Logo
image

উক্তি-বক্ৰোক্তি

পাণ্ডিয়ান মোৰ উত্তৰাধিকাৰী নহয়৷ মোৰ উত্তৰাধিকাৰী ৰাজ্যৰ জনতাই নিৰ্বাচিত কৰিব৷ পাণ্ডিয়ানে দলত যোগদান কৰিছিল, কিন্তু তেওঁৰ কোনো পদবী নাছিল৷ নিৰ্বাচনতো তেওঁ প্ৰতিদ্বন্দ্বিতা কৰা নাছিল৷ বিষয়া হিচাপে তেওঁ অতি দক্ষ আছিল৷ যোৱা দহ বছৰত তেওঁ দুটা ঘূৰ্ণিবৃষ্টিৰ ক্ষতি চম্ভলাৰ লগতে ক’ভিড অতিমাৰীৰ পৰিস্থিতিতো দক্ষতাৰে কাম কৰিছিল৷ সেইবুলি তেওঁ মোৰ উত্তৰাধিকাৰী হ’ব নোৱাৰে৷ 
– ওড়িশাৰ বিদায়ী মুখ্যমন্ত্ৰী নবীন পট্টনায়ক

মোক কোনো পদবী নালাগে৷ মোক কেৱল অসমত দুবছৰ এৰি দিয়ক৷ মই ৰাইজৰ সেৱা কৰিব বিচাৰোঁ৷ যোৰহাটৰ ৰাইজে দিয়া মৰম আৰু উপহাৰতকৈ ডাঙৰ পদবী একো নাই৷ 
– যোৰহাটৰ সাংসদ গৌৰৱ গগৈ

কংগনা ৰাণাৱতৰ সৈতে মোৰ সম্পৰ্ক ভালো নহয় বেয়াও নহয়৷ সেইবুলি মই তেওঁক এগৰাকী নিৰাপত্তাৰক্ষীয়ে বিমানবন্দৰত চৰিওৱা কথাটো সমৰ্থন কৰিব নোৱাৰো৷ বহুতৰ দৰে কংগনা আক্ৰান্ত হোৱা বিষয়টো লৈয়ো মই ফুৰ্তি কৰিব নোখোজো৷ যদিহে নিৰাপত্তাৰ দায়িত্বত থকা ব্যক্তিয়ে আনক সুৰক্ষা নিদিয়ে তেন্তে সেয়া বিপদৰ কথা৷ 
– অভিনেত্ৰী শ্বাবানা আজমি

মোদীৰ অহংকাৰৰ পতন ঘটিল৷ মোদী এতিয়া সংবিধান সলনি কৰিব বুলি ক’ব নোৱাৰে৷ এতিয়া আন আন সহযোগী দলসমূহৰ ইচ্ছাত চলিবলৈ বাধ্য হ’ব নৰেন্দ্ৰ মোদী৷ 
– বিধায়ক অখিল গগৈ

ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট্টে ফ্ৰেডেৰিকছনক কৰা আক্ৰমণক মই কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ৷ ডেনিছ প্ৰধানমন্ত্ৰী ফ্ৰেডেৰিকছনৰ সৈতে মোৰ সম্পৰ্ক অতি ভাল৷ তেওঁৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা বুলি জানিব পাৰি মোৰ উদ্বিগ্নতা হ্ৰাস পাইছে৷ তেওঁৰ সু-স্বাস্থ্য কামনা কৰিলোঁ৷ 
– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

৫৪২ খন আসন৷ ক’ৰবাত জিকিছোঁ, ক’ৰবাত হাৰিছোঁ৷ ইয়াক লৈ কি ইছ্যু হ’ব লাগে? প্ৰভূ শ্ৰীৰাম আশীৰ্বাদত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ল নৰেন্দ্ৰ মোদী৷ চতুৰ্থবাৰৰ বাবেও তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হ’ব৷
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

কংগনা ৰাণাৱতক চৰিওৱাৰ ঘটনাত মোৰ আফচোচ হৈছে৷ এগৰাকী মহিলাই আন এগৰাকী মহিলাক আক্ৰমণ কৰাৰ ক্ষেত্ৰত যিদৰে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে সেয়া আচৰিত ঘটনা৷ তেওঁৰ ক্ষোভ থাকিব পাৰে৷ কিন্তু এনেদৰে শাৰীৰিক আক্ৰমণ কৰাটো ক্ষোভ প্ৰকাশৰ মাধ্যম হ’ব নোৱাৰে৷ 
– বলীউডৰ অভিনেতা অনুপম খেৰ 

মই কেৰালাৰ ৱেইনাড় সমষ্টি এৰি দিও নে উত্তৰ প্ৰদেশৰ ৰায়বেৰিলী এৰি দিও সেয়া এতিয়াও চূড়ান্ত কৰিব পৰা নাই৷ দুয়োটা লোকসভা সমষ্টিৰে ভোটাৰসকল মোৰ প্ৰিয়৷ মই এই সন্দৰ্ভত অহা  ৩-৪ দিনৰ ভিতৰত সিদ্ধান্ত গ্ৰহণ কৰিম৷ যিটো সমষ্টিয়েই মই এৰি দিও, তাৰ অৰ্থ এয়া নহয় যে মই তালৈ পিঠি দিম৷ সেই সমষ্টিৰ সকলো খবৰ মই ৰাখিম৷ 
– কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী