Logo
image

কেনেকৈ ইভিএমত বাঢ়িল ভোট! পুনৰ ভোটগ্ৰহণৰ দাবী হাফিজৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১০ জুন : লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত দেওবাৰে নৰেন্দ্ৰমোদীৰ নেতৃত্বত এনডিএ চৰকাৰৰ মন্ত্ৰী সভাই শপত গ্ৰহণ কৰাৰ সময়তে অসমৰ কৰিমগঞ্জ সমষ্টিৰ নিৰ্বাচনী ফলাফলক কেন্দ্ৰ কৰি আজৱ ঘটনা পোহৰলৈ আহিছে৷ যাক লৈ এতিয়া সন্দেহৰ কাঠগড়াত উঠিছে ঘোদ নিৰ্বাচন আয়োগ৷ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাই জয় লাভ কৰা কৰিমগঞ্জ লোকসভা সমষ্টিত মুঠ ভোটদানৰ বিপৰীতে ভোট গণনাত ইভিএমত ৩৮১১টা অতিৰিক্ত ভোট ওলোৱাৰ তথ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ যাৰ বাবে পৰাজিত প্ৰাৰ্থী কংগ্ৰেছৰ হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে সমষ্টিটোত পুনৰ ভোটগ্ৰহণৰ দাবী জনাই নিৰ্বাচন আয়োগক লিখিত অভিযোগ দাখিল কৰিছে৷ স্বাভাৱিকতেই পলমকৈ হ’লেও এই বিসংগতি পোহৰলৈ অহাত কি পৰিস্থিতিত ইভিএমত ভোটৰ সংখ্যা বৃদ্ধি পালে তাক লৈ চৰ্চা আৰম্ভ হৈছে৷ অভিযোগ মতে কৰিমগঞ্জ লোকসভা সমষ্টিত ভোট গ্ৰহণ সম্পন্ন হোৱাৰ পাছতেই নিৰ্বাচন আয়োগে ৱেবচাইটত প্ৰকাশ কৰা অনুসৰি মুঠ ভোটদান হৈছিল ১১,৩৬,৫৩৮টা ভোট৷  আয়োগৰ ৱেবচাইটৰ ‘End of poll percentage phase wise’ শিতানতো এই তথ্য প্ৰকাশ কৰিছিল৷ কিন্তু চ্ছ্ৰজুনত ভোট গণনাৰ পাছত নিৰ্বাচন আয়োগে ইভিএমত ১১,৪০, ৩৪৯টা ভোট গণনা হোৱা বুলি জানিবলৈ দিয়ে৷ আনকি এই বিসংগতিপূৰ্ণ ভোট গণনাৰ ভিত্তিতে কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীতকৈ ১৮,৩৬০টা ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাক জয়ী ঘোষণা কৰে নিৰ্বাচন আয়োগে৷ কিন্তু মুঠ ভোটদানৰ বিপৰীতে ইভিএমত ৩,৮১১টা অতিৰিক্ত ভোট  অন্তৰ্ভুক্ত হোৱাৰ তথ্য পোহৰলৈ অহাত এতিয়া ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই জিলা নিৰ্বাচনী বিষয়াক তদন্তৰ নিৰ্দেশ দিছে৷ কিন্তু এই বিসংগতিক লৈ সন্দেহ প্ৰকাশ কৰি কংগ্ৰেছৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত কৰাৰ দাবী জনাই দেওবাৰে কৰিমগঞ্জ সমষ্টিৰ ৰিটাৰ্ণিং বিষয়াক আবেদন  জনাইছে৷ নিৰ্বাচন আয়োগৰ পৰা  কোনো সহাঁহি নাপালে ন্যায়ালয়ত গোচৰ ৰুজু কৰিব বুলিও হাফিজ ৰছিদ চৌধুৰীয়ে জানিবলৈ দিছে৷ লক্ষণীয়ভাৱে এই অভিযোগ উত্থাপন হোৱাৰ পাছতেই নিৰ্বাচন আয়োগে ৱেবছাইটৰ ‘End of poll percentage phase wise’ শিতানৰ পৰা তথ্যসমূহ নোহোৱা কৰি দিছে৷