Logo
image

নেত্ৰভালকাৰৰ প্ৰতিশোধ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৮জুন :  একেলগে প্ৰতিশোধপূৰণ আৰু ইতিহাসৰ এটা বহুৰঙী পৃষ্ঠাত স্থান দখল৷ ক্ৰিকেটৰ ‘টাই’ যিদৰে নতুন কথা নহয়, সেইদৰে খেলবিধৰ ৰোমাঞ্চো অৰ্বাচীন নহয়৷ দুৰ্ভাগ্য এটাই, আমেৰিকানে ইমানদিনে ক্ৰিকেটৰ হৃদস্পন্দন বন্ধ কৰিব পৰা উত্তেজনাৰ উমান পোৱা নাছিল৷ বৃহস্পতিবাৰে ডালাছৰ নাছাউ কাউণ্টিৰ ২২ গজত যি মাৰ্কিনে বিশ্বকাপৰ টি-২০ চাইছে  নেত্ৰভালকাৰৰ প্ৰতিশোধ আৰু তাৰ যিকেইজনে ক্ৰিকেট বুজিছে, তেওঁলোকে অচিৰেই ত্যাগ কৰিব পাৰে বেছবলৰ পুৰণি প্ৰেম৷ নতুন প্ৰেম আৰম্ভ হ’ব ক্ৰিকেটৰে, তাত কোনো সন্দেহেই নাই৷ কাৰণ চৰম ক্ৰিকেটীয় উত্তেজনা সাক্ষী কৰি মাৰ্কিন মুলুকত বৃহস্পতিবাৰে সংঘটিত হ’ল বিশ্ব ক্ৰিকেটৰ বৃহত্তম অঘটন৷ ক্ৰিকেটৰ ‘শিশু’ আমেৰিকাই টি-২০ বিশ্বকাপত পাকিস্তানক পৰাস্ত কৰি সংঘটিত কৰিলে ক্ৰিকেট ইতিহাসৰ সৰ্ববৃহৎ অঘটন৷ বিশ্বকাপৰ লীগ মেচত আমেৰিকাৰ এই চমকপ্ৰদ বিজয়ত নায়কৰ ভূমিকা ল’লে ভাৰত বংশোদ্ভৱ ছফটৱেৰ ইঞ্জিনিয়াৰ সৌৰভ নেত্ৰভালকাৰে৷ ৪০ অভাৰত ‘টাই’ হোৱা মেচখনৰ ফলাফল নিৰ্ধাৰণ হৈছিল ছুপাৰ অভাৰত৷ ছুপাৰ অভাৰতে যাদু দেখুৱালে ভাৰত-জন্মজাত সৌৰভে৷ ছুপাৰ অভাৰত পাকিস্তানক বিজয়ৰ বাবে প্ৰয়োজন হৈছিল ১৯ ৰানৰ৷ কিন্তু সৌৰভে ডালাছৰ নাছাউ কাউণ্টিৰ পিটচত বাওঁহতীয়া পেচ বলিঙৰ বিষ ঢালি প্ৰাক্তন বিশ্ব চেম্পিয়ন পাকিস্তানক স্তব্ধ কৰি ৰাখে ১৩ ৰাণত৷ বিশ্ব ক্ৰিকেটৰ এই ‘বিগেষ্ট আপছেট’ৰ পাছতে চৰ্চাৰ কেন্দ্ৰবিন্দুত ভাৰতীয় বংশোদ্ভৱ সৌৰভ নেত্ৰভালকাৰ৷ 

তাৰ পাছতে বিৰামহীনভাৱে চলিছে গুগল ছাৰ্চ ইঞ্জিন– কোন এই সৌৰভ? 

