Logo
image

’২৬ত হিমন্তবিশ্ব বনাম গৌৰৱ

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ জুন : লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই অসমৰ ৰাজনৈতিক দৃশ্যপট সলনি হোৱাৰ ইংগিত পোৱা গৈছে৷ দুবছৰৰ পাছত অনুষ্ঠিতব্য অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সাংসদ পুত্ৰ গৌৰৱ গগৈ প্ৰত্যাহ্বান হিচাপে থিয় দিয়াৰ স্পষ্ট ইংগিত স্পষ্ট হৈ পৰিছে৷ তৃতীয়বাৰৰ বাবে সংসদলৈ নিৰ্বাচিত হোৱা গৌৰৱ গগৈয়ে নিজেই অসমৰ দায়িত্ব লোৱাৰ আগ্ৰহ প্ৰকাশ কৰি দলীয় কৰ্মীসকলক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈ সাজু হোৱাৰ আহ৩ান জনাইছে৷ এইবাৰৰ লোকসভা নিৰ্বাচনক ছেমিফাইনেল আখ্যা দি তেওঁ ২০২৬ চনত ফাইনেল অনুষ্ঠিত হ’ব বুলি মন্তব্য কৰিছে৷ ৰাজ্যৰ ৰাজনীতিত গৌৰৱ গগৈৰ উত্থানত খোদ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাও শংকিত হৈ পৰিছে৷ আগন্তুক নিৰ্বাচনত ড॰ শৰ্মাই যোৰহাটত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ব্যাপক চৰ্চা চলি থকাৰ মাজতে লোকসভা নিৰ্বাচনৰ ফলাফলে ড॰ শৰ্মাক শংকিত কৰি তুলিছে৷ সেয়ে মুখ্যমন্ত্ৰীজনে নিজ মুখেই স্বীকাৰ কৰিছে–“যোৰহাটত জয়লাভ কৰিবলৈ বহুত কষ্ট কৰিব লাগিব, তাত লাগি থাকিব লাগিব, তাত প্ৰত্যাহ্বান আছে৷” উল্লেখ্য, এইবাৰ  লোকসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ লগতে সমগ্ৰ চৰকাৰী যন্ত্ৰ আৰু বিজেপি দল যোৰহাটত উবুৰি খাই পৰিছিল যদিও গৌৰৱ গগৈয়ে নিৰ্বিবাদে বিজেপি শিবিৰক পৰাস্ত কৰে৷ যোৰহাট লোকসভা সমষ্টিত বিজেপি আৰু মিত্ৰদল অগপৰ মুঠ আঠজন বিধায়ক থকা সত্ত্বেও মুঠ ১০টা বিধানসভা সমষ্টিৰ ভিতৰত এটাক বাদ দি আন ৯টা সমষ্টিতে গৌৰৱ গগৈয়ে অগ্ৰগতি লাভ কৰে৷ উল্লেখ্য, যোৰহাট দখলৰ অভিযান স্বৰূপে বিজেপি চৰকাৰে কেইবাটাও অভিলাষী আঁচনি গ্ৰহণ কৰিছিল যদিও এই আঁচনিসমূহো দলটোৰ বাবে হিতে বিপৰীত প্ৰতিপন্ন হ’ল৷ যোৰহাটৰ জনতাই যুৱ নেতা গৌৰৱ গগৈৰ প্ৰতি মুকলিকৈ সমৰ্থন আগবঢ়ায়৷ এই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতে গৌৰৱ গগৈয়ে মাজুলীৰ সত্ৰ আৰু নামঘৰত আশীষ লোৱাৰ লগতে ৰাইজক কৃতজ্ঞতা জনাই আজি তেওঁ গুৱাহাটীলৈ ৰাওনা হয়৷ এই যাত্ৰাপথত গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাহতী, ৰঙামাটি, বোকাখাত, নগাঁও জিলাৰ কলিয়াবৰ, ৰহা আদিত দলীয় নেতা-কৰ্মী আৰু শুভাকাংক্ষীসকলে গগৈক উষ্ম আদৰণি জনায়৷ এই যাত্ৰাপথত গোলাঘাট জিলা কংগ্ৰেছৰ শিক্ষক কোষৰ অধ্যক্ষ ভাস্কৰ বৰা প্ৰমুখ্যে নেতৃবৰ্গই সংগ দিয়ে৷ ৰাইজ আৰু দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰি সাংসদ গগৈয়ে এই জয়ৰ ধাৰা অব্যাহত ৰাখি আগন্তুক বিধানসভা