Logo
image

তোক্‌মা সকলোৰে বাবে উপকাৰী নহ’বও পাৰে

তোক্‌মা বা চিয়া ছীড স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ এবিধ তুলসী জাতীয় গছৰ পৰা তোক্‌মা বা চিয়া ছীড নামৰ বীজ উৎপাদন হয়৷ দেহৰ অতিৰিক্ত ওজন কমোৱাৰ ক্ষেত্ৰত তোক্‌মাই সহায় কৰে৷ সেই বাবে পুষ্টিবিশেষজ্ঞসকলে দুপৰীয়া বা নিশাৰ আহাৰ খোৱাৰ পাছত তোক্‌মা পানীত তিয়াই খাবলৈ পৰামৰ্শ দিয়ে৷ কিন্তু তোক্‌মা সকলোৰে বাবে উপকাৰী নহ’বও পাৰে৷ কিছুমানৰ ক্ষেত্ৰত তোক্‌মা খোৱাৰ পাছতে বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিয়ে৷

- তোক্‌মাত ফাইবাৰ, প্ৰ’টিন আৰু স্বাস্থ্যকৰ ফেট্‌ছ থাকে৷ যাৰ ফলত ই ওজন কমোৱাৰ লগতে কলেষ্টেৰ’ল আৰু ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷

- তোক্‌মাই কোষ্ঠকাঠিন্য সমস্যা নাইকিয়া কৰে৷ কিন্তু অত্যধিক পৰিমাণে তোক্‌মা খালে হজমত সমস্যা হ’ব পাৰে৷ ইয়াত থকা উচ্ছমাত্ৰাৰ ফাইবাৰে পেটৰ সমস্যা বঢ়াব পাৰে৷ তদুপৰি বদহজম, পেটফুলা আৰু গেছৰ সমস্যাই দেখা দিয়াৰ আশংকা থাকে৷

- এলাৰ্জিৰ সমস্যা থাকিলে তোক্‌মা নোখোৱাই ভাল৷ যিসকলৰ এলাৰ্জি আছে তেওঁলোকে তোক্‌মা খালে ডায়েৰিয়া, বমি আৰু খজুৱতিৰ সমস্যাত ভুগিব পাৰে৷

- তোক্‌মাত আলফা-লিনোলেনিক নামৰ এবিধ ওমেগা-৩ ফেটি এচিড থাকে৷ এইবিধ উপাদানে স্বাস্থ্যৰ সামগ্ৰিক উপকাৰ কৰে যদিও অত্যধিক পৰিমাণে তোক্‌মা খালে প্ৰষ্টেট কেন্সাৰ হোৱাৰ আশংকা থাকে৷

- তোক্‌মাত থকা ওমেগা-৩ ফেটি এচিডে তেজ পাতল কৰে৷ ফলত দেহৰ কোনো অংশত আঘাত পালে বা কটা চিঙা হ’লে, তাৰ পৰা তেজ ওলোৱা সহজে বন্ধ হ’ব নোখোজে৷ যিসকলৰ নিম্ন ৰক্তচাপৰ সমস্যা আছে, তেওঁলোকে তোক্‌মা খোৱাৰ পৰা আঁতৰি থকাই ভাল৷ কিয়নো এইবিধ বীজে যিকোনো সময়ত ৰক্তচাপ কমাব পাৰে৷

- চিকিৎসা বিশেষ:সকলৰ মতে দুচামুচ তোক্‌মাৰ পৰা ১৩৮ কেল’ৰি পোৱা যায়৷ বিশেষজ্ঞসকলৰ মতে দিনত এক বা ডেৰ চামুচতকৈ বেছি পৰিমাণৰ তোক্‌মা নোখোৱাই ভাল৷ গাখীৰ বা দৈৰ সৈতে তোক্‌মা মিহলোৱা পানী খালে বেছি উপকাৰ পোৱা যায়৷