Logo
image

ৰাম মন্দিৰ নিৰ্মাণৰ পিছতো উত্তৰ প্ৰদেশত বিজেপিৰ বিপৰ্যয়ঃ মোদীক সমালোচনা সাংসদ অজিত কুমাৰ ভূঞাৰ

'আমাৰ অসম'ৰ মহানগৰ সংবাদ, ৭ জুনঃ "ৰাম মন্দিৰ নিৰ্মাণ কৰিও লোকসভা নিৰ্বাচনত বিজেপিয়ে বিশেষকৈ উত্তৰ প্ৰদেশত পৰাজিত হ'বলগীয়া হোৱা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে৷"-এই মন্তব্য ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ।  


সাংসদ ভূঞাই শুকুৰবাৰে সংবাদ মাধ্যমক কয়, "বিজেপিৰ এই পৰাজয়ৰ মূল কাৰণ কেইবাটাও। তাৰে প্ৰথম কাৰণ হ'ল স্বয়ং প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নিজেই। কিয়নো কেৱল নিৰ্বাচনত জয় লাভৰ উদ্দেশ্য আগত ৰাখিয়েই মোদীয়ে অৰ্ধনিৰ্মিত ৰাম মন্দিৰ উদ্ধোধন কৰিবলৈ আগবাঢ়িছিল। সনাতনী গুৰু ৪ জন শংকৰাচাৰ্যকে ধৰি স্থানীয় বহুত ধৰ্মগুৰুৱে ইয়াৰ আপত্তি কৰিছিল যদিও মোদীয়ে শুনা নাছিল। মোদী-শ্বাহৰ এটাই উদ্দেশ্য আছিল যে ৰাম মন্দিৰক ব্যৱহাৰ কৰি নিৰ্বাচনত জয়লাভ কৰিব লাগে। দ্বিতীয় কাৰণ হ'ল- ৰাম মন্দিৰ নিৰ্মাণৰ পিছত অযোধ্যাৰ স্থানীয় বাসিন্দাসকলক কেৱল গুজৰাটী বেপাৰীৰ স্বাৰ্থত নিজৰ ঘৰ-বাৰীৰ পৰা উচ্ছেদ কৰা হৈছিল। দেখ দেখকৈ ৰাম মন্দিৰক এক গুজৰাটী বেপাৰীৰ বেপাৰলৈ পৰিৱৰ্তন কৰিছিল। ফলত স্থানীয় মানুহৰ ঘৰ বাৰী,বেহা বেপাৰ সকলো ধ্বংস হৈছিল। মই ব্যক্তিগতভাৱে আজি ২ মাহ আগত অযোধ্যালৈ যাওতে স্থানীয় মানুহৰ লগত হোৱা কথা বতৰাত বিজেপিৰ প্রতি প্রবল খং দেখিছিলোঁ। পাবত গজা ন-হিন্দুত্ববাদী হিমন্ত বিশ্বই কৈছে যে বিৰোধী প্রাৰ্থীয়ে কেৱল মুছলিম ভোট পাইছে। তেন্তে অযোধ্যা, যোৰহাটৰ বাসিন্দাসকল কি আছিল? গুৱাহাটীত বিৰোধী প্রাৰ্থীয়ে প্রায় ৬ লাখ ৫০ হাজাৰ ভোট কৰ পৰা পালে? ধৰ্মক ধৰ্মৰ ঠাইতেই থব লাগে। বেপাৰ কৰিব নালাগে। মোদীয়ে শিক্ষা পালে, হিমন্তৰ গতিও একে ৰাস্তাত। চূড়ান্ত হতাশ আৰু দিশাহীন।"