Logo
image

নেৰানেপেৰা বৰষুণত নষ্ট হৈছে খেতিঃ অত্যাধিক হাৰত পাচলিৰ দাম বৃদ্ধি

'আমাৰ অসম'ৰ নগৰবেৰাৰ প্ৰতিবেদক, ৮ জুনঃ যোৱা প্ৰায় এপষেক ধৰি হোৱা নেৰানেপেৰা বৰষুণে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ দক্ষিণপাৰৰ বৃহৎ সংখ্যক কৃষক ক্ষতিৰ সন্মুখীন হ'ব লগীয়া হৈছে। অত্যাধিক বৰষুণৰ ফলত দক্ষিণ বৰপেটাৰ বহু কৃষকৰ পাচলি খেতি নষ্ট হোৱাত মূৰে কপালে হাত দিছে কৃষকে। জানিব পৰা মতে, প্ৰবল বৰষুণৰ ফলত বহু কৃষকৰ পাচলি খেতিত পানী জমা হৈ থকাত বিভিন্ন প্ৰান্তত এনে পাচলি খেতি মৰহি নষ্ট হোৱা পৰিলক্ষিত হৈছে। দক্ষিণ বৰপেটাৰ প্ৰায় ৯৫ শতাংশ পৰিয়াল প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰে। অঞ্চলটোৰ কৃষকসকলে প্ৰতি বছৰে ইৰি ধান, মাকৈ খেতিৰ পিছতে পাচলি খেতিক অগ্ৰাধিকাৰ দি শ শ বিঘা মাটিত বিভিন্ন পাচলি খেতি কৰি আৰ্থিকভাৱে লাভান্বিত হৈ আহিছে। দক্ষিণ বৰপেটাৰ উৎপাদিত পাচলিৰে গুৱাহাটীকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখন ৰাজ্যৰ পাচলিৰ চাহিদা পূৰণ কৰাত সহায় কৰে। 


এনে পৰিস্থিতিত দক্ষিণ বৰপেটাৰ বহু অঞ্চলত জিকা, কোমোৰা, ভেন্দি, ভোল, জলকীয়া, তিঁয়হ, লেচেৰি, বেঙেনা, পটল, কেৰেলা, ভাতকেৰেলা আদি খেতি গেলি পচি নষ্ট হোৱাত স্থানীয় পাইকাৰী বজাৰসমূহত পাচলি যথেষ্ট পৰিমাণে কমকৈ সৰবৰাহ হোৱা দেখা যায়। তদুপৰি একেৰাহে বৰষুণত নষ্ট নোহোৱা পাচলি খেতিতো বিভিন্ন বেমাৰে আক্ৰান্ত কৰাত ব্যাপকভাৱে উৎপাদন হ্ৰাস পোৱাৰ কথাও ব্যক্ত কৰিছে একাংশ খেতিয়কে। এনে একাধিক কাৰণত পাচলিৰ উৎপাদন হ্ৰাস পোৱাত প্ৰতিবিধ পাচলিৰ পাইকাৰী বজাৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। 

জানিব পৰা মতে, বৃহত্তৰ দক্ষিণ বৰপেটাৰ কৃষক সকলে তেওঁলোকৰ উৎপাদিত প্ৰায় ৮০-৯০ শতাংশ পাচলি বিভিন্ন প্ৰকাৰে কঢ়িয়াই কামৰূপ জিলাৰ নগৰবেৰা আৰু গোৱালপাৰা জিলাৰ নৱাগত শিমলীতোলাস্থ পাচলিৰ পাইকাৰী বজাৰলৈ বিক্ৰীৰ বাবে নিয়ে। শেহতীয়া খৱৰ অনুসৰি উৎপাদন হ্ৰাসৰ বাবেই পাইকাৰী বজাৰসমূহত ব্যাপকভাৱে বৃদ্ধি পাইছে প্ৰতিবিধ পাচলিৰ দাম। একাংশ কৃষকে জনোৱা মতে, নগৰবেৰা আৰু নৱাগত শিমলীতোলা পাইকাৰী পাচলি বজাৰত প্ৰতি কুইন্টল ভোল ৩০০০ৰ ৩৫০০ টকা, জিকা ৩০০০ টকা, ভেন্দি ৩২০০ টকা, লেছেৰি ৪০০০ টকা, তিঁয়হ ২৫০০ৰ পৰা ৩০০০ টকা, কেঁচা জলকীয়া ৭০০০ৰ পৰা ৮০০০ টকাকৈ বিক্ৰী হোৱা পৰিলক্ষিত হৈছে। পাইকাৰী বজাৰত প্ৰতিবিধ পাচলিৰ এনে দাম বৃদ্ধিয়ে একাংশ কৃষকৰ মুখত হাঁহি বিৰিঙাইছে যদিও পাচলিৰ এনে বৰ্ধিত মূল্যই চকুৰে সৰিয়হৰ ফুল দেখিছে সাধাৰণ গ্ৰাহকে। পাচলিৰ অত্যাধিক মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাৰ দৈনন্দিন বাজেটত ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। বতৰ স্বাভাৱিক নোহোৱা পৰ্যন্ত পাচলিৰ মূল্য হ্ৰাস নহ'ব বুলি ধাৰণা কৰিছে সৰ্বসাধাৰণ লোকে।