Logo
image

দেশৰ আটাইতকৈ ধনী নায়িকা

দীপিকা, প্ৰিয়ংকা, আলিয়া, কৰীণা, অনুষ্কা বা দক্ষিণৰ সুন্দৰী নয়নতৰা, ৰশ্মিকা.... কোন হ’ব পাৰে দেশৰ আটাইতকৈ ধনী অভিনেত্ৰী৷ দীপিকা পাডুকন অভিনীত ‘পাঠান’ আৰু দক্ষিণ ভাৰতীয় সুন্দৰী ‘লেডী ছুপাৰষ্টাৰ’খ্যাত নয়নতৰা অভিনীত ‘জৱান’ দুয়োখন ছবিয়ে বিগত বৰ্ষত ১০০০ কোটি টকা উপাৰ্জন কৰিছিল৷ আলিয়া ভাটৰ ‘জেকি ঔৰ ৰাণী কি প্ৰেম কাহিনী’য়ে মোটা অংকৰ ধন উপাৰ্জন কৰিছে৷ ৰশ্মিকা মন্দনা অভিনীত ‘পুষ্পা’ বা ‘এনিমেল’-এ বক্স অফিচত জোৱাৰৰ সৃষ্টি কৰিছিল৷ কিন্তু দীপিকা, আলিয়া, নয়নতৰা বা ৰশ্মিকা দেশৰ সৰ্বাধিক উপাৰ্জনকাৰী ধনী নায়িকা নহয়৷ প্ৰতিখন ছবিত অভিনয়ৰ বাবদ ৪৯ কোটি টকা পাৰিশ্ৰমিক লোৱা দেশীগাৰ্ল প্ৰিয়ংকা চোপ্ৰাও দেশৰ ধনী নায়িকাৰ প্ৰথম স্থানত নাই৷ কেটৰীণা, কৰীণা কিম্বা অনুষ্কাও কিন্তু দেশৰ সকলোতকৈ ধনী নায়িকা নহয়৷ ঠিক সেইদৰে সবাতোকৈ ধনী নায়িকাৰ তালিকাৰ শীৰ্ষত নাই অভিনয়ৰ পৰা সন্যাস লৈ ৰাজনীতিৰ ময়দানত প্ৰৱেশ কৰা সাংসদ কংগনা ৰাণাৱটৰ নাম৷ চলিতবৰ্ষৰ সমীক্ষা অনুসৰি ভাৰতৰ সকলোতকৈ ধনী নায়িকাগৰাকীৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৮০০ কোটি টকা৷ তেওঁ কোন আন্দাজ কৰিব পাৰিছেনে? তেওঁ আন কোনো নহয়, তেঁৱেই হ’ল বিগ-বি অমিতাভ বচ্ছনৰ বোৱাৰী, প্ৰাক্তন বিশ্ব সুন্দৰী তথা বলীউডৰ মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্ছন৷ একাধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সমীক্ষা মতে দেশৰ সকলোতকৈ ধনী নায়িকাগৰাকী হিচাপে ঐশ্বৰ্য ৰায়ক চিহ্নিত কৰিছে৷ তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৮০০ কোটি টকা৷ তেওঁ এদিনৰ শ্বুটিঙৰ কাৰণে লয় ৬-৭ কোটি টকা৷ তালিকাৰ দ্বিতীয় স্থানত আছে দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰা৷ তেওঁ ৬০০ কোটি টকা মূল্যৰ সম্পত্তিৰ গৰাকী৷ ৫৫০ কোটি টকাৰ সম্পত্তিৰে তালিকাৰ তৃতীয় স্থানত আছে আলিয়া ভাট৷ চতুৰ্থ স্থানত দীপিকা পাডুকন৷ তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৫০০ কোটি টকা৷ ৪৮৫ কোটিৰে পঞ্চম স্থানত আছে কৰীণা কাপুৰ৷ ষষ্ঠ স্থানত কেটৰীণা, সপ্তমত অনুষ্কা, অষ্টমত মাধুৰী, নৱমত কাজল আৰু দশম স্থানত আছে ৰাণী মুখাৰ্জী৷