণযোগ্যতা আছে, জনপ্ৰিয়তা আছে। মুখ্যমন্ত্ৰীয়ে ভাবিছে সেইসকলৰ এনে শক্তি আছে যে সকলো শক্তি মষিমূৰ কৰি আমাৰ প্ৰাৰ্থী জিকাই আনিব। তেওঁলোকৰ যে জনমানসত ভাবমূৰ্তি বেয়া মৃণাল শইকীয়াই সেই কথা উনুকিয়াই দিয়ে । সেই কাৰণে মৃণাল শইকীয়াক ট্ৰ'ল কৰা হৈছে। যোৰহাটত তপন গগৈ নহয়, পৰোক্ষ ভাবে মুখ্যমন্ত্ৰী নিজেই উঠিছে। কংগ্ৰেছত যিটো দম্ভালি মৰা স্বভাৱ আগতে আছিল সেইটো আমাৰ মাজলৈ আহিল। তাৰ ফলত বহু মানুহ আমাৰ মাজৰ পৰা আতৰি গ'ল। যোৰহাটত গৌৰৱ গগৈয়ে নম্ৰতাৰে নিৰ্বাচন খেলিছে। সেই বাবে ৰাইজ তেওঁৰ পক্ষত আহিল। তেওঁৰ কথাই মানুহক নিৰস্ত্ৰ কৰি পেলালে। বীৰে বীৰক চিনি পাব লাগে। এনে মানুহৰ পৰা জ্ঞান-শিক্ষা ল'ব লাগে। তেনে মানুহক সন্মান কৰিব লাগে। কাৰো অহংকাৰে গৌৰৱ গগৈক তললৈ নমাব নোৱাৰিলে। গৌৰৱ গগৈয়ে নিজক অত্যন্ত নম্ৰ, ভদ্ৰ ব্যক্তি হিচাপে ৰাইজৰ ওচৰত প্ৰকাশ কৰিলে। যাৰ ফলত ৰাইজে তেওঁক বুকুৰ মাজত আকোৱালি ল'লে। ভোটাৰ ৰাইজে মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিলে৷"

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সতৰ্ক কৰি দি গোহাঁয়ে আৰু কয়, "মুখ্যমন্ত্ৰীক চাৰিওফালে যিটো ব্ৰিগেডে ঘেৰি ৰাখিছে সেইসকলৰ এজনো তেওঁৰ শুভাকাংক্ষী নহয়৷ তেওঁৰ চৰণৰ ধূলি পাবলৈ তেওঁক বেৰি ৰাখিছে। তেওঁক ধ্বংস কৰি দিছে৷ তেওঁলোক নিজৰ নিজৰহে শুভাকাংক্ষী। নিজৰ সা-সম্পত্তি বৃদ্ধিৰ বাবে, উপাৰ্জনৰ বাবে তেওঁলোক শুভাকাংক্ষী হিচাপে আগুৰি আছে। তেওঁলোকক মুখ্যমন্ত্ৰীয়ে ভুল ভাবে চিনাক্ত কৰিছে। সেইবাবে তেওঁৰ বিপৰ্যয় আহিছে। ইফালে বিজেপিৰ নেতা অশোক শৰ্মাই দলক সমালোচনা কৰাৰ বাবে শ্ব'কজ দিয়া প্ৰসংগত ৰাজেন গোঁহাইয়ে কয়, "মৃণাল শইকীয়া, সিদ্ধাৰ্থ ভট্টাচাৰ্য, অশোক শৰ্মাই কি বেয়া কাম কৰিছে যে তেওঁলোকক যে শ্ব'কজ দিব৷ এদিন যেতিয়া তোমালোকৰ বিৰুদ্ধে হাজাৰ কৰ্মী ওলাই আহিব তোমালোকে কাক কিমান শ্ব'কজ দিবা ? তোমালোকে কি ন্যায় দিছা আমাৰ দৰে পুৰণা কৰ্মীখিনিক!"

বিজেপিৰ জ্যেষ্ঠ নেতাজনে কয় যে বিজেপিয়ে এতিয়া আত্মমন্থন কৰিব লাগে। নিজৰ ভুল স্বীকাৰ কৰি শুধৰণি কৰিব লাগে। ভুল স্বীকাৰ কৰিলে সকলোৱে সহজ ভাবে লয় আৰু মাফ কৰি দিয়ে। অহংকাৰী হৈ লাভ নাই। অহংকাৰটো দুৰ্যোধনৰো আছিল । নিজৰ অহংকাৰৰ বাবেই শেষ হৈ গ'ল। অহংকাৰে কাকো এৰি নিদিয়ে। ঘাই শিপা যেতিয়া লৰি যাব চুলি শিপাই গছ এডাল ধৰি ৰাখিব নোৱাৰে। তেওঁলোক চুলি শিপাহে। এতিয়াও তেওঁলোক ঘাই শিপা হোৱা নাই। যিহেতু এতিয়াও দলত আছে ঘাই শিপাৰ মানুহখিনি। নিজৰ ভৱিষ্যৎ কৰ্মপন্থা সম্পৰ্কত ৰাজেন গোহাঁইয়ে কয়, "আগতে দলত যি গণতন্ত্ৰ আছিল এতিয়া নাই। দলত ওৱান মেন শ্ব' হ'ব নোৱাৰিব। কেৱল এজনৰ কথামতে সকলো নচলিব। আমি একত্ৰিত হ'ম৷ এইবাৰ অসমৰ পৰা সংসদলৈ নিৰ্বাচিত বিজেপি প্ৰায় সকল সাংসদেই পুৰণা আৰু আমাৰ ঘনিষ্ঠ। গতিকে সেইসকলৰ লগত আলোচনা কৰিম দলটোৰ ভৱিষ্যৎ সম্পৰ্কত, কেনেকৈ দলক উদ্ধাৰ কৰিব পৰা যাব সেই সম্পৰ্কত। অৱশ্যে দলৰ সিমান বিপৰ্যয় হোৱা নাই , কিন্তু বিপৰ্যয়ৰ দিশে আগবাঢ়িছে৷"