Logo
image

মুছলমানেই মাৰবান্ধি ভোট দিলে আজমল-উৎখাতৰ বাবে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৮ জুন : অসমৰ ৰাজনৈতিক ইতিহাসত ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ফলাফলে বিশেষ তাৎপৰ্য বহন কৰিছে৷ ইমান দিনে অসমত  ধৰ্মীয় মেৰুকৰণৰে হিন্দু-মুছলমানৰ ৰাজনীতি চলি আছিল যদিও এইবাৰৰ পৰা সাম্প্ৰদায়িক ৰাজনীতি অসমৰ পৰা নোহোৱা হৈ পৰা আশা দেখা গৈছে৷ সংখ্যালঘু ৰাজনীতিৰ দুৰ্গ এ আই ইউ ডি এফৰ ভেটি খহি পৰাত অসমৰ অনাগত দিনৰ ৰাজনীতিৰ যুঁজত আৰ্থ সামাজিক বিকাশে প্ৰধান্য পাব বুলিও বিশেষজ্ঞ মহলে মত ব্যক্ত কৰিছে৷ কিয়নো এইবাৰৰ নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ পৰা ১০ লাখ ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰিলে এ আই ইউ ডি এফ মুৰব্বী তথা সাংসদ মৌলানা বদৰুদ্দিন আজমলে৷ বিগত সময়ছোৱাত শাসক দল বিজেপিয়ে সাংসদ বদৰুদ্দিন আজমলক সাম্প্ৰদায়িক ৰাজনীতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি নিৰ্বাচনী বিতৰণী পাৰ হৈছিল যদিও এইবাৰৰ পৰা বিজেপিয়ে সেই ৰাজনীতিৰ সুযোগ লাভ নকৰিব৷ কিয়নো সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বিজেপি আৰু এ আই ইউ ডি এফৰ গোপন মিতিৰালি সংখ্যালঘু মুছলমান ৰাইজে বুজি উঠাত কেৱল ধুবুৰী সমষ্টিতেই নহয়, কৰিমগঞ্জ আৰু নগাঁও আন দুয়োটা সমষ্টিতে এ আই ইউ ডি এফৰ প্ৰাৰ্থীক ভোটদানৰ পৰা বিৰত থাকিল অধিকাংশ সংখ্যালঘু মুছলমান ভোটাৰে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যিকেইটা বিধানসভা সমষ্টি বৰ্তমান এ আই ইউ ডি এফৰ দখলত আছে, সেইকেইটা বিধানসভা সমষ্টিতো দলটোৰ সাংসদ প্ৰাৰ্থীজনে পৰাজয়বৰণ কৰিছে৷ অৰ্থাৎ এ আই ইউ ডি এফৰ দখল থকা বিধানসভা সমষ্টিসমূহতো সদ্য সমাপ্ত নিৰ্বাচনত এ আই ইউ ডি এফৰ প্ৰাৰ্থীয়ে কম ভোট লাভ কৰিছে৷ বদৰুদ্দিন আজমলে প্ৰতিনিধিত্ব কৰা ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে ১৪,৭১,৮৮৫ টা ভোট লাভ কৰিবলৈ সক্ষম হয়৷ সংখ্যালঘুৰ অধ্যুষিত সমষ্টিটোৰ পৰা তিনিবাৰকৈ জয়ী হোৱা বদৰুদ্দিন আজমলে লাভ কৰে মাত্ৰ চ্ছ্ৰ,৫৯,৪০৯ টা ভোট৷ অৰ্থাৎ দুয়োজনৰ ভোটৰ পাৰ্থক্য হৈছে ১০.১২ লাখ৷ ধুবুৰী লোকসভা সমষ্টিৰ অধীনত ৬টা বিধানসভা সমষ্টি বৰ্তমান এ আই ইউ ডি এফৰ দখলত যদিও আটাইকেইটা সমষ্টিৰ সংখ্যালঘু মুছলমান ভোটাৰে প্ৰত্যাখান কৰে আজমলক৷ এক কথাত নিজৰ বিধায়ক থকা ধুবুৰী, গৌৰীপুৰ, বিলাসীপাৰা পশ্চিম, বিলাসীপাৰা পূব, মানকাচৰ আৰু চেঙা সমষ্টিতো পৰাজয় বৰণ কৰিছে এ আই ইউ ডি এফে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি দলে মোগলৰ সৈতে আজমলক তুলনা কৰি বাৰে বাৰে শৰাইঘাটৰ ৰণৰ হুংকাৰ দি এ আই ইউ ডি এফৰে বুজাবুজিৰে যে সাম্প্ৰদায়িক ৰাজনীতি কৰি আহিছিল সেয়া সংখ্যালঘু ভোটাৰে ভালদৰে বুজি উঠাটো নিৰ্বাচনী ফলাফলে প্ৰমাণ কৰিছে৷ যাৰ বাবে এইবাৰৰ নিৰ্বাচনত আজমল বাহিনীৰ বিৰুদ্ধে সংখ্যালঘু