Logo
image

মুখ্যমন্ত্ৰী বনাম প্ৰতিশ্ৰুতি

অসমৰ ৰাজনীতিত সমাগত এখন যুদ্ধ৷ প্ৰকৃতাৰ্থত যুদ্ধখন হ’ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা বনাম অসমৰ মধ্যবিত্ত পৰিয়ালৰ মাজত৷ বিগত লোকসভা নিৰ্বাচনৰ ফলাফলে এটা কথা স্পষ্ট কৰিলে যে ৰাজ্যত বৰ্তমান নাগৰিকসকল সচেতন হৈছে ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণত৷ অতীতৰ ৰাজনীতিত গুৰুত্ব পোৱা লুঙি আৰু শাড়ীৰ প্ৰভাৱ আজি অন্তৰ্ধান হৈছে নিৰ্বাচনৰ বতৰত৷ ২০১৬ চনৰ পৰাই ৰাজ্যৰ সামগ্ৰিক কল্যাণৰ বাবে ৰূপায়ণ কৰা বিনামূলীয়া চাউল, ৰেহাই মূল্যত বিদ্যুতৰ যোগান, ৰন্ধন গেছৰ যোগান, দুখীয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ আৱাস, শৌচাগাৰ, খোৱাপানী, ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া নামভৰ্তি, বিনামূল্যত কিতাপ, পোছাক, মহিলা গোটৰ ঋণ ৰেহাই ইত্যাদিয়ে প্ৰভাৱ পেলাব নোৱাৰিলে সাধাৰণ ভোটাৰৰ মাজত৷ আঁচনিৰ দ্বাৰা উপকৃত যোৰহাট, নগাঁও আৰু ধুবুৰীৰ নাগৰিকে লোৱা সিদ্ধান্তই এটা কথা প্ৰমাণ কৰিলে যে ধৰ্মৰ নামত চলা প্ৰচাৰ আৰু বিনামূলীয়া আঁচনিয়ে প্ৰভাৱান্বিত কৰিব নোৱাৰে সচেতন নাগৰিকক৷ প্ৰকৃতাৰ্থত নিৰ্বাচনৰ বতৰত অসমৰ জনগণৰ মাজত চলা প্ৰতিষ্ঠানবিৰোধী ঢৌ ৰাজনৈতিক নেতাৰ অগোচৰত চলিছিল যাৰ ভু-কে নাপালে বহু বিচক্ষণ নেতাই৷

বৰ্তমান অসমত বিনামূলীয়া চাউলৰ যোগান লাভ কৰা পৰিয়ালৰ সংখ্যা প্ৰায় আশী লাখ৷ বিনামূলীয়া শিক্ষা পাই থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা [প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ] প্ৰায় ত্ৰিছ লাখ৷ চৰকাৰী আৱাস লাভ কৰা দৰিদ্ৰ পৰিয়ালৰ সংখ্যা প্ৰায় আঠ লাখ৷ এনে এক বৃহৎসংখ্যক নাগৰিক চৰকাৰী হিতাধিকাৰীৰ তালিকাত থকাৰ পাছতো সাধাৰণ ভোটাৰে কিয় শাসকীয় দলৰ প্ৰতি অনীহা প্ৰকাশ কৰিছে? প্ৰকৃতাৰ্থত এখন গণতান্ত্ৰিক দেশত এখন চৰকাৰৰ প্ৰতি নাগৰিকৰ আস্থা সদায় একে স্থানত নাথাকে৷ অসমৰ লগতে সমগ্ৰ দেশত নিয়ন্ত্ৰণহীন হৈ পৰা বজাৰ ব্যৱস্থাই বিবুধিত পেলাইছে মধ্যবিত্ত শ্ৰেণীৰ নাগৰিকক৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হৈছে যদিও বৃদ্ধি পোৱা নাই জনসাধাৰণৰ আয়৷ জীৱন নিৰ্বাহৰ বাবে চৰকাৰৰ পৰা লাভ কৰা বিনামূলীয়া চাউলকেইটাৰ বাদে সকলো সামগ্ৰী ক্ৰয়ত সমস্যাত পৰিছে দুখীয়া নাগৰিক৷ সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু চৰকাৰৰ নিৰ্লিপ্ততাৰ হেতুকে অসমৰ নাগৰিকে এক সকীয়নি প্ৰদান কৰিলে ভোটৰ জৰিয়তে৷ আগন্তুক দিনত ৰাজ্যত মূল্যবৃদ্ধি ৰোধ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কেনে পন্থা গ্ৰহণ কৰে তাৰ ওপৰতো নিৰ্ভৰ কৰিব শাসকীয় দলটোৰ ভৱিষ্যৎ৷

