Logo
image

গছ কটা মেছিন বন্ধ কৰিব লাগে, গছপুলি ৰোপণ নকৰিলেও গছ নাকাটিবঃ অৰণ্য মানৱ যাদৱ পায়েং

'আমাৰ অসম' শিৱসাগৰৰ প্ৰতিবেদক, ৮ জুনঃ শিৱসাগৰৰ অগ্ৰণী শিক্ষানুষ্ঠান আৰ্যভট্ট একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নৱাগত আদৰণী সভা শনিবাৰে শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। আৰ্যভট্ট একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষা কৰুণা গগৈয়ে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটো শুভাৰম্ভ কৰে। ইয়াৰ পাছত অধ্যক্ষা কৰুণা গগৈয়ে পৰিচালনা কৰা মুকলি সভাত উদ্দেশ্য ব্যাখ্যা কৰে কবিৰ ৰহমানে। ইয়াৰ পাছত বৰগীত পৰিবেশন কৰে আৰ্যভট্ট একাডেমীৰ শিক্ষয়িত্ৰী মণিমালা বৰুৱা দত্তই। 

এই সভাত 'অৰণ্য মানৱ' খ্যাত যাদৱ পায়েং মুখ্য অতিথিৰূপে, ইনামূল হাজৰিকা, শৰৎ হাজৰিকা, মণিৰুল ইছলাম বড়া, খাইৰুদ্দিন আহমেদ, সমীৰণ ফুকন আদিয়ে বিশিষ্ট অতিথিৰূপে ভাষণ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে। পদ্মশ্ৰী যাদৱ পায়েঙে ভাষণ প্ৰসঙ্গত যোৰহাট জিলাৰ ককিলামুখৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি কেনেকৈ এখন অৰণ্যলৈ ৰূপান্তৰ কৰিছিল সেই বিষয়ে আৰু বিশ্বৰ বিভিন্ন দেশ-বিদেশ ভ্ৰমণ কৰি পোৱা অভিজ্ঞতাৰ সম্পৰ্কে বিস্তৃত ৰূপত অৱগত কৰে।

 

তদুপৰি শৈশৱ কালত যোৰহাটৰ ৯০ নং বালিগাওঁ প্ৰাথমিক বিদ্যালয়ত দ্বিতীয় শ্ৰেণীত পঢ়ি থকা সময়ত কৃষি বিজ্ঞানী ডঃ যদুৰাম বেজবৰুৱাৰ পৰা গছপুলি ৰোপণ কৰিবলৈ প্ৰেৰণা পাইছিল বুলি আৰু ব্ৰহ্মপুত্ৰৰ চাপৰিত অৰণ্য নিৰ্মাণ কৰাৰ পাছত সংবাদ মাধ্যমে বহু সহায় কৰিছিল বুলি ভাষণ প্ৰসঙ্গত পায়েঙে উল্লেখ কৰে। সভাৰ অন্তত অৰণ্য মানৱ যাদৱ পায়েঙে সাংবাদিকৰ আগত কয়, "যন্ত্ৰচালিত গছ কটা কৰত বন্ধ কৰিব লাগে। যন্ত্ৰচালিত গছ কটা কৰত প্ৰশাসনৰ হাতত থাকক। কিন্তু গাইগুটীয়াকৈ দিব নালাগে। সৰ্ব সাধাৰণ ৰাইজে পোৱাকৈ বিক্ৰীৰ ব্যৱস্থা কৰিব নালাগে। অৰুণাচল প্ৰদেশত এয়াৰ গান বন্ধ কৰিছে। যন্ত্ৰচালিত গছ কটা কৰত বন্ধ কৰিছে। যাৰ বাবে অৰুণাচল প্ৰদেশ আমেৰিকাৰ পৰা সন্মানিত হৈছে। গছ ৰুব নালাগে, কিন্তু গছ কাটিব নালাগে। নাকাটিলে গছ নিজেই হ'ব। আমাৰ দেশত ফৰলেণ্ড, নাইন লেণ্ড নিৰ্মাণ কৰোঁতে বহু গছ কটা হৈছে। ইয়াৰ বাবে চৰকাৰৰ প্লেনিং অফিচাৰৰ গাত দোষ আছে। প্লেনিং অফিচাৰে এইবোৰ বুজি নাপায়। কাৰণ তেওঁলোক দিল্লীৰ কংক্ৰিটৰ ৰুমত থাকে, এ চি গাড়ীত ঘূৰে, ফিল্ডলৈ নাযায়। বিদেশত বাট-পথ নিৰ্মাণ কৰিবলৈ হ'লে গছ নাকাটে। অন্য স্থানত ৰোৱাৰ ব্যৱস্থা আছে। আমাৰ দেশতো এই ব্যৱস্থা কৰিব লাগে। মই যিমান দিন থাকিম, সিমান দিন ছাত্ৰ-ছাত্ৰীৰ লগত থাকি পৃথিৱীক ভাল পাবলৈ শিকোৱাটো মোৰ কাম। মই জীয়াই থকালৈকে এই কামকেই কৰি থাকিম। মোৰ বেলেগ উদেশ্য আৰু একো নাই।" 

উক্ত সভাত ছাত্ৰী ভাগ্যশ্ৰী চাংমাইয়ে সত্ৰীয়া নৃত্য, সংগীতাই ভায়'লিন পৰিবেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। সভাত শিক্ষক-শিক্ষয়িত্ৰী প্লাবিতা কোঁৱৰ, দেৱাশ্ৰী দেৱী, লক্ষী বুঢ়াগোহাঁই আৰু ছাত্ৰী চিৰস্মীতা দেৱী, ৰাজনন্দিনী বৰায়ো নিজৰ মনোভাৱ ব্যক্ত কৰে। সভাৰ অন্তত ছাত্র-ছাত্ৰীসকলে গীত-মাত-নৃত্য পৰিবেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।