Logo
image

এইকেইটা উপায়েৰে চুলিৰ যতন লওক

সৌন্দৰ্যৰ অন্যতম অনুসংগ হ’ল চুলি৷ একোছা দীঘল-মসৃণ চুলিৰ গৰাকী হ’বলৈ কাৰনো মন নাযায়৷ ইয়াৰ বাবে চুলিৰ যত্নৰ প্ৰয়োজন৷ নামী-দামী সংস্থাৰ প্ৰসাধনী সামগ্ৰী ব্যৱহাৰ কৰিও লাভ নহয় যদিহে চুলিৰ ভালদৰে যত্ন নলয়৷ মাত্ৰ দামী চেম্পু ব্যৱহাৰ কৰিলেই একোছা মনে বিচৰা ঘন ক’লা ৰেছমী চুলি পাব নোৱাৰি৷ চুলিৰ অকাল পতন  বা চুলি সৰিলে বহুতে হতাশাত ভোগে৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু দীঘল চুলিৰ স্বপ্ন পূৰণৰ বাবে এই কেইটা নিয়ম মানি চলিব লাগিব৷ 

# মসৃণ আৰু উজ্জ্বল চুলিৰ অধিকাৰী হ’বলৈ কণ্ডিচনাৰ কৰাটো অতি জৰুৰী৷ ই চুলিৰ পুষ্টি বজাই ৰাখে৷ ঘৰুৱাভাৱে ৰন্ধনশালাতে কিছু উপকৰণ লৈ তৈয়াৰ কৰিব পাৰি কণ্ডিচনাৰ মাস্ক৷ ক’লা এভোকাডো ফল [মাখন ফল], অলিভ অইল একেলগে পিহি কণ্ডিচনাৰ মাস্ক প্ৰস্তুত কৰিব পাৰি৷ ই চুলিৰ ৰুক্ষতা কমায় আৰু প্ৰাণহীন চুলিৰ আদ্ৰৰ্তা বৃদ্ধি কৰি সজীৱ কৰি তোলে৷ 

# চুলি আৰু মূৰৰ ছালৰ কাৰণে তেল অতি উপকাৰী৷ চুলিত নিয়মিত তেল মালিচ কৰিলে মনটো ফৰকাল হয়৷ চুলিত লগোৱা তেল, নিম, মেথি, মৌ মিশ্ৰণ কৰি তেল মালিচ কৰিব পাৰি৷ এনে কৰিলে চুলি ঘন আৰু জকমকীয়া হৈ উঠিব৷ 

# আমলখি, তিচি বা তিল তেল দিও চুলি মালিচ কৰিব পাৰি৷ এনে কৰিলে চুলিৰ পুষ্টি বৃদ্ধি হয়৷ 

# চুলিৰ আগ ফাটিলে নিয়মীয়াকৈ আগটো কাটি থাকিব লাগে৷  পাতল আৰু চুটি চুলিৰ ক্ষেত্ৰত চাৰিৰ পৰা ছয় সপ্তাহৰ মূৰত চুলিৰ ফটা অংশ কাটি থাকিব লাগে৷