Logo
image

মোদী বহু বিভাগত দৰমহা নাই, পেন্সনৰো আকাল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ জুনঃ উচ্ছ শিক্ষাকে ধৰি ৰাজ্যৰ বহু বিভাগৰ একাংশ কৰ্মচাৰীক মে’ মাহৰ দৰমহা আদায় দিব পৰা নাই ৰাজ্য চৰকাৰে৷ জানিব পৰা মতে কোষাগাৰত দৰমহা শিতানত ধন নথকাৰ বাবেই বহু কৰ্মচাৰীক আজি পৰ্যন্ত মে’ মাহৰ দৰমহা আদায় দিব পৰা নাই  চৰকাৰে৷ এক কথাত ক’বলৈ গ’লে ভীষণ বিত্তীয় সংকটৰ গৰাহত পৰিছে ৰাজ্য চৰকাৰ৷

এনে দিনকাল পাইছেহি যে এতিয়া চৰকাৰী কৰ্মচাৰীসকলে মাহৰ মূৰত প্ৰাপ্য দৰমহা কেইটা পাব নে নাই সেয়াও সন্দেহৰ আৱৰ্তত সোমাই পৰিছে৷ যেন পূৰ্বৰ প্ৰফুল্ল কুমাৰ মহন্ত  চৰকাৰৰ সেই কলা দিনৰে পুনৰাবৃত্তি ঘটিছে৷ দৰমহা আদায় দিব নোৱাৰা বহু কোষাগাৰে বাজেট নাই বুলি যুক্তি দাঙি ধৰিছে৷ সমান্তৰালভাৱে বহু পেন্সনাৰেও লাভ কৰা নাই মাহিলী পেন্সন৷ মুঠতে একাংশ ৰাজ্যিক কৰ্মচাৰী আৰু পেন্সনাৰৰ মাজত এতিয়া হহাকন্দা পৰিস্থিতি৷ ইফালে ৰাজ্য চৰকাৰে পুনৰ নাবাৰ্ডৰ পৰা ৬৩৪ কোটি ৩৫ লাখ টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইয়াৰ পূৰ্বেও ৪ এপ্ৰিলত এক হাজাৰ কোটি, ৩০ এপ্ৰিলত এক হাজাৰ কোটি আৰু ২৮ মে’ত এক হাজাৰ কোটি ঋণ লৈছিল ৰাজ্য চৰকাৰে৷ চৰকাৰখনে চলিত বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈকে ৪ বাৰ ঋণ লৈছে৷ যোৱা চাৰি বছৰত ঋণ লোৱাৰ ধনৰ পৰিমাণে ডেৰলাখ কোটি টকা অতিক্ৰম কৰিছে৷