Logo
image

অভিলেখ গঢ়ি পুনৰ মহাকাশলৈ সুনীতা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৭ জুন: ইতিহাস ৰচনা কৰি তৃতীয়বাৰলৈ মহাকাশলৈ উৰা মাৰিল ভাৰতীয়মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছে৷ বুধবাৰে আমেৰিকাৰ স্থানীয় সময় মতে  অভিলেখ গঢ়ি পুনৰ পুৱা ১০.৫২ বজাত বয়িঙৰ ষ্টাৰলাইনাৰৰ মানৱ চালিত মহাকাশ যানেৰে আন্তৰ্জাতিক স্পেচ ষ্টেচনৰ উদ্দেশ্যে ৰাওনা হয় সুনীতা উলিয়ামছ৷ সুনীতাৰ সৈতে এই যাত্ৰাৰ সংগী হৈছে ৬১ বছৰীয়া নাছাৰ মহাকাশচাৰী বেৰী বুচ উইলম’৷ এই যাত্ৰাৰ লগে লগে মানৱচালিত মহাকাশযানেৰে মহাকাশলৈ উৰা মৰা প্ৰথমগৰাকী মহিলা হিচাপে ভাৰতীয় বংশোদ্ভৱ ৫৮ বছৰীয়া সুনীতা উইলিয়ামছে আন এক কৃতিত্ব অৰ্জন কৰিছে৷ ফ্ল’ৰিডাৰ কেপ কানাভেৰেল মহাকাশ ষ্টেচনৰ পৰা ইউনাইটেড লঞ্চ এলায়েন্স এটলাছ-৫ ৰকেটৰ জৰিয়তে যাত্ৰা কৰা এই অভিযানে ভৱিষ্যতে নাছাৰ অভিযানৰ বাবে মহাকাশচাৰী আৰু প্ৰয়োজনীয় সামগ্ৰী কঢ়িয়াই নিয়াৰ পথ সূচল কৰাৰ আশা কৰা হৈছে৷ পূৰ্বে বিগত ৭ মে’ত এই যাত্ৰাৰ সময়সূচী নিৰ্ধাৰণ কৰা হৈছিল যদিও যান্ত্ৰিক বিজুটিৰ বাবে অভিযান পিছুৱাই দিয়া হৈছিল৷ উল্লেখ্য মহাকাশত এসপ্তাহ কটাবলগীয়া সুনীতা উইলিয়ামছৰ মহাকাশযানে আমেৰিকাৰ আন তিনিখন মহাকাশযানৰ সৈতে একেটা কক্ষপথত অৱস্থান কৰিছে৷ সেই তিনিখন হৈছে ব’য়িং ষ্টাৰলাইনাৰ, ইলন মাস্কৰ স্পেচ এক্স সংস্থাৰ ক্ৰিউ ড্ৰেগন আৰু আন্তৰ্জাতিক স্পেচ ষ্টেচন৷ বয়িং ক্ৰু ফ্লাইট টেষ্ট [CFথ্ব] নামেৰে নামকৰণ কৰা এই অভিযান নাছাৰ কমাৰ্চিয়েল ক্ৰু প্ৰগ্ৰেম হিচাপে আৰম্ভ কৰা হৈছে৷ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ নিয়মীয়া ক্ৰু বিমানৰ বাবে ষ্টাৰলাইনাৰক প্ৰমাণীকৰণৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ৷ যদি এই অভিযান সফল হয়, তেন্তে ই ষ্টাৰলাইনাৰক স্পেচ এক্সৰ ক্ৰিউ ড্ৰেগনৰ পাছত মহাকাশচাৰীক কক্ষপথৰ লেবলৈ অহা-যোৱা কৰিব পৰা দ্বিতীয়খন ব্যক্তিগত মহাকাশযান হিচাপে পৰিচিত হ’ব৷ ইফালে সুনীতা উইলিয়ামছৰ বাবে এই উৰণ তেওঁৰ কেৰিয়াৰৰ আন এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে৷ ইয়াৰ পূৰ্বে তেওঁ ২০০৬–২০০৭ আৰু ২০১২ চনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা অভিযানৰ সময়ত সৰ্বাধিক মহাকাশ ভ্ৰমণ কৰা মহিলা আৰু মহাকাশ খোজকঢ়াৰ সময় [৫০ ঘণ্টা, ৪০ মিনিট]ৰ অভিলেখ গঢ়িছিল৷ মহাকাশচাৰী দুয়োজনে প্ৰায় এসপ্তাহ মহাকাশ কেন্দ্ৰত থাকিব৷ এই সময়ছোৱাত তেওঁলোকে মহাকাশ কেন্দ্ৰত কেইবাটাও পৰীক্ষণ কৰিব৷