Logo
image

ৰামেশ্বৰ তেলী ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি!

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ জুনঃ অসমৰ চাহ জনগোষ্ঠীৰ জনপ্ৰিয় নেতা ৰামেশ্বৰ তেলীৰ ওপৰতে হয়তো অৰ্পণ কৰা হ’ব প্ৰদেশ বিজেপিৰ সভাপতিৰ দায়িত্ব৷ প্ৰদেশ বিজেপিৰ সভাপতি সলনিৰ প্ৰসংগ উত্থাপন হোৱাৰ পাছতে ব্যাপক চৰ্চালৈ আহিছে তেলীৰ নাম৷ বিজেপিৰ বৰ্তমানৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ কাৰ্যকাল শীঘ্ৰেই সমাপ্ত হ’ব৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক সংসদীয় নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্ব নিদিয়াৰ পৰিপ্ৰেক্ষিতত শেহতীয়াভাৱে তেওঁৰ নাম বিজেপিৰ ৰাজ্যিক সভাপতিৰূপে চৰ্চালৈ আহিছে৷ তেলী আছিল নৰেন্দ্ৰ মোদী মন্ত্ৰী সভাৰ শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্য মন্ত্ৰী৷ তদুপৰি তেওঁৰ ওপৰত ন্যস্ত কৰা হৈছিল পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ দায়িত্বও৷

১৯৭০ চনৰ ১৪ আগষ্টত দুলীয়াজানত জন্মগ্ৰহণ কৰা তেলীৰ পিতৃ আছিল এজন গাড়ীচালক৷ ২০০১ আৰু ২০০৬ চনত তেওঁ দুলীয়াজান সমষ্টিৰ পৰা বিজেপিৰ টিকটত বিধায়কৰূপে নিৰ্বাচিত হৈছিল৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ হোৱাৰ সূত্ৰে তেলীয়ে মোদী মন্ত্ৰীসভাত স্থান পাইছিল৷ সদ্য অনুষ্ঠিত লোকসভা নিৰ্বাচনত ডিব্ৰুগড় সমষ্টিত তেলীৰ পৰিৱৰ্তে বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়ে ৰাজ্যসভাৰ সাংসদ সৰ্বানন্দ সোণোৱালক৷ সেইসূত্ৰে তেলীক আন কোনো সন্মানজনক স্থানত অধিষ্ঠিত কৰাটো কাৰ্যতঃ অৱশ্যম্ভাৱী হৈ পৰিছে৷ এই মুহূৰ্তত দুটা পথ খোলা আছে– ৰাজ্যসভাৰ সাংসদ আৰু প্ৰদেশ বিজেপিৰ সভাপতি৷ সোণোৱাল লোকসভাৰ সাংসদ হোৱাৰ সূত্ৰে তেওঁৰ স্থানত আন এজনক ৰাজ্যসভালৈ পঠিয়াব লাগিব৷ ইফালে, প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰো কাৰ্যকাল শেষ হৈছে৷ কিন্তু সোণোৱালৰ স্থানত ৰাজ্যসভালৈ গ’লে সোণোৱালে সম্পূৰ্ণ নকৰা সময়খিনিহে সাংসদ হৈ থাকিব পাৰিব৷ কাজেই ৰামেশ্বৰ তেলীক প্ৰদেশ বিজেপিৰ সভাপতিৰ দায়িত্ব দিয়াৰ বিষয়ে সক্ৰিয়ভাৱে চিন্তা-চৰ্চা চলিছে বিজেপিত৷ চাহ জনগোষ্ঠীৰ লোকৰ মাজত বিজেপিৰ জনপ্ৰিয়তা বৃদ্ধিৰ লক্ষ্যও ইয়াৰ আন এটা কাৰণ৷