Logo
image

মোদীক চৰকাৰ গঠনৰ আহ্বান ৰাষ্ট্ৰপতি মুৰ্মুৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৮ জুন: একেৰাহে তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ ইতিহাস স্পৰ্শ কৰিবলৈ সাজু হৈছে নৰেন্দ্ৰ মোদী৷ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শুকুৰবাৰে নৰেন্দ্ৰ মোদীক চৰকাৰ গঠনৰ বাবে আহ৩ান জনায়৷ অষ্টাদশ লোকসভাৰ নিৰ্বাচনত বিজেপিয়ে এককভাৱে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ নকৰিলেও এন ডি এই সামগ্ৰিকভাৱে চৰকাৰ গঠনৰ প্ৰয়োজনীয় সংখ্যা সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়৷ এই সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰিয়েই নৰেন্দ্ৰ মোদীয়ে সংগী নিৰ্ভৰ চৰকাৰ গঠনৰ বাবে আগবাঢ়িছে৷নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে দেশৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব৷ বিজেপিৰ সূত্ৰত প্ৰকাশ, এইবাৰ নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট˜পতি ভৱনৰ দৰবাৰ হলত শপত গ্ৰহণ নকৰে৷ ইয়াৰ পৰিৱৰ্তে তেওঁ শপত ল’ব কৰ্তব্য পথৰ মুকলি মঞ্চত৷ কিছুদিন আগলৈকে ৰাজপথ নামৰ সংসদৰ পৰা ৰাষ্ট্ৰপতি ভৱন পৰ্যন্ত ব্যাপ্তি থকা এই পথৰ নতুন নামকৰণ কৰিছিল মোদী চৰকাৰে৷ সেই কৰ্তব্য পথতে মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দেওবাৰে শপত গ্ৰহণ কৰাৰ কথা৷ 

১৯ এপ্ৰিলৰ পৰা ৰ জুনলৈকে অব্যাহত থকা নিৰ্বাচনত নৰেন্দ্ৰ মোদীয়ে প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৪২১ বাৰ ‘মোদী’ উপাধিটো উচ্ছাৰণ কৰিছিল৷ তেওঁ দেশৰ জনতাক দিব খোজা গেৰাণ্টী বা নিজৰ চৰকাৰৰ কথা উল্লেখ কৰিবলৈ গৈ তেওঁ ‘মোদী’ উচ্ছাৰণ কৰিছিল ৪২১ বাৰ৷ এই পৰিসংখ্যা এই মুহূৰ্তত অতি আমোদজনক আৰু তাৎপৰ্যপূৰ্ণ এইবাবেই যে, শুকুৰবাৰে এন ডি এৰ সহযোগী দলসমূহৰ বৈঠকত তেওঁ এবাৰো ‘মোদী’ শব্দটো উচ্ছাৰণ নকৰিলে৷ ইয়াৰ বিপৰীতে তেওঁ গুৰুত্ব প্ৰদান কৰিলে ‘কোৱালিচন’ চৰকাৰৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা জোঁট ধৰ্মৰ ওপৰত৷ শুকুৰবাৰে তেওঁ এন ডি এৰ বৈঠকত ৰ ঘণ্টা ১২ মিনিট ভাষণ দিলে৷ সেই ভাষণত এবাৰো তেওঁ উচ্ছাৰণ নকৰিলে নিজৰ নাম৷ ইয়াৰ পৰিৱৰ্তে তেওঁ ৩৯ বাৰ ‘এন ডি এ’ শব্দটো উচ্ছাৰণ কৰি আগন্তুক চৰকাৰখন ব্যক্তি নিৰ্ভৰ হোৱাৰ পৰিৱৰ্তে সংগী নিৰ্ভৰ হোৱাৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰিলে৷ কিয়নো এইবাৰৰ চৰকাৰত সহযোগী দলৰ গুৰুত্ব হ’ব অপৰিসীম৷ কিয়নো মাত্ৰ ২৪০ খন আসন লাভ কৰা বিজেপি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ পৰা ৭২ খন আসন দূৰৈত৷ এন ডি এৰ মুঠ সাংসদৰ সংখ্যা ২৯২৷ তাৰ ভিতৰত দ্বিতীয় সৰ্বাধিক সাংসদৰ সংখ্যা তেলুগু দেশমৰ৷ ১৬ জন সাংসদ থকা তেলুগু দেশমৰ উপৰি মোদী চৰকাৰৰ এইবাৰৰ অপৰিহাৰ্য সংগী জে ডি [এছ]ৰ সাংসদৰ সংখ্যা ১২ জন৷ সেয়ে এইবাৰ চৰকাৰত মোদীৰ বা বিজেপিৰ দমনীয় মূৰ্তি থকাৰ সম্ভাৱনা হ্ৰাস পালে৷ ইয়াৰ পৰিৱৰ্তে তেওঁ নিৰ্ভৰ কৰিব লাগিব এন চন্দ্ৰবাবু নাইডু আৰু নীতীশ কুমাৰৰ ইচ্ছা-অনিচ্ছা আৰু আবদাৰৰ ওপৰত৷