Logo
image

মোদীৰ একছত্ৰী কতৃৰ্ত্ব আৰু মিলিজুলি চৰকাৰ

ভাৰতৰ নাগৰিকে ১৮সংখ্যক সংসদ গঠন কৰিলে৷ ৰাষ্ট্ৰপতিয়ে ইতিমধ্যে ১৭সংখ্যক সংসদ ভংগ কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদত্যাগ-পত্ৰ দাখিল কৰিছে৷ ৰাষ্ট্ৰপতিয়ে তেওঁক নতুন সংসদ আৰু নতুন প্ৰধানমন্ত্ৰীয়ে দায়িত্বভাৰ গ্ৰহণ নকৰালৈ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰীৰূপে দায়িত্ব পালন কৰি যাবলৈ অনুৰোধ জনাইছে৷ নিৰ্বাচনত বিজেপিয়ে একক সংখ্যগৰিষ্ঠতা লাভ নকৰিলে৷ নিৰ্বাচনৰ আগতেই প্ৰধানমন্ত্ৰী মোদীয়ে বিষয়াসকলক, মন্ত্ৰীসকলক নতুন চৰকাৰৰ প্ৰথম ১০০ দিনৰ কৰ্মসূচী তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিছিল৷ এনে এক ধাৰণা সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছিল যে নিৰ্বাচনটো নামতহে৷ বিজেপি দল পুনৰ ক্ষমতালৈ আহিব আৰু নৰেন্দ্ৰ মোদী আকৌ প্ৰধানমন্ত্ৰী হ’ব; বৰং ৪০০ আসন দখল কৰি বিজেপি-এন ডি এ অধিক শক্তিশালী হ’ব৷ বিজেপি চৰকাৰ হ’ব এজন সৰ্বশক্তিমান নেতৃত্বত এনে এখন চৰকাৰ য’ত সমস্ত ক্ষমতা নৰেন্দ্ৰ মোদীৰ হাতত কেন্দ্ৰীভূত হৈ থাকিব৷ দুটা নিৰ্বাচনত ১০ বছৰজুৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি নৰেন্দ্ৰ মোদীয়ে নিজকে এজন সৰ্বশক্তিমান নেতাৰূপে প্ৰতিষ্ঠা কৰিছিল৷ নিজৰ মন্ত্ৰীসভাত তেওঁ কাৰো স’তে ক্ষমতা ভগাই লোৱা নাছিল৷ একমাত্ৰ অমিত শ্বাহৰ বাহিৰে আন সকলো মন্ত্ৰীৰ  নেওতা মুখস্ত কৰি নহা ছাত্ৰৰ অংকৰ মাষ্টৰৰ আগত হোৱাৰ দৰে অৱস্থা আছিল, আনকি অমিত শ্বাহেও কেতিয়াও নিজকে মোদীৰ সমকক্ষ বা প্ৰতিদ্বন্দ্বীৰূপে দাঙি ধৰাৰ প্ৰয়াস কৰা নাছিল৷ বৰং শ্বাহেও নৰেন্দ্ৰ মোদীৰ সৰ্বশক্তিমান ভাবমূৰ্তি গঢ়াতহে সহায় কৰিছিল৷ ২০৪৭ চনত ভাৰতক উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্য ঘোষণা কৰি বিজেপিয়ে প্ৰকাৰান্তৰে ঘোষণা কৰিছিল যে নৰেন্দ্ৰ মোদী সুদূৰ ভৱিষ্যতলৈ এনেদৰেই সৰ্বশক্তিমান প্ৰধানমন্ত্ৰী হৈ থাকিব৷ যোৱা ১০ বছৰত নৰেন্দ্ৰ মোদীয়ে একমাত্ৰ অমিত শ্বাহৰ বাহিৰে কাৰো স’তে ক্ষমতা ভগাই ল’ব লগা হোৱা নাছিল৷ বিজেপিৰ জ্যেষ্ঠ নেতা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ভূমিকা নিৰ্দেশ পালন কৰা কেৰাণীৰ দৰে আছিল, নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাৰ বেছিভাগ মন্ত্ৰীৰে নাম কোনেও নাজানিছিল, জনাৰ প্ৰয়োজনো নাছিল৷ 