পেছাত সৌৰভ নেত্ৰভালকাৰ ছিনিয়ৰ ছফটৱেৰ ইঞ্জিনিয়াৰ৷ ২০১৫ চনত সৌৰভে আমেৰিকাত বিখ্যাত অ’ৰেকল কোম্পানীত ছফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে যোগদান কৰিছিল৷ যদিও তেওঁৰ পেছা অভিযন্তাৰ, সৌৰভৰ নিচা কিন্ত ক্ৰিকেট৷ তাৰো আছে এক দুৰ্দান্ত ইতিহাস৷ মুম্বাইত জন্মহোৱা সৌৰভ কৈশোৰত প্ৰকৃততে আছিল এজন প্ৰতিশ্ৰুতিৱান ক্ৰিকেটাৰ৷ সৌৰভ আছিল ভাৰতীয় অনূধবৰ্ ১৯ দলৰ অন্যতম মূল সদস্য৷ এতিয়াৰ টীম ইণ্ডিয়াৰ কে এল ৰাহুল, মায়ংক আগৰৱাল, হৰ্ষল পেটেল, জয়দেৱ উনাড়কাট, সন্দীপ শৰ্মা আছিল সৌৰভৰ অনূধবৰ্ ১৯ ভাৰতীয় দলৰ সতীৰ্থ৷ ২০১০ত অনূধবৰ্ ১৯ বিশ্বকাপত সৌৰভে পৰিধান কৰিছিল ভাৰতীয় দলৰ নীলা জাৰ্ছি৷ ৰঞ্জী খেলিছিল মুম্বাইৰ হৈ৷ কিন্তু ভাৰতীয় ক্ৰিকেটৰ আসুৰিক প্ৰতিযোগিতাত তেওঁ অৱশেষত ক্ৰিকেট এৰি বাছি ল’লে অভিযন্তাৰ সুৰক্ষিত আৰু সচ্ছল কেৰিয়াৰ৷ পাৰি দিলে আমেৰিকাৰ ডালাছলৈ ২০১৫ চনত৷ 

সৌৰভে কিন্তু ক্ৰিকেট পাহৰি যোৱা নাছিল আৰু আছন্ন হৈ আছিল জীৱনৰ প্ৰথম প্ৰেম ক্ৰিকেটৰ নিচাত৷ জটিল ছফটৱেৰ ইঞ্জিনিয়াৰিঙৰ ‘ক’ড’ তৈয়াৰ কৰাৰ সৈতে ভাৰসাম্য ৰাখি চেৰী ৰঙৰ বলটোৰ পেচৰ সৈতেও সম্পৰ্ক অব্যাহত ৰাখিছিল সৌৰভে৷ বিধিৰ কি অদ্ভুত সংযোগ! ২০১০ চনত যুৱ পাকিস্তানী ক্ৰিকেটাৰ বাবৰ আজমৰ দলৰ হাতত শেষ হৈছিল সৌৰভ আৰু অনূধবৰ্ৰ্ ১৯ ভাৰতীয় দলৰ বিশ্বকাপৰ সপোন৷ 

তাৰ পৰা ফাষ্ট ফৰৱাৰ্ড ১৪টা বছৰ৷ সৌৰভে প্ৰতিশোধ পুৰণ কৰিলে সেই বাবৰ আজমৰ পাকিস্তানৰ বিৰুদ্ধে৷ মেচ একেই– টি-২০, কিন্তু ছিনিয়ৰ বিশ্বকাপ৷ 

আৰু? 

এইবাৰ সৌৰভ নীলা জাৰ্চিৰ টীম ইণ্ডিয়াৰ প্ৰতিনিধি নাছিল৷ সদস্য আছিল ক্ৰিকেটৰ বালক আমেৰিকা দলৰ, য’ত টীম গেম হিচাপে জনপ্ৰিয় বেছবল কিম্বা আমেৰিকান ফুটবল৷ জাৰ্ছিৰ ৰং এইবাৰ ডাঠ নীলা, টীম ইণ্ডিয়াৰ আকাশী নহয়৷ সৌৰভ নেত্ৰভালকাৰে পিছে প্ৰতিশোধপূৰণ কৰিলে বাওঁহাতত ৫.৫ আউন্সৰ বগা বলটো লৈ৷ ছুপাৰ অভাৰত সেই বলেৰেই বাজীমাৎ কৰিলে সৌৰভে৷ দ্বিতীয় বলত ইফটিকাৰ আহমেদে বাউণ্ডেৰী কোবালেও তৃতীয় বলত সৌৰভে ইফটিকাৰক বিদায় দিলে এটা অবুজ আউত ছুইংগাৰেৰে৷ 

সৌৰভৰ পেচৰ ‘বিষ’ত ছুপাৰ অভাৰত ১৩ ৰাণত ক্ষান্ত হৈ ৰ’ল একালৰ বিশ্ব চেম্পিয়ন৷ 

পাকিস্তানৰ দৰে ক্ৰিকেটৰ সিংহক পৰাভূত কৰি প্ৰতিশোধপূৰণেৰে এক লহমাত সৌৰভ আৰু আমেৰিকা সোমাই পৰিল ক্ৰিকেটৰ ইতিহাসৰ পৃষ্ঠাত৷