Logo
image

পুনৰ আইনী মেৰপেছত কংগনা

এইবাৰ কপীৰাইট উলংঘাৰ অভিযোগ

আমাৰ অসম, ১৪ মাৰ্চঃ ‘দিদ্দাঃ দ্য ৱাৰিয়ৰ কুইন অৱ কাশ্মীৰ’ নামৰ ছবিখনৰ কপীৰাইট উলংঘা কৰাৰ অভিযোগত অভিনেত্ৰী পৰিচালিকা কংগনা ৰাণাৱটৰ বিৰুদ্ধে এফ আই আৰ দাখিল হৈছে৷ কালি মুম্বাইৰ খৰ থানাত কংগনা ৰাণাৱট, তেওঁৰ জ্যেষ্ঠ ভগ্নী ৰংগলী ছাণ্ডেলা আৰু ভ্ৰাতৃ অক্ষয় ৰানাৱট আৰু কমল কুমাৰ জৈনৰ বিৰুদ্ধে  আশীষ কৌল নামৰ গ্ৰন্থকাৰ এজনে এফ আই আৰ দাখিল কৰে৷ উল্লেখ্য যে আশীষ কৌলে দাবী কৰা মতে তেওঁ ৰচনা কৰা ‘দিদ্দা দ্যা ৱাৰিয়ৰ কুইন অৱ কাশ্মীৰ’ নামৰ গ্ৰন্থখনৰ কাহিনী নকল কৰি কংগনাই ছবি নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল৷