কিন্তু ঘটনাবোৰ বিজেপিয়ে ভবাৰ দৰে নঘটিল৷ প্ৰমাণ হ’ল যে বাস্তৱটো, ভৱিষ্যতটো বিজেপিৰ নিয়ন্ত্ৰণত নাই৷ সময় বিজেপিৰ নিৰ্দেশত নচলে৷ বিজেপিৰ সমস্ত আঁচনিত খেলিমেলি লগাই ভাৰতৰ নাগৰিকে এইবাৰ বিজেপিক একক সংখ্যাগৰিষ্ঠতাও নিদিলে৷ নৰেন্দ্ৰ মোদী তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰীৰ আসনত বহি জৱাহৰলাল নেহৰুৰ কৃতিত্বৰ সমকক্ষ হ’লেও প্ৰকৃততে নহয়৷ জৱাহৰলাল নেহৰুৰ নেতৃত্বত কংগ্ৰেছে ১৯৫২ চনত ৪৮৯খন আসনৰ ৩৬৪খন দখল কৰিছিল, আৰু ১৯৫৭ আৰু ১৯৬২ চনৰ নিৰ্বাচনত ৪৯৪খন আসনৰ ক্ৰমে ৩৭১ আৰু ৩৬১খন আসন লাভ কৰিছিল৷ অৰ্থাৎ তিনিওটা নিৰ্বাচনতে কংগ্ৰেছে নেহৰুৰ নেতৃত্বত প্ৰায় ৭৫ শতাংশ আসন লাভ কৰিছিল৷ বিজেপিয়ে অকলে ৪০৯খন আসন পালেহে নেহৰুৰ সমান আসন পোৱা বুলি দাবী কৰিব পাৰিলেহেঁতেন৷ কিন্তু বিজেপিয়ে পালে ২৪০খন আসন৷ জৱাহৰলাল নেহৰুৱে কেতিয়াও আন দলৰ সহযোগত চৰকাৰ গঠন কৰিবলগীয়া হোৱা নাছিল, তেওঁ প্ৰকৃততে এজন সৰ্বশক্তিমান নেতা আছিল, তেওঁ ইচ্ছা কৰিলে এখন সম্পূৰ্ণ একনায়কত্ববাদী চৰকাৰ চলাব পাৰিলেহেঁতেন,  কিন্তু নেহৰুৰ কোনোধৰণৰ স্বৈৰতান্ত্ৰিক প্ৰৱণতা নাছিল, তেওঁ মনে-প্ৰাণে ভাৰতক এখন গণতান্ত্ৰিক প্ৰজাতন্ত্ৰৰূপে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল আৰু ভয়ংকৰ প্ৰতিকূল পৰিস্থিতিতো গণতান্ত্ৰিক প্ৰমূল্যসমূহক ত্যাগ কৰা নাছিল৷ 

নৰেন্দ্ৰ মোদীৰ অৱস্থান জৱাহৰলাল নেহৰুৰ প্ৰায় বিপৰীত মূৰত৷ ভৱিষ্যতে ইতিহাসে যেতিয়া দুয়োৰে তুলনাত্মক মূল্যায়ন কৰিব, তেতিয়া দুয়োৰে মাজত সাদৃশ্যতকৈ বৈসাদৃশ্যহে অধিক বিচাৰি পাব৷ কিমানবাৰ প্ৰধানমন্ত্ৰী হ’ল সেই সংখ্যাটোৰে কোনেও নিজকে নেহৰুৰ সমকক্ষ হোৱা বুলি দাবী কৰিব নোৱাৰে৷ আনকি সেই হিচাপ মতেও মোদী নেহৰুৰ ওচৰ চাপিব নোৱাৰে৷ 

এইবাৰ বিজেপিৰ আসন ২৪০, এন ডি এৰ ২৯২৷ তেলুগু দেশম দলৰ ১৬খন আৰু জনতা দল ইউনাইটেডৰ ১২খনৰ সৈতে সংখ্যাটো হ’বগৈ ২৬৮, তাৰ পাছতো আৰু প্তখন আসনৰ প্ৰয়োজন হ’ব সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ৷ গতিকে এইবাৰ কেৱল চন্দ্ৰবাবু নাইডু আৰু  নীতীশ কুমাৰেই নহয়, আন দলৰ লগতো নৰেন্দ্ৰ মোদীয়ে ক্ষমতা ভগাই ল’ব লাগিব৷ গতিকে প্ৰথমতেই পতন ঘটিব সমস্ত ক্ষমতা কেন্দ্ৰীভূত হৈ থকা সমস্ত ক্ষমতাৰ উৎস নৰেন্দ্ৰ মোদীৰ৷ সহযোগী দলসমূহৰ স’তে ক্ষমতা ভগাই নোলোৱাকৈ অৰ্থাৎ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ নঘটাকৈ এইবাৰ বিজেপি চৰকাৰ গঠন নহয় আৰু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী নহয়৷ গুজৰাটৰ মুখ্যমন্ত্ৰীৰূপে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰূপে ২৫ বছৰ প্ৰায় একছত্ৰী ক্ষমতাৰ অধিকাৰী হৈ থকা নৰেন্দ্ৰ মোদীৰ মানসিকতা, কাম কৰাৰ শৈলীৰ স’তে মিলিজুলি চৰকাৰৰ ধাৰণাটোৱেই একেবাৰে খাপচাৰা৷ কিন্তু সেই শৈলেৰে এইবাৰ চৰকাৰ গঠন নহ’ব আৰু চৰকাৰ গঠন হ’লে মোদী আগৰ মোদীজন হৈ থাকিব নোৱাৰিব৷ তৃতীয়টো কাৰ্যকালৰ নৰেন্দ্ৰ মোদীজন আগৰ দুটা কাৰ্যকালৰ নৰেন্দ্ৰ মোদী হ’ব নোৱাৰে৷ সহযোগী দলবোৰে সমস্ত কৃতিত্ব একমাত্ৰ তেওঁক ল’বলৈ নিদিয়ে, ভাৰত চৰকাৰ মানে মোদী হ’বলৈ নিদিয়ে৷ মোদীয়ে বিচাৰক বা নিবিচাৰক প্ৰধানমন্ত্ৰীৰ আসনত বহিবলৈ হ’লে গণতান্ত্ৰিক প্ৰমূল্যক শ্ৰদ্ধা কৰিবই লাগিব৷ অন্তত সহযোগী দলবোৰৰ কথা শুনিবই লাগিব৷ এইবাৰৰ নিৰ্বাচনৰ এইটো এটা বৃহৎ প্ৰাপ্তি৷