মুছলমান ভোটাৰেই মাৰবান্ধি থিয় হৈ ভোট দিলে প্ৰতিপক্ষ প্ৰাৰ্থীক৷ নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী হৈয়ো নিজৰে ধিং সমষ্টিত বিধায়ক আমিনুল ইছলামে নগন্য ভোট লাভ কৰি পৰাজয় স্বীকাৰ কৰিবলগীয়া হয়৷ ধিং বিধানসভা সমষ্টিত বিধায়ক আমিনুল ইছলামে ৩২ হাজাৰ ১৭০ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে লাভ কৰিলে ৰ লাখ ২৮ হাজাৰ ৩৩৭ টা ভোট৷ একেই দশা হ’ল এ আই ইউ ডি এফে প্ৰতিদ্বন্দ্বিতা কৰা কৰিমগঞ্জ লোকসভা সমষ্টিতো৷ কৰিমগঞ্জ লোকসভা সমষ্টিত ৩ জন এ আই ইউ ডি এফৰ বিধায়ক থকাৰ পাছতো দলটোৱে পালে মাত্ৰ ২৯ হাজাৰ ভোট৷ কৰিমগঞ্জ লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীক পৰাস্ত কৰি শেষ হাঁহি মাৰিলে বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাহে৷ কিন্তু ৬ টা বিধানসভা সমষ্টিক লৈ গঠিত কৰিমগঞ্জ লোকসভা সমষ্টিৰ তিনিটা বিধানসভা এ আই ইউ ডি এফৰ দখলত থকাৰ পাছতো ইউ ডি এফৰ প্ৰাৰ্থী ছাহাবুল ইছলাম চৌধুৰীৰে তৃতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া হয়৷ এ আই ইউ ডি এফৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ আলগাপুৰ সমষ্টি আৰু সুজাম উদ্দিন লস্কৰৰ কাটলিচেৰা সমষ্টিত দলীয় প্ৰাৰ্থীজনে মাত্ৰ ৬,৪৯৮ টা ভোটহে লাভ কৰে৷ একেদৰে এ আই ইউ ডি এফৰ দখলত থকা হাইলাকান্দি সমষ্টিতো ছাহাবুল ইছলাম চৌধুৰীয়ে লাভ কৰে মাত্ৰ ২ হাজাৰ ভোট৷ অথচ এই বিধানসভা সমষ্টিটো বিজেপি প্ৰাৰ্থীজনে প্ৰায় ৰ লাখ ভোট আৰু কংগ্ৰেছ প্ৰাৰ্থীজনে প্ৰায় ৫৫ হাজাৰ ভোট লাভ কৰে৷ এ আই ইউ ডি এফে মূলতঃ সংখ্যালঘু ভোটাৰ অধ্যুষিত সমষ্টি তিনিটাতেই প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল যদিও তিনিটা সমষ্টিতে সমগ্ৰ মুছলমান সমাজেই দলটোক নস্যাৎ কৰিলে৷ আশ্চৰ্যজনকভাৱে নগাঁও আৰু কৰিমগঞ্জ সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থীদ্বয়ৰ আমানত ধন পৰ্যন্ত হেৰুৱাবলগীয়া হ’ল৷ স্বাভাৱিকতেই সাম্প্ৰদায়িক ৰাজনীতিৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ হৈ অহা এ আই ইউ ডি এফ এইবাৰৰ নিৰ্বাচনত কাৰ্যতঃ নিশ্চিন্ন হোৱাত বিজেপি দলে অনাগত দিনত কি ইচ্ছু্্যত ৰাজনীতি কৰিব সেয়া লক্ষণীয় হ’ব৷ অৱশ্যে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সংখ্যালঘু নেতা ৰকিবুল হুছেইনে দেশৰ ভিতৰতে সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী হোৱাত ‘নায়ক’ বুলি অভিহিত কৰিছিল৷ কিন্তু পিছদিনাই একেজন মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ বক্তব্য ‘শুধৰাই’ ৰকিবুল হুছেইনে সংখ্যালঘুৰ ১০ লাখ ভোটৰ ব্যৱধানত জয়ী হোৱাটো অসমীয়াৰ বাবে বিপজ্জনক বুলিও আন এক ইংগিত প্ৰদান কৰিছিল৷ স্বাভাৱিকতেই এতিয়া প্ৰশ্ন উঠিছে, অনাগত দিনত অসমৰ ৰাজনীতিত বিজেপি তথা মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনকে ‘আজমল’লৈ ৰূপান্তৰ কৰিব নেকি?