অসমত বৰ্তমান নিবনুৱাৰ সংখ্যা প্ৰায় বত্ৰিছ লাখ৷ চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পোৱা প্ৰায় এক লাখ যুৱক-যুৱতীৰ বিপৰীতে থকা একত্ৰিছ লাখ শিক্ষিত নিবনুৱাৰ সংস্থাপনৰ বাবে আজিও নাই চৰকাৰী প্ৰচেষ্টা৷ এখন সুষ্ঠিৰ চৰকাৰক অস্থিৰ কৰাত বহুখিনি প্ৰভাৱ থাকে নিবনুৱাসকলৰ৷ ৰাজ্যৰ বেচৰকাৰী খণ্ডত নিবনুৱাৰ সংস্থাপনৰ বাবে প্ৰচেষ্টা ল’ব লাগিব চৰকাৰে, অন্যথা শিক্ষিত নিবনুৱাৰ কোলাহলে স্তিমিত কৰিব শাসকীয় দলৰ জয়যাত্ৰা৷

অসমত চৰকাৰী খণ্ডত কৰ্মৰত কৰ্মচাৰীসকলৰো প্ৰভাৱ থাকে চৰকাৰ সলনি কৰাত৷ ২০২১ বৰ্ষত দৰমহাৰ পুনৰ নিৰ্ধাৰণ হোৱা কৰ্মচাৰীসকল আজি মূল্যবৃদ্ধিৰ গ্ৰাসত পৰি খাইছে জ্বলাকলা৷ এফালে কঠোৰ হোৱা চৰকাৰী নীতি-নিয়ম, আনফালে সীমিত দৰমহাত পৰিয়াল চলোৱা পৰিস্থিতিয়ে অসন্তুষ্ট কৰি ৰখা চৰকাৰী কৰ্মচাৰীক সন্তুষ্ট কৰি ৰখাত প্ৰচেষ্টা চলাব লাগিব চৰকাৰে৷ নিয়মিত দৰমহা প্ৰদান, পদোন্নতি আৰু সন্মানৰ পৰিৱেশ দিব লাগিব চৰকাৰী কৰ্মচাৰীসকলক৷ অন্যথা প্ৰতিষ্ঠানবিৰোধী ঢৌ বোৱাত কৃপণালি নকৰিব চৰকাৰী কৰ্মচাৰীসকলে৷

এটা শাসকীয় দলৰ এখন চৰকাৰৰ বিৰুদ্ধে প্ৰতিষ্ঠানবিৰোধী ঢৌ কঢ়িয়াই আনে জনপ্ৰতিনিধিৰ কৰ্মকাণ্ডই৷ প্ৰতিটো মুহূৰ্ততে জনপ্ৰতিনিধিৰ ভূমিকা পৰ্যবেক্ষণ কৰা সাধাৰণ নাগৰিকে কৰা আশা আৰু সফলতাৰ পূৰ্ণ বিশ্লেষণ ঘটে বাসগৃহৰ মজিয়াত৷ অন্তহীন সমস্যা আৰু নীৰৱ জনপ্ৰতিনিধিৰ প্ৰতি বিষোদগাৰ কৰা নাগৰিকে পৰোক্ষভাৱে দুৰ্ভাবনা কঢ়িয়াই আনে শাসকীয় দলৰ বাবে৷ জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতিৰ পৰা নিলগত থাকি ব্যক্তিগত সম্পদ আহৰণত ব্ৰতী হোৱা জনপ্ৰতিনিধিসকলৰ ভূমিকাৰ পৰ্যালোচনা কৰাটো ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ বাবে হ’ব এক বৃহৎ প্ৰত্যাহ্বান৷

অসমৰ থলুৱা জাতি-জনগোষ্ঠী বুলিলে প্ৰত্যক্ষ কৰা মিচিং, কাৰ্বি, কছাৰী, বড়ো, তিৱা, কুকি, আহোম আদিৰ আছে অনেক দাবী৷ প্ৰতিটো জনগোষ্ঠীৰ ৰাজনৈতিক, অৰ্থনৈতিক সমস্যাসমূহ সমাধান কৰাটো সহজসাধ্য নহ’ব মুখ্যমন্ত্ৰী  তথা শাসকীয় দলৰ কাৰণে৷ দীৰ্ঘম্যাদী পৰিকল্পনা আৰু উচিত আলোচনাই ক্ষোভিত নাগৰিকৰ মন শান্ত কৰিব পাৰি৷ সেয়েহে অধিক সৰৱতা প্ৰকাশ কৰিব লাগিব প্ৰতিজন জনপ্ৰতিনিধিয়ে৷ সকলো সমস্যা সমাধানত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিবলৈ গ’লে বিপদত পৰিব ৰাজ্যৰ শাসনত থকা জনপ্ৰতিনিধিসকল৷ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ, নাগৰিকৰ লগত সহাৱস্থান, সংবেদনশীল নীতিয়েহে দিব পাৰে চৰকাৰৰ স্থায়িত্বতা৷