নিৰ্বাচনত দিছপুৰ দখলৰ বাবে কংগ্ৰেছ দলৰ সকলো নেতা-কৰ্মীকে সুপৰিকল্পিতভাৱে আৰু অধিক উৎসাহেৰে কাম কৰিবলৈ গগৈয়ে আহ্বান জনায়৷ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই বিধানসভা নিৰ্বাচনলৈ মানসিকভাৱে প্ৰস্তুত হোৱা গৌৰৱ গগৈয়ে আগন্তুক নিৰ্বাচনত ড॰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ৩ান জনোৱাৰ স্পষ্ট ইংগিত দিছে৷ পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ [বৰ্তমান কাজিৰঙা] ৰাইজে তেওঁৰ দুবাৰকৈ সংসদলৈ পঠিয়ালে আৰু সেয়া তেওঁ সদায় মনত ৰাখিব বুলি উল্লেখ কৰি গগৈয়ে কয় যে এইবাৰ সংসদত তেওঁ পূৰ্বৰ কলিয়াবৰ সমষ্টিৰ ৰাইজৰ প্ৰতিনিধি নহয় যদিও সুযোগ পালেই এই জনসাধাৰণৰ বাবে তেওঁ কাম কৰিব বুলিও ইংগিতপূৰ্ণ মন্তব্য কৰে৷ ইফালে এইবাৰৰ নিৰ্বাচনী ফলাফলৰ বাবে তেওঁ ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ ঘনিষ্ঠসকলক কৃতজ্ঞতা জনায়৷ তেওঁ কয়, ‘‘হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সোঁহাত-বাওঁহাতৰ বাবেই মই জয়লাভ কৰিলোঁ৷ তেওঁলোকে যোৰহাটত বেছি সময় দিলে, যাৰবাবে মই জয়লাভ কৰাটো সহজ হৈ পৰিল৷ সেয়ে তেওঁলোকক সমগ্ৰ অসম পৰিভ্ৰমণ কৰি থাকিবলৈ আহ৩ান জনাইছোঁ৷’’ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী আৰু তেওঁৰ ঘনিষ্ঠসকলকে নিজৰ ষ্টাৰ কেম্পেইনাৰ বুলিও অভিহিত কৰে৷ ইফালে, আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছে দাবী কৰা মতে অচিৰেই ইউডিএফ ভংগ হ’ব৷ উল্লেখ্য, বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৱে এইবাৰ লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হয়৷ ইয়াৰ পাছতেই দলটো ভংগ হ’ব বুলি কংগ্ৰেছে কৰা দাবীয়ে আন এক ইংগিত বহন কৰিছে৷ ইফালে আগন্তুক বিধানসভা নিৰ্বাচনতো ‘ইণ্ডিয়া’ জোঁট অব্যাহত থাকিব বুলি ইতিমধ্যে প্ৰকাশ কৰা হৈছে৷ সাতে সোতৰই মিলি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ তথা ইণ্ডিয়া জোঁটে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি তথা এনডিএক প্ৰবল প্ৰত্যাহ৩ান জনোৱাটো নিশ্চিত হৈ পৰিছে৷

মই তপন গগৈৰ কাষলৈও যাম : গৌৰৱ

‘আমাৰ অসম’ৰ দেৰগাঁৱৰ প্ৰতিবেদক: যোৰহাট লোকসভা সমষ্টিৰপৰা জয়লাভ কৰা কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি যোৰহাটৰপৰা গুৱাহাটী অভিমুখে আহি থকাৰ সময়ত দেৰগাঁৱৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ কৰ্মী আৰু সাধাৰণ ৰাইজে উষ্ম আদৰণি জনায়৷ দেৰগাঁও চহৰ আৰু ৰঙামাটি অঞ্চলত নৱ-নিৰ্বাচিত সাংসদজন উপস্থিত হোৱাৰ লগে লগে ৰাইজে ফুলাম গামোচা জাপি আৰু ফুলৰ থোপা আদিৰে আদৰণি জনাই, গৌৰৱ গগৈ জিন্দাবাদ, ভাৰতীয় জাতীয় কংগ্ৰেছ জিন্দাবাদ, ধবনি দি পৰিৱেশ মুখৰিত কৰি তোলে৷ দেৰগাঁৱত গৌৰৱ গগৈক আদৰণি জনোৱা পৰ্বৰ আঁতধৰে ব্লক কংগ্ৰেছৰ সভাপতি ভৱেন গগৈয়ে৷ গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি গোলাপ শইকীয়া, মহিলা কংগ্ৰেছৰ জিলা সভানেত্ৰী বন্তি আহমেদ, ব্লক সভাপতি লাচিত বৰা, ব্লক সম্পাদক পৱিত্ৰ দত্ত প্ৰমুখ্যে দেৰগাঁও টাউন ব্লক, কাকডোঙা ব্লক, উত্তৰ গোলাঘাট ব্লক আদি কংগ্ৰেছ সমিতিৰ বিষয়ববীয়া তথা শুভাকাংক্ষীসকলে অনুষ্ঠানত ভাগ লয়৷ ইপিনে, কালি যোৰহাট কংগ্ৰেছ কাৰ্যালয়তো এক বিশেষ আদৰণি অনুষ্ঠান আয়োজন কৰি গৌৰৱ গগৈক কংগ্ৰেছ কৰ্মীসকলে বিপুল আদৰণি জনায়৷ গোলাঘাট জিলা কংগ্ৰেছ সমিতিৰ তৰফৰ পৰা সভাপতিৰ নেতৃত্বত অৰ্ধ শতাধিক কৰ্মীয়ে নৱ-নিৰ্বাচিত সাংসদজনক আদৰণি জনায়৷ অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিতোপন শইকীয়া, মেঘনাথ চেত্ৰী, জিলা কংগ্ৰেছ সমিতিৰ কোষাধ্যক্ষ মহিবুল হুচেইন, উপ-সভাপতিত্ৰয় কমলেশ্বৰ ফুকন, ডিম্ব গগৈ, আব্দুল হামিদ, সাধাৰণ সম্পাদক জেনিথ বৰা, দিপাংকৰ বৰা, আশিষ ৰাজখোৱা, নিজৰা বৰুৱা, খাদিমুল হক, ভূপেন ৰাজখোৱা, বিনন্দ সন্দিকৈ, ৰূপান্তৰ তাঁতী, ভৱেশ গগৈ, বন্তি আহমেদ প্ৰমুখ্যে বিষয়ববীয়াসকল উপস্থিত থাকে৷ আজি দেৰগাঁৱত ৰাইজৰ অভিনন্দন আৰু শুভেচ্ছা গ্ৰহণ কৰি গৌৰৱ গগৈয়ে চমু বক্তব্য দি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি কয় যে, মুখ্যমন্ত্ৰী আৰু তেওঁৰ সোঁহাত-বাঁওহাত হিচাপে পৰিচিত নেতা দুজন য’ত যায় তাতে কংগ্ৰেছৰ ভাল দিন আহে বুলি কয় আৰু তেওঁলোকক নিমন্ত্ৰণ জনোৱা বুলি কয়৷ স্বভাৱসুলভভাৱে তেওঁ কয়, মুখ্যমন্ত্ৰী যোৰহাটলৈ আহি থাকক, গোলাঘাটলৈ আহি থাকক, ডিব্ৰুগড়লৈ আহি থাকক, তেতিয়া ভাল লাগিব৷ ৰাইজৰ আগত দিয়া মন্তব্যৰ পাছত গৌৰৱ গগৈয়ে সাংবাদিকৰ লগত বাৰ্তালাপ কৰি বহুকেইটা গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰে৷ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰা কলিয়াবৰ লোকসভা সমষ্টিৰ ৰাইজে তেওঁক যি মৰ্যাদা দিলে তেওঁ কোনোদিনে নাপাহৰে বুলি মন্তব্য কৰি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ শুভেচ্ছা আৰু মুখ্যমন্ত্ৰীৰ মন্তব্য সম্পৰ্কত তেওঁ কয় যে নিৰ্বাচন এক খেল৷ খেলত তুমুল প্ৰতিদ্বন্দ্বিতা হ’লেও বিজয়ীজনক শুভেচ্ছা জনোৱাটো নিয়ম৷ মুখ্যমন্ত্ৰীয়ে এইক্ষেত্ৰত দিয়া মন্তব্য অমূলক৷ নিৰ্বাচনত হাৰিলেও প্ৰতিদ্বন্দ্বী বিজেপিৰ প্ৰাৰ্থী তপন গগৈৰ ওচৰলৈ তেওঁ যাব বুলি কয়৷ অভিজ্ঞতাপুষ্ট তপন গগৈৰ পৰা সমষ্টিটোৰ উন্নয়নৰ বাবে পৰামৰ্শ লোৱা হ’ব আৰু তেওঁৰ দিনৰ অসামাপ্ত কামবোৰ সমাপন কৰাৰ চেষ্টা কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে৷