Logo
image

উচ্ছ শিক্ষাত সংস্কাৰ

২০২১-২২ বৰ্ষত সম্পন্ন হোৱা সৰ্বভাৰতীয় উচ্ছ শিক্ষাৰ গণনাৰ প্ৰতিবেদনে ভাৰতৰ বিভিন্ন ৰাজ্যৰ উচ্ছ শিক্ষা বিভাগৰ প্ৰকৃত ছবিখন দাঙি ধৰিছে৷ অপ্ৰিয় হ’লেও সত্য যে সততে দাবী কৰি অহা অসমৰ উচ্ছ শিক্ষাৰ প্ৰকৃত ছবিখনো সৰ্বভাৰতীয় প্ৰতিবেদনখনে পূৰ্ণাংগ ৰূপত দাঙি ধৰি বহুতো প্ৰশ্নৰ উদয় কৰিছে৷ অসমৰ উচ্ছ শিক্ষা বুলিলে চৰকাৰী বা বে-চৰকাৰী মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়বোৰক বুজোৱা হয়৷ সেই হিচাপে অসমত বৰ্তমান কাৰ্যক্ষম হৈ থকা চৰকাৰী মহাবিদ্যালয়ৰ সংখ্যা ৪৪৪খন আৰু ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়ৰ সংখ্যা হৈছে ১০৯খন৷ অসমৰ উচ্ছ শিক্ষাত থকা বিশ্ববিদ্যালয়ৰ সংখ্যা হৈছে ৩০খন আৰু ইয়াৰ ভিতৰত কেন্দ্ৰীয় বিশ্ববিদ্যালয় দুখন আৰু ৰাজ্যিক বিশ্ববিদ্যালয় (চৰকাৰী) ১৬ খন৷
উচ্ছ শিক্ষাত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ হাৰ ১৬.৯ শতাংশ৷ অৰ্থাৎ স্কুলীয়া শিক্ষাৰ দেওনা পাৰ কৰা বহুতো ছাত্ৰ-ছাত্ৰীয়ে বিৰত থাকে উচ্ছ শিক্ষাৰ পৰা৷ উল্লেখযোগ্য যে অসমৰ বিপৰীতে তামিলনাডুত উচ্ছ শিক্ষাত নামভৰ্তিৰ হাৰ ৪৭.৯ শতাংশ৷ প্ৰায় ৫০০৮৭৪গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি থকা ৰাজ্যৰ উচ্ছ শিক্ষাত কৰ্মৰত অধ্যাপকৰ সংখ্যা ২৩,৩৩৬ গৰাকী আৰু অনা শিক্ষক কৰ্মচাৰীৰ সংখ্যা ১৫,৪৭৬ গৰাকী৷ অসমৰ উচ্ছ শিক্ষাত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে থকা ছাত্ৰাবাসৰ সংখ্যা হৈছে ৩৬০টা আৰু ছাত্ৰীনিবাসৰ সংখ্যা ৫৮৮ টা৷ পৰিসংখ্যা মতে অসমৰ মাত্ৰ এঘাৰ শতাংশ ছাত্ৰ-ছাত্ৰীৰ কাৰণে আছে আবাসৰ সুবিধা, বাকীসকল ছাত্ৰ-ছাত্ৰীয়ে হয় নিজৰ ঘৰ অথবা ভাড়াঘৰত থাকি শিক্ষাগ্ৰহণ কৰে৷
অসমৰ স্বাৰ্থত উচ্ছ শিক্ষা বিভাগটোৰ এক ব্যাপক সংস্কাৰৰ প্ৰয়োজনীয়তা আছে৷ নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰাৰ সময়তে প্ৰত্যক্ষ কৰা প্ৰধান বিষয়টো হৈছে শিক্ষানুষ্ঠানৰ মূৰব্বী পদটো৷ এখন মহাবিদ্যালয়ৰ সামগ্ৰিক বিকাশত অধ্যক্ষজনৰ থাকে গুৰুত্বপূৰ্ণ ভূমিকা৷ পৰিতাপৰ কথা যে অসমৰ সৰহ সংখ্যক মহাবিদ্যালয় চলি আছে ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দ্বাৰা৷ বিভাগীয় অনুমতি নোপোৱাৰ পৰিপ্ৰেক্ষিতত বহুতো মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্ব পালন কৰি আছে মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপকজনে৷ বহুতো ক্ষেত্ৰত দেখা পোৱা যায় যে ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীৰ নাথাকে পৰিচালনাৰ অভিজ্ঞতা৷ একাংশ সহকৰ্মীৰ পৰামৰ্শ লৈ এখন মহাবিদ্যালয়ৰ পৰিচালনা কৰিব বিচৰা ভাৰপ্ৰাপ্ত অধ্যক্ষৰ নাথাকে পূৰ্ণাংগ দায়বদ্ধতা৷ দিন যায় আৰু ৰাতি পুৱাই নীতিক সাৰোগত কৰি অভিজ্ঞতা অবিহনে এখন মহাবিদ্যালয়ৰ অধ্যক্ষৰ আসনত ভাৰপ্ৰাপ্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা অধ্যাপকসকলৰ স্থানত স্থায়ী অধ্যক্ষৰ নিয়োগৰ কথা শিক্ষাবিভাগে বিবেচনা কৰা উচিত৷
অসমত উচ্ছ শিক্ষাৰ প্ৰাণকেন্দ্ৰ মহাবিদ্যালয়সমূহৰ লগতে বিশ্ববিদ্যালয়সমূহৰ নিৰীক্ষণ কাৰ্য চৰকাৰে কৰে ইণ্টাৰনেট ব্যৱস্থাৰ জৰিয়তে৷ অতীতত উচ্ছ শিক্ষাধিকাৰ কাৰ্যালয়ত থকা মহাবিদ্যালয় পৰিদৰ্শকৰ পদটো বিলুপ্ত কৰা হ’ল৷ বৰ্তমান উচ্ছ শিক্ষা সঞ্চালকৰ কাৰ্যালয়ত থকা দুগৰাকী উপ-সঞ্চালকৰ ওপৰতে ন্যস্ত ৪৪৪খন প্ৰাদেশীকৃত মহাবিদ্যালয়ৰ পৰিদৰ্শকৰ দায়িত্ব৷ অসমৰ প্ৰতিখন মহাবিদ্যালয়ত প্ৰয়োজন হোৱা বিষয়াৰ পৰিদৰ্শন আৰু নিৰীক্ষণ কাৰ্যত শিক্ষা বিভাগে বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ জ্যেষ্ঠ তথা অভিজ্ঞ অধ্যাপকক নিয়োজিত কৰিলে সুফল পাব বুলি অনুমান কৰিব পাৰি৷
অসমৰ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰা বিষয়সমূহৰ পাঠ্যপুথিৰ অভাৱ বুলি সততে মতপোষণ কৰে ছাত্ৰ-ছাত্ৰীসকলে৷ অসমৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত কৰ্মৰত ২৩,৩৩৬ গৰাকী অধ্যাপকৰ দ্বাৰা প্ৰয়োজনীয় পাঠ্যপুথি লিখিবলৈ অনুপ্ৰেৰণা দিয়া কামটো শিক্ষা বিভাগেই কৰিব লাগিব৷ পাঠ্যপুথিৰ অভাৱত গুগ্‌লৰ ওপৰত নিৰ্ভৰশীল হোৱা অসমৰ ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ বাবে হাৰিয়ানা, দিল্লীৰ অধ্যাপকে কিতাপ লিখিব পাৰে যদি আমাৰ অধ্যাপকে কিয় নোৱাৰিব? এইক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্যসকলে অধ্যাপকসকলক গ্ৰন্থ লিখিবলৈ উৎসাহ দিয়াটো কাম্য৷
