Logo
image

কোমোৰাই উচ্চ ৰক্তচাপ, মধুমেহ নিয়ন্ত্ৰণ কৰে

শৰীৰ সুস্থ কৰি ৰাখিবলৈ জলবায়ুসাপেক্ষে আমি বিভিন্ন ধৰণৰ শাক-পাচলি খোৱাটো খুবেই প্ৰয়োজনীয়৷ ভিন্ন পুষ্টিৰে সমৃদ্ধ এনে এবিধ পাচলি হ’ল কোমোৰা৷ গ্ৰীষ্মকালীন পাচলি হিচাপে কোমোৰা থলুৱাভাৱে উৎপাদিত হয় আৰু বজাৰত ই বহুলভাৱে উপলব্ধ৷ বহুতে এইবিধ লতাজাতীয় পাচলিক শৰীৰৰ বাবে অপকাৰী বুলি ভাবে যদিও প্ৰকৃততে কোমোৰাৰ আছে বহু ঔষধি গুণ৷ কোমোৰাৰ বিশেষত্ব এয়ে যে ইয়াক কুমলীয়া অৱস্থাত বা পূৰঠ অৱস্থাত পাচলি হিচাপে খাব পাৰি৷ ই গ্ৰীষ্মকালীন পাচলি যদিও শীতকালতো পাচলি হিচাপে ব্যৱহাৰ  হয়৷ কোমোৰাত কেলছিয়াম, মেগনেছিয়াম, আইৰণ, মেংগানিজ আদি  উপাদান থকাৰ লগতে এ, চি, ই আদি ভিটামিন পোৱা যায়৷

# নিয়মীয়াকৈ কোমোৰা বা কোমোৰাৰ ৰস খাই থাকিলে উচ্চ ৰক্তচাপ আৰু মধুমেহ নিয়ন্ত্ৰণ হৈ থাকে৷ কোমোৰাই স্নায়ুতন্ত্ৰ সবল কৰে৷ সেয়ে স্নায়ু দুৰ্বল বা স্নায়ু ৰোগীয়ে এইবিধ পাচলি খাব লাগে৷ কোমোৰাই পাইলছ, কোষ্ঠ কাঠিন্য সমস্যা নাইকিয়া কৰে৷ 

# হূদৰোগত আক্ৰান্ত ৰোগীয়ে নিয়মীয়াকৈ কোমোৰা খালে সুফল পাব৷ সেইদৰে মাইগ্ৰেনত ভূগি থকা ৰোগীয়ে উপকাৰ পাবলৈ কোমোৰা খাব লাগে৷ শ্বাস-প্ৰশ্বাসজনিত ৰোগত কোমোৰাই উপকাৰ সাধে৷ জুয়ে পুৰিলে কোমোৰা পিচি লেপ দিব লাগে৷ 

# কোমোৰাৰ ৰসে কিডনী সুস্থ কৰি ৰাখে৷ সেইদৰে এইবিধ পাচলিয়ে পাথৰ বাহিৰ কৰাত বিশেষ ভূমিকা লয়৷ জণ্ডিচ ৰোগীত কোমোৰা খাবলৈ দিব লাগে৷ গেছ, এছিডিটিৰ সমস্যাত ভোগাসকলে কোমোৰাৰ ৰসৰ লগত চেনি বা গুড় মিহলাই খালে সুফল পায়৷

# কোমোৰাই স্মৃতি শক্তি বৃদ্ধি কৰে৷ গতিকে অধ্যয়নৰত অৱস্থাত থকা ছাত্ৰ-ছাত্ৰীক কোমোৰা খাবলৈ দিয়াটো ভাল৷ যক্ষ্মা ৰোগীয়ে নিয়মীয়াকৈ কোমোৰাৰ ৰস খালে উপকাৰ পাব৷ এইবিধ পাচলিয়ে হজমী শক্তি বৃদ্ধি কৰাৰ লগতে পেট খোলোচা কৰে৷

#কোমোৰাৰ গুটিৰ লগত এলমণ্ড একেলগে খাবলৈ দিলে ল’ৰা-ছোৱালী শাৰীৰিকভাৱে সবল হয়৷ আনহাতে কোমোৰাৰ গুটি পিচি গাখীৰ আৰু মৌৰ লগত মিহলাই খালে পেলু-কৃমি আদি নাশ হয়৷ 

# গৰ্ভৱতী মহিলাক ৰক্তহীনতাৰ পৰা ৰক্ষা পাবলৈ তথা গৰ্ভস্থ সন্তানৰ বিকাশৰ বাবে কোমোৰা খাবলৈ দিব লাগে৷ বগাস্ৰাৱ ৰোগত কোমোৰাৰ ৰসৰ লগত চেনি মিহলাই খালে সুফল পায়৷ একাপ কোমোৰাৰ ৰস আৰু একাপ হালধিৰ ৰস মিহলাই খালে মূত্ৰনলীৰ জ্বলা-পোৰা কৰা সমস্যাৰ পৰা ৰক্ষা পোৱাৰ লগতে প্ৰস্ৰাৱ পৰিষ্কাৰ হয়৷