Logo
image

হৃদৰোগত আক্ৰান্ত হোৱাৰ পূৰ্বৰ লক্ষণ

আমাৰ অসম বিশেষঃ সমগ্ৰ বিশ্বত অকাল মৃত্যুৰ এটা প্ৰধান কাৰণ হৈছে হৃদৰোগ আৰু ষ্ট্ৰ’ক৷ সাধাৰণতে হৃদযন্ত্ৰত তেজৰ চলাচল কমি গ’লে বা বন্ধ হ’লে এজন লোক হৃদৰোগত আক্ৰান্ত হয় বা লোকজনৰ হাৰ্টএটেক হোৱা বুলি কোৱা হয়৷ তদুপৰি সিৰা-উপসিৰাসমূহত তেজৰ চলাচল বন্ধ হ’লেও লোক এজন হৃদৰোগত আক্ৰান্ত হয়৷ কিন্তু হৃদৰোগত আক্ৰান্ত হোৱা বা হাৰ্টএটেক হোৱাৰ পূৰ্বে কিছুমান লক্ষণে দেখা দিয়ে৷ এনে লক্ষণৰ বিষয়ে জ্ঞাত হ’লে অকাল মৃত্যুৰ পৰা হাত সাৰিব পৰা যায়৷ হাৰ্টএটেক হোৱা বা হৃদৰোগত আক্ৰান্ত হোৱাৰ এমাহ পূৰ্বৰে পৰা দেখা দিয়ে এই লক্ষণসমূহে–

[১] ঠাণ্ডা বা ফ্লু’ঃ হাৰ্টএটেকৰ চিকাৰ হোৱা বহুতকে প্ৰায় এমাহমানৰ পূৰ্বৰ পৰা ঠাণ্ডা, পানীলগা বা ফ্লু’ত আক্ৰান্ত হোৱা দেখা যায়৷

[২] ঠাণ্ডা ঘামঃ ৰক্ত প্ৰৱাহ কমিবলৈ ধৰিলে দেহৰ পৰা ঘাম নিৰ্গত হয় আৰু অত্যন্ত ঠাণ্ডা অনুভৱ হয়৷ এনে ক্ষেত্ৰত সতৰ্ক হোৱা দৰকাৰ৷ 

[৩] বুকুৰ বিষঃ বুকুৰ বিষ হৃদৰোগৰ অন্যতম  লক্ষণ৷ সেয়ে বুকু, বাহু, পিঠি বা কান্ধত বিষ অনুভৱ হ’লে লগে লগে চিকিৎসকৰ কাষ চপা উচিত৷

[৪] শ্বাসকষ্টঃ হাওঁফাওঁত পৰ্যাপ্ত পৰিমাণে অক্সিজেন আৰু তেজৰ সৰবৰাহ নহ’লে শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ হয়৷ হৃদযন্ত্ৰৰ সমস্যা থাকিলে হাওঁফাওঁত তেজৰ চলাচল কমি আহে৷ ফলত শ্বাস-প্ৰশ্বাসত সমস্যা হয়৷

[৫] অস্বাভাৱিক শাৰীৰিক দুৰ্বলতাঃ তেজৰ চলাচল কমি আহিলে বা তেজৰ সৰবৰাহত বাধাৰ  সৃষ্টি হ’লে অস্বাভাৱিক দুৰ্বল অনুভৱ হয়৷ এনে হ’লে লগে লগে চিকিৎসকৰ কাষ চাপক৷

[৬] বমি, বদহজম, তলপেটত বিষঃ বমি ভাব, বদহজম, বুকু জ্বলা-পোৰা কৰা বা তলপেটৰ বিষ হাৰ্টএটেকৰ পূৰ্ব লক্ষণ৷