বিগত কেইবাটাও বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় উচ্ছতৰ শিক্ষা অভিযানৰ পুঁজিৰে অসমৰ মহাবিদ্যালয় সমূহৰ আন্তঃগাঠনিৰ ব্যাপক উন্নয়ন সাধন ঘটিছে৷ শ্ৰেণীকোঠা, বিজ্ঞানাগাৰ, গ্ৰন্থাগাৰ আদি নিৰ্মাণৰ লগতে ছাত্ৰাবাস বা ছাত্ৰী নিবাস নিৰ্মাণতো গুৰুত্ব প্ৰদান কৰাটো মহাবিদ্যালয়বোৰৰ বাবে প্ৰয়োজন হৈ পৰিছে৷ অসমৰ বহুতো মহাবিদ্যালয় আছে, য’ত অধ্যাপক আছে কিন্তু নাই প্ৰয়োজনীয় সংখ্যক ছাত্ৰ-ছাত্ৰী৷ কোনোবাখন মহাবিদ্যালয়ত এটা বিষয়ৰ বিপৰীতে থাকে দুজন বা ততোধিক অধ্যাপক৷ কিন্তু ছাত্ৰৰ সংখ্যা দহজন৷ কম ছাত্ৰ-ছাত্ৰী থকা মহাবিদ্যালযবোৰৰ তেনে অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীক ওচৰৰ মহাবিদ্যালয়লৈ স্থানান্তৰ কৰাৰ কথাও বিবেচনা কৰিব পাৰে শিক্ষা বিভাগে৷
বৰ্তমান অসমত চলি থকা নামভৰ্তি প্ৰক্ৰিয়াই বিবুধিত পেলাইছে ছাত্ৰ-ছাত্ৰীসকলক৷ নামভৰ্তি প্ৰক্ৰিয়াটোক ইণ্টাৰনেটকেন্দ্ৰিক কৰাৰ পৰিপ্ৰেক্ষিতত আশাহত হয় গাঁৱৰ সহজ সৰল অভিভাৱকসকল৷ প্ৰতিখন মহাবিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে সহায়ক কেন্দ্ৰ মুকলি কৰাটো প্ৰয়োজনীয়৷ নামভৰ্তিৰ বাবে আধাৰ কাৰ্ডৰ প্ৰয়োজন কিয় তাৰো পৰ্যালোচনা হোৱা উচিত৷ অসমত দুখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ লগত সংলগ্ন মহাবিদ্যালয়ৰ সংখ্যা ৬৪খন আৰু ৰাজ্যিক বিশ্ববিদ্যালয়ৰ লগত সংলগ্ন মহাবিদ্যালয়ৰ সংখ্যা ৫৩৭খন৷ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছত প্ৰায়ে দেখিবলৈ পোৱা যায় ছাত্ৰ-ছাত্ৰীৰ অসন্তুষ্টি৷ কোনো এজন ছাত্ৰই পৰীক্ষাত অৱতীৰ্ণ হৈছিল, কিন্তু ফলাফলত আহিছে অনুপস্থিত বুলি৷ কোনোবাজনে ষান্মাসিকৰ আভ্যন্তৰীণ পৰীক্ষাত উপস্থিত আছিল৷ কিন্তু ফলাফলত আহে অনুপস্থিত বুলি৷ পৰীক্ষাত পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলে মাচুলসহ আবেদন দাখিল কৰাৰ পাছতো উত্তীৰ্ণৰ প্ৰমাণ পত্ৰখন পাবলৈ বিশ্ববিদ্যালয়লৈ ঢাপলি মেলিব লাগে৷ পৰীক্ষাৰ বহীৰ পুনৰ নিৰীক্ষণৰ আবেদন কৰা ছাত্ৰ-ছাত্ৰীসকলে উত্তৰ বিচাৰি পৰীক্ষা-নিয়ন্ত্ৰকৰ কাৰ্যালয়ত দিনৰ পিছত দিন অপেক্ষা কৰিব লাগে৷ এনেবোৰ কৰ্মৰ সংস্কাৰ অবিহনে কেতিয়াও উন্নতিৰ জখলা বগাব নোৱাৰিব ৰাজ্যৰ উচ্ছ শিক্ষা বিভাগে৷