Logo
image

ৰাজকোষৰ জোৰা মাৰিবৰ বাবেই পেট্ৰ’ল-ডিজেলৰ ভেট বৃদ্ধি দিছপুৰৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৭ জুন : প্ৰায় ডেৰ লাখ কোটি টকা ঋণত কক্‌বকাই থকা ৰাজ্যৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে পুনৰ জনতাৰ মূৰত সোধালে ৰাম টাঙোন৷ এইবাৰ ৰাজকোষ টনকিয়াল কৰাৰ লক্ষ্যৰে ইন্ধনৰ ওপৰত আৰোপ কৰা মূল্য সংযোজিত কৰ [ভেট] পুনৰ বৃদ্ধি কৰিছে অসম চৰকাৰে৷ ৰাজহ  ঘাটি জোৰা মৰাৰ স্বাৰ্থত পেট্ৰ’ল আৰু ডিজেলত ভেট বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে৷ বিগত ৪ জুনত বিত্ত বিভাগৰ আয়ুক্ত সচিবে এখন অধিসূচনা যোগে বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি লিটাৰ পেট্ৰ’লৰ ওপৰত ১.৫০ টকা ভেট বৃদ্ধি কৰিছে৷ একেটা নিৰ্দেশনাতে প্ৰতিলিটাৰ ডিজেলৰ ওপৰতো ১.৩১ টকাকৈ ভেট বৃদ্ধি কৰে৷ এবছৰ নৌহওঁতেই ৰাজ্য চৰকাৰে দ্বিতীয়বাৰলৈ পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত প্ৰত্যক্ষ কৰ ‘ভেট’ বৃদ্ধি কৰিছে৷ ইয়াৰ পূৰ্বে বিগত বৰ্ষত ১৩ জুলাইত চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত ভেট বৃদ্ধি কৰিছিল৷ স্বাভাৱিকতেই নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই ইন্ধনজাত সামগ্ৰীৰ ওপৰত কৰ বৃদ্ধি কৰা বিজেপি মিত্ৰজোঁটৰ চৰকাৰে নিৰ্বাচনৰ সময়ত ব্যয় কৰা ধনৰ জোৰা মৰাৰ বাবেই এই সিদ্ধান্ত লোৱা বুলিও চৰ্চা লাভ কৰিছে৷ লক্ষণীয় বিষয়টো হৈছে, কেৱল পেট্ৰ’ল-ডিজেলৰ ওপৰত ভেটেই নহয়, দুদিন পূৰ্বে টোলগেটৰ মাচুল আৰু গাখীৰৰো দাম বৃদ্ধি পাইছিল৷ আনকি নিৰ্বাচনী চান্দাৰ পৰিপ্ৰেক্ষিত শেহতীয়াকৈ ঔষধৰ লগতে নিত্য ব্যৱহায্য খাদ্য সামগ্ৰী আৰু নিৰ্মাণ সামগ্ৰীৰো অভাৱনীয় মূল্য বৃদ্ধি হৈছিল৷ কিন্তু ইয়াৰ পাছতো চৰকাৰে মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে কোনো বাস্তৱ পদক্ষেপ গ্ৰহণ কৰা নাই৷ আনহাতে ৰাজকোষৰ ৰাজহ ঘাটি জোৰা মৰাৰ বাবে প্ৰতিমাহে হাজাৰ হাজাৰ কোটি টকা ল’বলৈ বাধ্য হোৱা বিজেপি-মিত্ৰজোঁটৰ চৰকাৰে আৰ্থিক সংকটৰ পাছতো পুনৰ অৰুণোদয়ৰ আঁচনি আৰু নিবনুৱা যুৱকক ৰ লাখ টকাকৈ আৰ্থিক সাহায্যৰ দৰে হিতাধিকাৰী আঁচনি কাৰ্যকৰী কৰাৰ কথাহে ঘোষণা কৰিছে৷